5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 2, 2022, 5:17 PM IST

TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

জম্মু কাশ্মীৰত এনকাউণ্টাৰত লস্কৰ ই তৈবাৰ এটা সন্ত্ৰাসবাদী নিহত : এজন আৰক্ষী জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলা দেওবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হয় (One militant killed in encounter)৷ এই গুলীয়াগুলীৰ ঘটনাত এটা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে (Encounter in Shopian) ৷ পুলৱামাত শ্বহীদ এজন আৰক্ষী জোৱান ৷


অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

ধুবুৰীৰ নাও দুৰ্ঘটনাৰ 72 ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ (Circle officer Sanju Das body found) ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু নিলগতে উদ্ধাৰ চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ ৷

পুনৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ফেৰী

২০২১ চনৰ ৮ ছেপ্টেম্বৰৰ পুনৰাবৃত্তি হোৱাৰ পৰা কোনো মতে ৰক্ষা পৰিল এখন ফেৰী । অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলতে বহি যায় ফেৰীৰ এটা অংশ । যাৰ বাবে মাজুলীত যাত্ৰীসহ নৈত আৱদ্ধ হৈ থাকে ফেৰীখন (Ferry with passengers stranded in Majuli)। সুৰক্ষিতভাৱে উদ্ধাৰ যাত্ৰীসকলক ।

মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

ৰাজ্যজুৰি দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ (Durga Puja celebration)। দুৰ্গোৎসৱৰ পাৰভঙা উচাহৰ মাজতে দেওবাৰৰ নিশা ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ (IND vs SA T20 match in Guwahati)। দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত আৰক্ষী-প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । মহানগৰীৰ বাট-পথত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত ।

National Games 2022: তিনিটা সোণসহ অসমৰ সাতটা পদক জয়

গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে তিনিটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ সাতটা পদক লাভ কৰিবলৈ সক্ষম হৈছে (Assam won 7 gold Medals at National Games) ৷

গান্ধী জয়ন্তী উপলক্ষে চন্দ্ৰপুৰত মাৰাথন প্ৰতিযোগিতা

আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী (154th Birth Anniversary of Mahatma Gandhi)। সমগ্ৰ দেশে দেওবাৰে শ্ৰদ্ধাৰে সোঁৱৰিছে জাতিৰ পিতাক । গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত অনুষ্ঠিত হয় মাৰাথন দৌৰ প্ৰতিযোগিতা (Marathon competition at Chandrapur)

ইণ্ডিগ’ বিমানত বোমাতংক: মুম্বাই বিমানবন্দৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতি

মুম্বাই বিমানবন্দৰত বোমাতংক (Bomb scare at Mumbai airport)। এখন ইণ্ডিগ' বিমানত বোমা থকা বুলি ই-মেইল লাভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই । নিৰাপত্তা সংস্থাসমূহক লগে লগে সতৰ্ক কৰি দিয়া হয় ।

বৰমাৰ সমাজসেৱক পংকজ ৰাভাৰ অংগ দান

মানৱদেহ এটি অতি মূল্যৱান সম্পদ । ইয়াক কেৱল পৰম্পৰা অনুসৰি দাহ কৰি অথবা সমাধিস্থ কৰি নষ্ট কৰা অনুচিত । গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বৰমাৰ সমাজসেৱক পংকজ ৰাভাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁৰ দেহদান পত্ৰত স্বাক্ষৰ কৰে ।

আইমী বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

'ছেমখৰ'ক লৈ অন্ত পৰা নাই বিতৰ্কৰ (Semkhor film controversy) ৷ 'ছেমখৰ' ছবিখনত অভিনীত এটি নৱজাতকৰ দৃশ্যগ্ৰহণত অংশ লোৱাৰ 5 দিন পাছতে মৃত্যু হোৱাৰ খবৰ প্ৰায় দুবছৰৰ পাছত পোহৰলৈ অহাৰ পাছতে এতিয়া ৰাজ্যখনৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে(Controversy over Semkhor film) ৷ শেহতীয়াকৈ বিষয়টো সন্দৰ্ভত সৰৱ হোৱা পৰিলক্ষিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি(Krishak mukti sangram samitee)৷ বিষয়টো সম্পৰ্কত ন্যায় দাবীৰে আজি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত আবেদন জনায় কৃষক মুক্তিয়ে(Assam State Child Rights Protection Commission) ।

নলবাৰী ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

নলবাৰীৰ হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হ’ব 89 তম ৰাস মহোৎসৱ (89th Nalbari Raas Mahotsav) ৷ ৰাস উদযাপনক কেন্দ্ৰ কৰি প্ৰতিবছৰে উখল-মাখল হয় নলবাৰীৰ বুকু ৷ শ্ৰী শ্ৰী হৰিমন্দিৰতো 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ পালন কৰা হ’ব ৰাস মহোৎসৱ (Nalbari Raas Mahotsav to be held on 7 November) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.