7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 1, 2022, 7:08 PM IST

7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ

CM meets journalists: বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰীৰ "নতুন দিনৰ আলাপ"

2022 বৰ্ষৰ পহিলা দিনটোতে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সকলৰ সৈতে এক বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma interactes with Editors and senior journalists) ৷ কইনাধৰা পাহাৰৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত "নতুন দিনৰ আলাপ" শীৰ্ষক এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ বাবে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সাংবিধানিক পদবী সমূহৰ বাহিৰে বাকী সকলে PSO ব্যৱহাৰ কৰা সন্দৰ্ভত অসম কেবিনেটে গ্ৰহণ কৰিছে কেইবাটাও সিদ্ধান্ত (Assam cabinet decision on PSO ) ৷ PSO ৰ নামত অসম চৰকাৰৰ ব্যয় হৈ আহিছে প্ৰায় চাৰিশ কোটি টকা ।

বছৰৰ প্ৰথম দিনটোতে পাঠশালাত অচ্যুত লহকৰ-ৰতন লহকৰৰ প্ৰতিমূৰ্তি উন্মোচন

নৱবৰ্ষৰ পহিলা দিনটোতে উন্মোচিত কৰা হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ জনকৰ প্ৰতিমূৰ্তি ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ আৰু আধুনিক ভ্ৰাম্যমাণৰ খনিকৰ ৰতন লহকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে (Statue of Achyut Lahkar and Ratan Lahkar unveiled in pathshala) ৷

কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু ঔপন্যাসিক ৰাস্না পালকলৈ নতুন সুৰ প্ৰকাশন পৰিষদৰ বঁটা

নতুন সুৰ প্ৰকাশন পৰিষদে কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ ‘সাহিত্যজ্যোতি’ বঁটা আৰু ঔপন্যাসিক ৰাস্না পালকলৈ ‘কথা-বৈভৱ’ বঁটা আগবঢ়ায় (Natun Sur Prakashan Parisad Award) ৷ 2022 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত এই দুয়োগৰাকী বিশিষ্ট সাহিত্যিকক বঁটা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

বছৰৰ অন্তিমটো দিনত শোণিতপুৰ জিলা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা

সুৰাপায়ী চালকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ বাবে শুকুৰবাৰে ৰাজপথত নামিল মুখ্যমন্ত্ৰী (CM Himanta on street ensuring road safety) ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যজুৰি পথ সুুৰক্ষাৰ বাবে চলিল অভিযান ৷ শোণিতপুৰত পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা ( Sonitpur district transport department's success) ৷ কমিল সুৰাপায়ী চালকৰ সংখ্যা , নহ’ল এটাও দুৰ্ঘটনা ৷

নৱবৰ্ষৰ পুৱাই লখিমপুৰত দৰিদ্ৰ লোকক শীতৰ বস্ত্ৰ বিতৰণ

2022 বৰ্ষৰ প্ৰথমটো দিনতেই হাতে-হাতে বস্ত্ৰলৈ পদপথলৈ উলাই আহিল লখিমপুৰত একাংশ হৃদয়ৱান লোক ৷ উদ্দেশ্য পদপথত বসবাস কৰা লোকসকলস সামান্য সকাহ দিয়া(Cloth distribution at lakhimpur) ৷

ATM service charges increase: ATM ব্যৱহাৰকাৰীৰ বাবে বছৰৰ পহিলা দিনটোতে বেয়া খবৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম অনুসৰি, নিৰ্ধাৰিত সীমাৰ পাছত গ্ৰাহকসকলে এটিএম লেনদেনৰ ওপৰত অধিক মাচুল পৰিশোধ কৰিব লাগিব (ATM service charges increase)। পূৰ্বে নিৰ্ধাৰিত সীমাৰ পিছত বেংকবোৰে প্ৰতিটো লেনদেনত ২০ টকা পৰিশোধ কৰিব লগা হৈছিল । এতিয়া ২১ টকা পৰিশোধ কৰিব লাগিব ।

Nagaon Police against drink and drive : নগাঁৱত সুৰাসক্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীক ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগৰ লগতে আৰক্ষী (Assam police become strict against law breakers) ৷ বাদ পৰি ৰোৱা নাই নগাঁও আৰক্ষী ৷

বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰত

প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ অভিনৱ প্ৰয়াস ৷ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰ মহাবিদ্যালয় আৰু উইণ্ড ব্ৰেকাৰ চাইকেল ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এক চাইকেল ৰেলী(Awareness campaign for wildlife conservation) ৷

ৰাজ্যত সুখ শান্তি কামনাৰে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালে বিধায়ক প্ৰশান্ত ফুকনে

ৰাজ্যবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই অসমক ভাৰতবৰ্ষৰ ভিতৰত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ পণ ল'লে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (New year resolution of Prasanta Phukan) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.