7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 2, 2022, 7:02 PM IST

TOP 10 AT 7 PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ পদত্যাগ

বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙে পদত্যাগ কৰিছে (Bihar Agriculture Minister resigns)। সুধাকৰৰ পিতৃ তথা আৰজেডিৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে নিশ্চিত কৰিছে যে কৃষি মন্ত্ৰীয়ে কৃষকসকলৰ বাবে মাত মাতি আহিছে । আগন্তুক দিনটো মাত মাতি যাব ।

সুৰাৰ ৰাগীত মাতাল আৰক্ষী: বিনা কাৰণত ই-ৰিক্সা চালকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

যোৱা কালি আৰক্ষী দিৱস কাৰণে অলপ মদ খালো কিন্তু নিচা এতিয়াও লাগি আছে । কিয় মাৰিলো মই নিজে নাজানো ৷" কৰ্তব্যৰত সময়তে সুৰাৰ ৰাগীত ঢলং-পলং গৃহৰক্ষী জোৱানৰ টুলুঙা মন্তব্য ৷

কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীয়ে কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি মহান নেতাগৰাকীক স্মৰণ কৰে (Rahul Gandhi pays tribute to Mahatma Gandhi)। বদনাৱালু গাঁৱৰ খাদী গ্ৰামোদ্যোগ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে ।

72 ঘণ্টাৰ পিছত উদ্ধাৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

ধুবুৰীৰ নাও দুৰ্ঘটনাৰ (Dhubri Boat accident) 72 ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু নিলগতে উদ্ধাৰ হয় চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ (Circle officer Sanju Das body found) ৷

যোৰহাটত দশম শ্ৰেণীৰ ছাত্ৰই নিজে প্ৰতিমা সাজি পাতিলে পূজা

যোৰহাটৰ এখন ব্যতিক্ৰমী পূজাস্থলীয়ে মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলো ৷ দক্ষিণ সবাইবন্ধাৰ ৰিতুৰাজ দাস নামৰ দশম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই নিজেই মা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি ঘৰতে পূজা-অৰ্চনা কৰিছে (Class 10 student makes idols on their own) ৷

গ্ৰন্থ বিচাৰি টীয়কৰ ৰাজপথত শিক্ষাৰ্থীৰ সমদল

আমি প্ৰায়ে ৰাজপথত প্ৰতিবাদী সমদল, সাংস্কৃতিক শোভাযাত্ৰা, ৰাজনৈতিক সমদল দেখিবলৈ পাওঁ যদিও টীয়কত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ এখন প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ শাৰদীয় দুৰ্গোৎসৱৰ এই উলাহ-উছাহৰ সময়ত টীয়কৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল গ্ৰন্থ বিচাৰি শিক্ষাৰ্থীৰ সমদল (Book rally in Teok) ৷

ফুটবল খেলত মাৰপিট, ১২৯ গৰাকীৰ মৃত্যু

ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশৰ ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । ফুটবল খেলৰ অন্তত হোৱা প্ৰচণ্ড উত্তেজনাময় পৰিৱেশৰ মাজত ১২৯ গৰাকী লোকৰ মৃত্যু (129 football fans died)। বহু দৰ্শকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী মণ্ডপত উদযাপন গান্ধী জয়ন্তী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত উদযাপন কৰা হয় জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী (Gandhi Jayanti celebrate in Guwahati) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী অশোক সিংঘাল, মেয়ৰ মৃগেণ শৰণীয়াৰ লগতে কেবাগৰাকীও চৰাকী বিষয়া কৰ্মচাৰী ৷

নিৰুদ্দিষ্ট পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱত যোৱা 25 ছেপ্টেম্বৰ তাৰিখে মানিকজান নামৰ এগৰাকী 54 বছৰীয়া মহিলাই ঘৰৰ সা-সম্পত্তি লৈ পলায় যায় (Wife missing case in Barpeta) ৷ যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক দেখা পাই তেন্তে 7604858327 নম্বৰত নাইবা ওচৰতে থকা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

শিশু পৰ্ণগ্ৰাফীক লৈ বিতৰ্কৰ সন্মুখীন টুইটাৰ: নিষিদ্ধ কৰিলে ৫৭ হাজাৰতকৈও অধিক একাউণ্ট

ভাৰতত নিজৰ প্লেটফৰ্মত শিশু পৰ্ণগ্ৰাফী প্ৰচাৰক লৈ ব্যাপক বিতৰ্কৰ সন্মুখীন হোৱা টুইটাৰে ২৬ জুলাইৰ পৰা ২৫ আগষ্টৰ ভিতৰত দেশত ৫৭,৬৪৩টা একাউণ্ট নিষিদ্ধ কৰিছে । টুইটাৰে কয় যে, দেশত শিশু যৌন নিৰ্যাতন, অসন্মতিহীন নগ্নতা আৰু আনুষাংগিক বিষয়বস্তুৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.