3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 4, 2022, 3:06 PM IST

3 বজাৰ সংবাদ শীৰ্ষ

3 বজাৰ সংবাদ শীৰ্ষ

Covid 19 increases in India : 8-16 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়

বিগত দুটাকৈ বৰ্ষৰ কৰ’ণা বিভীষিকাৰ পিছত পুনৰ চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড 19 ৰ সংক্ৰমণ (Covid 19 increases in India) ৷ কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সেই অনুসৰি, 8-16 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয় (Schools closed in Telangana) ৷

৫-১৮ জানুৱাৰীলৈ ডিফুত পঞ্চম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজন পঞ্চম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা (Fifth Gold Cup Football Tournament) ৷ তিনি লাখ টকাৰে পুৰস্কৃত কৰা হ’ব চেম্পিয়ন, প্ৰথম আৰু দ্বিতীয় ৰাণাৰ্চ আপ দলক ৷

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিজেপি নেতা মনোজ তিৱাৰী কৰ'ণাত আক্ৰান্ত

টুইটযোগ্য দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ (AAP) সভাপতি কেজৰিৱালে জনাইছে যে তেওঁৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে (Arvind Kejriwal tests positive for COVID-19) । বিজেপি নেতা মনোজ তিৱাৰীও আক্ৰান্ত হৈছে কৰ'ণাত । দেশত ক'ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৩,৪৮,০৮,৮৮৬ গৰাকীলৈ বৃদ্ধি হৈছে ।

নৌ সেনাৰ ভাইচ এডমিৰেল এছ এইচ শৰ্মাৰ মৃত্যু

১০০ বছৰ বয়সত ভুৱনেশ্বৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় প্ৰবীণ নৌ সেনাৰ বিষয়াগৰাকীৰ (Veteran Vice Admiral S H Sarma died) । ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত শৰ্মা ইষ্টাৰ্ণ ফ্লীট কমাণ্ডৰ ফ্লেগ অফিচাৰ আছিল । মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ শোক প্ৰকাশ ।

গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত ৰঙিয়াত চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতামূলক অনুষ্ঠান

সোমবাৰে ৰঙিয়াত নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য বিকাশ মঞ্চ (Gramya Vikash Mancha) ৰ উদ্যোগত গাঁৱৰ কিশোৰ-কিশোৰী তথা মহিলাসকলক চৰকাৰী আঁচনি সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰাৰ মঞ্চ প্ৰদানৰ লক্ষ্যৰে এখন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Awareness campaign organize by Gramya Vikash Mancha) ৷

কোকৰাঝাৰত বিধায়ক লৰেঞ্চ ইছলাৰীৰ চেক বিতৰণ

পূৱ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সোমবাৰে কোকৰাঝাৰত বিতৰণ কৰিলে ৪৪ লাখ ৭৫ হাজাৰ টকাৰ চেক (Lawrence Islary distribute cheque in Kokrajhar) ৷ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আৰু পুনৰ সংস্থান পুঁজিৰ ৭৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান ৷

কোচ-ৰাজবংশীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে : বিক্ৰমজিৎ ৰায়

এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিল চিলাৰায় উন্নয়ন মঞ্চ (Chilarai Development Fourm) ৰ সভাপতি বিক্ৰমজিৎ ৰায় (President Bikramjit Ray criticize CM) ৷ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবী যদি সোনকালে পূৰণ নকৰে, তেনেহ'লে আগন্তুক সময়ত আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়নি প্ৰদান কৰে সভাপতি গৰাকীয়ে ৷

Guwahati school girl suicide case : ন্যায় বিচাৰি সদৌ দেউৰী মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

মহানগৰীৰ ওদালবাক্ৰা মডাৰ্ণ ইংলিছ স্কুলৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা (Guwahati school girl suicide case) ৰ ন্যায় বিচাৰি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ দেউৰী মহিলা সমিতিয়ে ৷ লগতে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে (Deori Mahila Samity sent a memorandum to CM) প্ৰতিবাদকাৰীসকলে ৷

চিপিআই(এম) ৰ শোণিতপুৰ জিলাৰ ২৩ সংখ্যক সন্মিলন সম্পন্ন

সোমবাৰে বালিপৰাত কমৰেড হেম বৰুৱা সোঁৱৰণী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী(ম) ৰ শোণিতপুৰ জিলাৰ 23 সংখ্যক সন্মিলনখন অনুষ্ঠিত (23rd general meeting of CPI M held in Sonitpur) হয় ৷ এই সভাত উপস্থিত থাকি বাওঁপন্থী নেতা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপিক কঠোৰ সমালোচনা কৰে ৷

Cotton University Elections 2022 : আজি কটন বিশ্ববিদ্যালয়ৰ ভোটগ্ৰহণ

আজি বহু প্ৰতীক্ষিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Cotton University polling today) ৷ প্ৰায় 5,500 গৰাকী কটনিয়ানে নিৰ্ণয় কৰিব ১৬ টা বিভাগৰ প্ৰতিনিধিৰ লগতে দুজন ক’ৰ্ট মেম্বাৰৰ ভাগ্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.