5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 1, 2022, 5:14 PM IST

TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

National Games 2022 : গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন অম্লান বৰগোহাঁ‌ইৰ

গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন কৰিলে অম্লান বৰগোহাঁ‌ইয়ে (Amlan Borgohain wins gold medal at National Games) ৷ 10.38 ছেকেণ্ডত 100 মিটাৰ দৌৰ সম্পন্ন কৰিলে অম্লানে ৷ আনহাতে, ল’ন বলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা নয়নমণি শইকীয়াই ৷

প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

দেশত আৰম্ভ হ'ল 5G সেৱা (5G starts in India)। শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰে এই সেৱা । প্ৰগতি ময়দানত আয়োজিত ষষ্ঠ ভাৰত মোবাইল কংগ্ৰেছ প্ৰদৰ্শনী পৰিদৰ্শনো কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Congress president polls : ৰাজ্যসভাৰ বিৰোধী দলপতিৰ পদত্যাগ মল্লিকাৰ্জুন খাৰ্গেৰ

অশোক গেহলট প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ লগে লগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সভাপতি পদৰ বাবে নতুনকৈ দাবীদাৰ হৈ উঠিছে (Congress prez candidate Mallikarjun Kharge) । শুকুৰবাৰে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন-পত্ৰ দাখিল কৰাৰ পিছত তেওঁ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা পদৰ পৰা পদত্যাগ কৰে । নিৰ্বাচনৰ পিছত ছোনিয়া গান্ধীয়ে সংসদত তেওঁৰ সলনি নতুন নেতা বাছনি কৰিব (Mallikarjun Kharge resigns as LoP Rajya Sabha) ।

দিল্লীত বন্ধুৰ দ্বাৰা যৌন নিৰ্যাতৰ বলি ১০ বছৰীয়া কিশোৰ

দিল্লীৰ চিলামপুৰ অঞ্চলত তিনিজন ল'ৰাৰ যৌন নিৰ্যাতনৰ বলি এটি দহবছৰীয়া কিশোৰ(10-year-old boy sexually assaulted by friend) । নিৰ্যাতিত কিশোৰটিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Death of the abused child) ।

আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ

আইমী বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুটাকৈ গুৰুতৰ অভিযোগ ৷ স্বাৰ্থসিদ্ধিৰ বাবে তিনিমহীয়া শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে (Allegation against Aimee Baruah) ৷ ইয়াৰোপৰি ডিমাচা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰী তথা মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে ৷

ক্ষুদ্ৰ চাহ খেতিয়কৰে উদ্যোগ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে চাহৰ মূল্য(Tea prices are steadily falling in Assam) । নিম্নগামী চাহৰ মূল্যক লৈ উদ্বিগ্ন হৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল । চাহৰ মূল্য নিৰ্ধাৰণৰ বাবে চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনোৱাৰ পিছতে শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰী সকলৰ সৈতে আলোচনাত বহিল ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা(Industries Minister with Small Tea Growers) ।

যোৰহাটত লালকিল্লাৰ আৰ্হিত পুজা মণ্ডপ

শৰৎ ঋতুৰ আগমনে ধাৰালৈ আনিছে আনন্দৰ বন্যা (Durga Puja at Jorhat) ৷ দুৱৰিৰ দলিচাত শেৱালিৰ কোমল ৰঙা কলিটিয়ে বতৰা দিছে শৰৎ অহাৰ । শৰতৰ এই সুন্দৰ পৰিৱেশত আনন্দত আত্মহাৰা সকলো ৷ ধৰালৈ আহিছে মা দুর্গা ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাটতো শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈছে আকাশ-বতাহ ৷

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ (Protest at Sivasagar municipality office) ৷ শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন পৌৰনেত্ৰী । দূৰ্গা পুজা (Durga Puja 2022) উপলক্ষে অস্থায়ী দোকানসমূহৰ পৰা কৰ সংগ্ৰহ কৰাৰ নিবিদাত হোৱা অনিয়মৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

গোৱালপাৰা পৌৰসভাত কোটিটকীয়া বিত্তীয় কেলেংকাৰী

গোৱালপাৰা পৌৰসভাত কোটিটকীয়া বিত্তীয় কেলেংকাৰী । কাম আৰম্ভ নকৰাকৈয়ে পঞ্চদশ বিত্তীয় আয়োগৰ ৮০ শতাংশ ধন সৰকালে পৌৰপতিসহ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে (Corruption in Goalpara Municipality Board)।

কলগাছিয়াত ভয়ংকৰ খহনীয়া: চকুৰ সন্মুখতে খহিছে এটাৰ পাছত আনটো গৃহ, নিৰ্বিকাৰ ৰাইজ

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলাত বিগত দুটা বছৰ ধৰি অব্যাহত আছে বেকী, ব্ৰহ্মপুত্ৰ আৰু আই নদীৰ ভয়ংকৰ খহনীয়া (Beki River Erosion)। চকুৰ সন্মুখতে খহি গৈছে এটি পকী গৃহ । কেৱল ইমানেই নহয় খহনীয়াত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি ৷ যাৰ ফলত অনিদ্ৰা-অনাহাৰে জীৱন কটাব লগা হৈছে খহনীয়াগ্ৰস্ত ৰাইজে । খহনীয়াৰ কৱলত পৰি দিশহাৰা নৈ পৰীয়া ৰাইজে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.