5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 27, 2022, 5:06 PM IST

TOP 10 AT 5 PM

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক : পুনৰ নিম্নগামী কেঁচা চাহপাতৰ মূল্য

বহু অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কে ২ টকা লোকচানত পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে । বাগিচাৰ ফেক্টৰীৰ তুলনাত বটলিফ ফেক্টৰীত অস্বাভাৱিক গতিত পাতৰ দাম নিম্নগামী হৈছে (small tea growers of Assam in crisis) । বটলিফ ফেক্টৰীয়ে ধাৰ্য কৰা মূল্যতে পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ক্ষুদ্ৰ খেতিয়কসকল । ভাৰতীয় চাহ বোৰ্ডৰ লগতে জিলা নিৰীক্ষণ কমিটীসমূহ কঠোৰ নোহোৱাত সুযোগ লৈছে বটলিফ ফেক্টৰীসমূহে ।

পূজাৰ পিচতেই অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা

অসম ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP President J P Nadda) ৷ এক দলীয় সভাত অংশগ্ৰহণ কৰিব নেতা দুগৰাকী ৷ আনহাতে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগতো মিলিত হ’ব গৃহমন্ত্ৰীগৰাকী ৷

কমলপুৰত নিৰ্মাণ 70 ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি

সমাগত দুৰ্গা পূজা (Durga Puja 2022) । ৰাজ্যৰ চৌদিশে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । ঠায়ে ঠায়ে সাজি উলিয়াইছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপো । কোনো কোনো ঠাইত দশমীৰ নিশা ৰাৱণ দাহক লৈ চলিছে প্ৰস্তুতি ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত ব্যাপক প্ৰতিবাদ । ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি-চোঁচৰাই আটক কৰি নিয়ে লতাশিল থানালৈ । ইয়াৰ পাছতে চচলত পুনৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বৃহৎ নদীবান্ধৰ বিৰোধীতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ (Demanding demolition of Namoni Subansiri hydropower project) ।

লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব'

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কৰে এক বিশাল এয়াৰ শ্ব' (Mega Air show at Lachit ghat in Guwahati) । ৯জনীয়া এৰোবেটিক দলটোৰ ৩ নম্বৰৰ বিমানত থাকে অসম পুত্ৰ উইং কামাণ্ডাৰ ৰূপম বৰদলৈ ৷

কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

কলিয়াবৰত এটাৰ পাছত আনটো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা । নতুন ডাঙ্গাত গাঁওৰক্ষী বাহিনীৰ এজন সদস্যক ডিঙি ৰেপি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ (Attempt to murder case in Kaliabor)। সোমবাৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল বাগৰিত ।

লখিমপুৰত নদীবান্ধ বিৰোধী আন্দোলনে লৈছে তীব্ৰ ৰূপ

পুনৰ জ্বলিছে লখিমপুৰ (protest against NHPC in Lakhimpur) ৷ মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰে লখিমপুৰ চহৰ (AJYCP protest against NHPC) ৷ চহৰৰ মাজত ছাত্ৰ সন্থাই NHPCৰ পুত্তলিকা দাহ কৰি প্ৰকল্পটো বন্ধ কৰাৰ দাবী জনায় ৷

নুমলীগড় শোধনাগাৰৰ অস্থায়ী খালাছী শ্ৰমিকৰ প্ৰতিবাদ

নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলৰ অস্থায়ী খালাছী শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ (Temporary workers protest at Numaligarh) সাব্য়স্ত কৰে । দীৰ্ঘদিনৰ পৰা মাৰ্কেটিং টাৰ্মিনেল (Temporary Khalachi of Marketing Terminal of Numaligarh Refinery) অস্থায়ী শ্ৰমিক হিচাপে শ্ৰম কৰি অহা শ্ৰমিকসকলক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই সংগোপনে স্থায়ী নিযুক্তিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

চাহ জনজাতিৰ সকলো লোকে নাপাব জনজাতিৰ মৰ্যাদা: সঞ্জয় কিষাণ

মাজুলীত মঙলবাৰে অনুষ্ঠিত হৈছে বিজেপিৰ দলীয় কাৰ্যসূচী (BJP Party meeting in Majuli)। কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় কিষাণ আৰু স্থানীয় বিধায়ক উপস্থিত । জনজাতিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ ।

ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী: কণাযুক্ত পদাৰ্থৰ মাত্ৰা 40% পৰ্যন্ত হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ

পিএম ২.৫ ৰ বাবে গ্ৰহণযোগ্য বাৰ্ষিক মানদণ্ড হৈছে প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম । পিএম ২.৫ হৈছে কোমলকৈ উশাহ ল’ব পৰা কণা, যাৰ ব্যাস সাধাৰণতে ২.৫ মাইক্ৰ’মিটাৰ অথবা তাতোকৈ সৰু আৰু ই স্বাস্থ্যৰ বাবে বিপদজনক (PM2.5 greatest risk to health) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.