বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Dec 25, 2021, 3:02 PM IST

Updated : Dec 25, 2021, 5:40 PM IST

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

Omicron tally rises to 415 in India : আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছিল সম্পূৰ্ণ টীকাকৰণ

ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি (Omicron tally rises to 415 in India) । আক্ৰান্তসকলৰ এক অধ্যয়নত পোহৰলৈ আহিছে যে, প্ৰায় ৯১ শতাংশ ৰোগীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক । ৭০ শতাংশ আক্ৰান্তৰ দেহত কোনো লক্ষণ নাছিল আৰু ৬১ শতাংশই পুৰুষ ।

Ludhiana Court Blast : বিস্ফোৰণৰ সৈতে আৰক্ষী জড়িত থকাৰ সন্দেহ DGP ৰ

লুধিয়ানা আদালতৰ বোমা বিস্ফোৰণৰ (Ludhiana court blast) ৰহস্য ফাদিল । বিস্ফোৰণত জড়িত আছিল এজন প্ৰাক্তন আৰক্ষী । বিস্ফোৰণত নিহত হেড কনিষ্টবল গগনদীপ সিঙক ২০১৯ চনত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

Eviction in Laharijan : লাহৰিজানত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction in Laharijan)। উচ্ছেদৰ প্ৰথম পৰ্যায় শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ত উচ্ছেদিত পৰিয়ালৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ । প্ৰশাসনৰ লোকৰ সৈতে একাংশ উচ্ছেদিত পৰিয়ালৰ বাদ-বিবাদ ৷

Bangladesh ferry tragedy: বাংলাদেশত যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড, ৪১ জনৰ মৃত্যু

বাংলাদেশত দপদপকৈ জ্বলিল তিনি মহলীয়া এখন যাত্ৰীবাহী ফেৰী । বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ৪১ জন লোকৰ (41 people were killed in Bangladesh ferry incident) । আহত হ'ল প্ৰায় ১৫০ জন যাত্ৰী । ৮০০ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ফেৰীখনে ।

Poor conditions of Chenga Model school : চাৰিমাহে নাই বিদ্যুতৰ সংযোগ, বিকল কম্পিউটাৰ…

সমস্যাৰে জৰ্জৰিত চেঙা আদৰ্শ বিদ্যালয় (Poor conditions of Chenga Model school) ৷ বিদ্যালয়খনত চাৰিমাহে নাই বিদ্যুতৰ সংযোগ, বিকল কম্পিউটাৰ (No electricity connection for four month) ৷

Encounter at Shopian: শ্বপিয়ানৰ গুলীয়াগুলীত নিহত ২ সন্ত্ৰাসবাদী

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত দুটাকৈ এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰত নিহত ২ টাকৈ সন্ত্ৰাসবাদী (Two militants killed in Shopian Encounter) । ইয়াৰ পূৰ্বে অনন্তনাগত নিহত হৈছিল আন এটা সন্ত্ৰাসবাদী ।

নাগালেণ্ডৰ চোৰাং চিকাৰীৰ হাতত নিধন বনৰীয়া হাতী

নাগালেণ্ডৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু এটি বনৰীয়া হাতীৰ (Wild elephant killed by poacher at Nagaland) ৷ নাগালেণ্ডৰ লিচাং বস্তিত সংঘটিত হৈছে এই ঘটনা ৷

ATASU members joins TAYPA : মৰাণত আটাছুৰ ডেৰ শতাধিক সদস্যৰ টাইপাত যোগদান

বুধবাৰে মৰাণত অনুষ্ঠিত এক কাৰ্যসূচীত টাইপাত যোগদান (ATASU members joins TAYPA) কৰিলে আটাছুৰ ডেৰ শতাধিক সদস্যই ৷ সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Salmans Pre Birthday celebration at BB house: টিম RRR ৰ সৈতে আগতীয়াকৈ জন্মদিন উদযাপন চলমান খানৰ

বিগ বছ 15 ৰ হাউচত Pre-Birthday celebration চলমানৰ (Salmans pre birthday bash with team RRR) ৷ সোমবাৰে 56 বছৰীয়া হ‘ব অভিনেতাজন ৷

Four arrested with fake gold : নকল সোণৰ লেন-দেনেৰে ৰঙাঘৰৰ আলহী চাৰিগৰাকী

নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নকল সোণ আৰু নগদ ধনৰ সৈতে চাৰিজনকৈ লোকক আটক কৰে (Four arrested with fake gold and cash) ৷ নগাঁৱৰ সমীপৰ কাতিমাৰিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ইয়াৰে তিনিজন লখিমপুৰৰ ক্ৰমে আতিকুৰ ইছলাম, চিৰাজুল ইছলাম, মুছলিম উদ্দিল আৰু আনজন উত্তৰ প্ৰদেশৰ অশোক কুমাৰ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Last Updated :Dec 25, 2021, 5:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.