3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 8, 2022, 3:01 PM IST

3 বজাৰ সংবাদ শীৰ্ষ

3 বজাৰ সংবাদ শীৰ্ষ

Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

বুল্লী বাই এপ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে (Delhi Police investigates Bulli Bai case) । অভিযুক্ত নীৰজ বিষ্ণৈক গ্ৰেপ্তাৰৰ পাছতে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে । বিষ্ণৈয়ে সুকীয়া পৰিচয় আৰু জনপ্ৰিয় হোৱাৰ স্বাৰ্থত এপটো ব্যৱহাৰ কৰিছিল ।

Guwahati Smart City Project : দুবছৰ ধৰি বিকল গুৱাহাটীৰ ৱাটাৰ ATM

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ ফোঁপোলা স্বৰূপ ৷ ৰাজ্য চৰকাৰ তথা গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড (Guwahati Smart City Limited) ৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ বিভিন্ন ঠাইত স্থাপন কৰা ৱাটাৰ এটিএম (Water ATM in Guwahati) সম্প্ৰতি ভালুকৰ সাঙীত পৰিণত হৈছে ৷

Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

ওড়িশাত কৰ’ণাৰ সংক্ৰমণ (Corona cases increase in Odissa) অব্যাহত ৷ ক’ভিড 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে পুৰীৰ জগন্নাথ মন্দিৰ ৷

Drugs dealer arrested at Nagaon : জুকাটিবাসীক কি আহ্বান জনালে আনন্দ মিশ্ৰই ?

শুকুৰবাৰে নিশা হয়বৰগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে যৌথভাৱে জুকাটি বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ (Drugs Seized at Nagaon) লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs dealer arrested at Nagaon) ৷ এই ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ পিছতেই জুকাটিবাসীক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

Covid vaccination for teens : হোজাইত কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান

সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো পূৰ্ণগতিত চলিছে 15 ৰ পৰা 18 বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান (Covid Vaccination for teenagers at Hojai) ৷ জিলা খনৰ 302 খন বিদ্যালয়ৰ প্ৰায় 30 হেজাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব এই ক'ভিড প্ৰতিষেধক ।

Minor girl rescue in kolkata : কলকাতাত উদ্ধাৰ বৰপেটাৰোডৰ সন্ধানহীন কিশোৰী

বিগত বৰ্ষৰ শেষৰফালে বৰপেটাৰোডৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী ৷ নিৰুদ্দিষ্ট কিশোৰীগৰাকীক এজনী যুৱতীৰ সৈতে কলকাতাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ শুকুৰবাৰে বৰপেটাৰোড আৰক্ষীৰ এটি দলে কিশোৰীগৰাকীক কলকাতাৰ পৰা উদ্ধাৰ কৰে (Barpeta Road Police rescue a minor girl in Kolkata) ৷

Akhil Gogoi on New Covid SOP : মাঘ বিহু উদযাপনক লৈ দিয়া বাধাৰ বিৰোধিতা অখিল গগৈৰ

ৰাজ্যত অ’মিক্ৰণৰ সংক্ৰমণ (Covid cases increase in Assam) ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ইতিমধ্যে প্ৰতিৰক্ষামূলক ব্যৱস্থা হাতত লৈছে । শুকুৰবাৰে চৰকাৰে ঘোষণা কৰা নতুন নিৰ্দেশনা অনুসৰি অসমীয়াৰ হিয়াৰ আমঠু মাঘ বিহু উদযাপনত কিছু বাধা-নিষেধ আৰোপ কৰা হৈছে ।

No social distance in Kaliabar market : কলিয়াবৰৰ বজাৰত নাই কৰ’ণা !

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ কিন্তু এতিয়াও সজাগ আৰু সচেতন হোৱা নাই সাধাৰণ ৰাইজ । ৰাইজৰ মুখত নাই মাস্ক, পালন কৰা নাই সামাজিক দূৰত্ব ৷ কলিয়াবৰৰ বজাৰত পৰিলক্ষিত হৈছে (No social distance in Kaliabar market) এই দৃশ্য ৷

সহজভাৱে ন’লব অ’মিক্ৰণক : বিশেষজ্ঞ

কেইবাটাও অধ্যয়নে অ’মিক্ৰণক কম আক্ৰামণাত্মক হিচাপে প্ৰকাশ কৰিছে ৷ তথাপিও কিন্তু অতি সহজেই সংক্ৰমিত এই ৰোগ দীৰ্ঘম্যাদী ক’ভিড-19 ত আক্ৰান্তৰ কাৰক ন’হব বুলি কোনো নিৰ্ভৰযোগ্য তথ্য নাই ৷ বিশেষজ্ঞসকলে নিজেই এই কথা স্বীকাৰ কৰিছে ৷

ইউএছ ফেডৰ বৃদ্ধিৰ পিছত বিটকইনত হ্ৰাস সুদৰ হাৰ

পুনৰ হ্ৰাস পালে বিটকইনৰ সুদৰ হাৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ এখন বৈঠকৰ পাচতে বিটকইনৰ সুদৰ হাৰ বিগত তিনি মাহৰ তুলনাত যথেষ্ট হ্ৰাস পায় (Bitcoin drops to 3 month low after US Fed signals interest rate) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.