সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 27, 2022, 7:04 PM IST

TOP 10 AT 7 PM

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

মাজুলীত ভৰা লুইতৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

পুনৰ নিমাতী কমলাবাৰী ফেৰীত অঘটন ৷ ভৰা লুইতৰ বুকুত আৱদ্ধ এখন যাত্ৰীবাহী ফেৰী (ferry with passenger stuck in Brahmaputra ) ৷

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা । ৰাজগড়স্থিত EDৰ কাৰ্যলয়ত জেৰা মেচক (ED interrogates Prithviraj Narayan Dev)।

কংগ্ৰেছতে থাকিব প্ৰাঞ্জল ঘাটোৱাৰ : জাকিৰ হুছেইন শিকদাৰ

বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰৰ (Jakir Hussain Sikdar slams BJP)। অসমত কংগ্ৰেছ শূন্য হ'ব বুলি দাবী কৰি অহা বিজেপিক এইবাৰ উভতি ধৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ।

Kashmir wedding destination : আপোনাৰ আকাংক্ষিত বিবাহস্থলী হ’ব পাৰে কাশ্মীৰ

আপুনি বাৰু আপোনাৰ বিয়াখন কাশ্মীৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পাতিব বিচাৰিছে নেকি ? তেনেহ'লে আপোনাৰ বাবে এক সুখবৰ । কাশ্মীৰক বিবাহস্থলী হিচাপে ৰূপান্তৰিত কৰা হ'ব (Kashmir being promoted as wedding destination)। বিবাহ অনুষ্ঠানৰ বাবে অধিক উপযোগী কৰা হ'ব অঞ্চলটোৰ বিভিন্ন স্থান ।

বৰমাত হাতেৰে স্পৰ্শ কৰিব পৰাকৈ ওলমি ৰৈছে বিদ্যুৎ পৰিবাহী তাঁৰ : শংকিত ৰাইজ

বৰমাত বিদ্যুৎ উপসংমণ্ডলৰ চৰম গাফিলতি (Extreme negligence in Barma Electricity Sub Division) ৷ বিপদসংকুল অৱস্থাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ৷ ক্ষোভিত স্থানীয় ৰাইজ ৷

সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক : পুনৰ নিম্নগামী কেঁচা চাহপাতৰ মূল্য

বহু অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কে ২ টকা লোকচানত পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে । বাগিচাৰ ফেক্টৰীৰ তুলনাত বটলিফ ফেক্টৰীত অস্বাভাৱিক গতিত পাতৰ দাম নিম্নগামী হৈছে (small tea growers of Assam in crisis) । বটলিফ ফেক্টৰীয়ে ধাৰ্য কৰা মূল্যতে পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ক্ষুদ্ৰ খেতিয়কসকল । ভাৰতীয় চাহ বোৰ্ডৰ লগতে জিলা নিৰীক্ষণ কমিটীসমূহ কঠোৰ নোহোৱাত সুযোগ লৈছে বটলিফ ফেক্টৰীসমূহে ।

ছোনিয়াৰ কঠোৰ স্থিতিত নেগুৰ পেলালে গেহলট শিবিৰে !

"কংগ্ৰেছ সভাপতিৰ কঠোৰ স্থিতিয়ে ফলাফল দেখুৱাইছে । বিদ্ৰোহী বিধায়কসকলে সেও মানিছে । তেওঁলোকৰ বহুতে এআইচিচিৰ নিৰ্দেশ মানিবলৈ ইচ্ছুক । যি কি নহওক, তেওঁলোক দলৰ বিধায়ক ।" নাম প্ৰকাশ নকৰাৰ চৰ্তত ৰাজস্থান সংকট নিয়ন্ত্ৰণৰ সৈতে জড়িত এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে এনেদৰে কয় (AICC functionary managing Rajasthan crisis) ।

জন্মদিনৰ পূৰ্বে উপহাৰ স্বৰূপ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ আগবঢ়োৱা হ'ব দাদাচাহেব ফাল্কে বঁটা

চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ সন্মানেৰে সন্মানিত হ’ব বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক। আশা পাৰিখক এইবাৰৰ দাদাচাহেব ফালকে বঁটা ২০২২ৰে সন্মানিত কৰা হ’ব । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই বঁটা ঘোষণা কৰে । ৩০ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা । আশা পাৰেখ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী প্ৰযোজক আৰু পৰিচালক হৈ আহিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰেও তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰিছে।

ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী: কণাযুক্ত পদাৰ্থৰ মাত্ৰা 40% পৰ্যন্ত হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ

পিএম ২.৫ ৰ বাবে গ্ৰহণযোগ্য বাৰ্ষিক মানদণ্ড হৈছে প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম । পিএম ২.৫ হৈছে কোমলকৈ উশাহ ল’ব পৰা কণা, যাৰ ব্যাস সাধাৰণতে ২.৫ মাইক্ৰ’মিটাৰ অথবা তাতোকৈ সৰু আৰু ই স্বাস্থ্যৰ বাবে বিপদজনক (PM2.5 greatest risk to health) ।

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত তলাবন্ধ কৰি দিয়াটো লজ্জাজনক : যেছে দৰজে ঠংছি

পাটবাউসী সত্ৰ দৰ্শন অৰুণাচলৰ বিশিষ্ট অসমীয়া সাহিত্যিক য়েছে দৰজে ঠংচিৰ (Yeshe Dorjee Thongchi visit Patbausi Satra) । শ্ৰীমন্ত শংকৰ গুৰুজনাই উজনি ত্যাগ কৰি বৰপেটালৈ আহি পাটবাউসীত সত্ৰ পাতি ১৮ বছৰ ৬ মাহ কাল বাস কৰা পাটবাউসী সত্ৰত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি উপস্থিত হৈ সত্ৰখনত সেৱা জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.