সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 20, 2022, 7:00 PM IST

TOP 10 AT 7PM

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

BJP Executive meeting : পৌৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি

ৰাজ্যিক বিজেপিৰ বিষয়-ববীয়া সভাত পৌৰ নিৰ্বাচন সন্দৰ্ভত বিশদ আলোচনা (Discussion on municipal elections) ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দাবী কৰা অনুসৰি, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত ৮০ শতাংশ ভোট বিজেপিৰ পক্ষত পৰিছে (80 per cent votes in favour of BJP at TKAC election, says Bhabesh Kalita) ৷ বিপিএফে চৰকাৰৰ পক্ষত থাকিব বিচৰাটো আদৰণীয়, যদিও ইউপিপিএলক অসন্তুষ্ট কৰি ৰাজনীতি নকৰে বিজেপিয়ে ৷

Covid cases increase in Kaliabor : মহকুমাধিপতিৰ কাৰ্যালয়ৰ 4 কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত

কলিয়াবৰত বৰ্ধিত হাৰত কৰ’ণা ৰোগীৰ সংখ্যা (covid cases increase in Kaliabor) ৷ মহকুমাধিপতিৰ কাৰ্যালয়ৰ 4 কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী দণ্ডাধীশেও আক্ৰান্ত হৈছে ভাইৰাছবিধত ৷

Life imprisonment : ১৪ বছৰীয়া গোচৰত ৭ গৰাকী দোষীক ত্ৰিপুৰা আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত ন্যায় পালে নিৰুবালা সৰকাৰৰ পৰিয়ালে । ১৪ বছৰ পূৰ্বে মৃত্যু হোৱা মহিলাগৰাকীৰ হত্যাকাৰীক আদালতৰ কঠোৰ শাস্তি । ৭ জনক যাৱজ্জীৱন কাৰাদণ্ড ত্ৰিপুৰা আদালতৰ (Tripura court sentenced life imprisonment to 7 convicts)। এতিয়াও পলাতক দুই মূল অভিযুক্ত ।

Brahmos Super Sonic Missile : নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল সম্পৰীক্ষণ সম্পূৰ্ণ

ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ এক নতুন সংস্কৰণৰ সফল পৰীক্ষণ সম্পূৰ্ণ । ওড়িশাৰ বালাচোৰৰ উপকূলৰ পাৰত কৰা হৈছিল এই পৰীক্ষা (India successfully test fires new version of Brahmos Super Sonic missile) ৷ এইবিধ ক্ষেপনাস্ত্ৰৰ পানীৰ তলত ব্যৱহাৰ কৰিব পৰা এক সংস্কৰণৰ ওপৰতো কাম চলি আছে ৷

Importance of Local Language: গুৰুত্বপূৰ্ণ দুটাকৈ স্থানৰ নাম সলনি কৰিব ত্ৰিপুৰা চৰকাৰে

স্থানীয় বা থলুৱা ভাষাৰ প্ৰচাৰত অধিক গুৰুত্ব দিছে ত্ৰিপুৰা চৰকাৰে । এইবাৰ ৰাজ্যখনৰ দুটাকৈ গুৰুত্বপূৰ্ণ স্থানৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে (Tripura govt renames two prominent spots)। স্থানীয় কোকবৰোক ভাষাত দিয়া হ'ব বিশেষ স্থানৰ নতুন নাম ।

Thengal Kachari Autonomous Council election : তিতাবৰত শান্তিপূৰ্ণ ভোটগ্ৰহণ অব্যাহত

বৃহস্পতিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ (Thengal Kachari Autonomous Council election) প্ৰক্ৰিয়া ৷ তিতাবৰৰ 10 টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মহকুমাটোৰ দহটা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 24,067 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 23,890 গৰাকী ৷ সমষ্টিকেইটাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা 47,957 গৰাকী ৷

Tripura police arrest cannabis suppliers: ত্ৰিপুৰাত ৩০ লাখ টকাৰ গাঞ্জা জব্দ

ত্ৰিপুৰাত ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । অভিযানৰ মাজতে জব্দ প্ৰায় ৩০ লাখ টকাৰ নিষিদ্ধ গাঞ্জা (Cannabis seized in Tripura)। বহি:ৰাজ্যৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি । ঘটনা সন্দৰ্ভত দুজন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Chinese soldiers abducted Arunachal youth: হটলাইন যোগে চীনা সেনাৰ লগত যোগাযোগ স্থাপন ভাৰতীয় সেনাৰ

পুনৰ অৰুণাচলৰ এজন যুৱকক চীনা সেনাই অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছে (Chinese soldiers abducted Arunachal youth)। ভাৰতৰ প্ৰতিৰক্ষা বিভাগে স্বীকাৰ কৰিছে এই কথা । প্ৰতিৰক্ষা বিভাগৰ মতে ভাৰতীয় সেনাই এই বিষয়ত চীনা সেনাৰ সৈতে যোগাযোগ স্থাপন কৰিছে ।

অসম মীন উন্নয়ন নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী !

অসম মীন উন্নয়ন নিগমৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল (Alleged financial scam in Assam fisheries development corporation ) ৷ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে ।

Bioprospecting Plant Microbiome: অসম কৃষি বিশ্ববিদ্যালয়ত নতুন বিষয়ৰ সংক্ষিপ্ত পাঠ্যক্ৰম

১০ দিনীয়াকৈ এক নতুন বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে (ICAR sponsored short course started in AAU)। 'অনুজীৱৰ সমৃদ্ধিকৰণ জৈৱিক কৃষি প্ৰযুক্তিৰ বাবে এক নতুনত্ব' শীৰ্ষক এক সংক্ষিপ্ত পাঠ্যক্ৰমৰ বুধবাৰে আৰম্ভণি হৈছে (Bioprospecting Plant Microbiome – a Novelty to Plant Health Management in Organic Production System) । আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি আয়ুক্ত ড° এছ কে মালহোত্ৰা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.