3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 2, 2022, 2:57 PM IST

TOP 10 AT 3 PM

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

ৰাজ্যজুৰি দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ (Durga Puja celebration)। দুৰ্গোৎসৱৰ পাৰভঙা উচাহৰ মাজতে দেওবাৰৰ নিশা ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ (IND vs SA T20 match in Guwahati)। দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত আৰক্ষী-প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । মহানগৰীৰ বাট-পথত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত ।

হাফলঙত জাতিৰ পিতাৰ মমৰ মূৰ্তি উন্মোচন ৰাজ্যপালৰ

হাফলঙত দেওবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ মমৰ মূৰ্তি উন্মোচন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে (Mahatma Gandhi wax statue at Haflong) । মহাত্মা গান্ধীৰ জন্মজয়ন্তীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ৰ সন্মুখত মূৰ্তিটো উন্মোচন কৰা হয় ।

অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

ধুবুৰীৰ নাও দুৰ্ঘটনাৰ 72 ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ (Circle officer Sanju Das body found) ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু নিলগতে উদ্ধাৰ চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ ৷

ইণ্ডিগ’ বিমানত বোমাতংক: মুম্বাই বিমানবন্দৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতি

মুম্বাই বিমানবন্দৰত বোমাতংক (Bomb scare at Mumbai airport)। এখন ইণ্ডিগ' বিমানত বোমা থকা বুলি ই-মেইল লাভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই । নিৰাপত্তা সংস্থাসমূহক লগে লগে সতৰ্ক কৰি দিয়া হয় ।

মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

জাতিৰ পিতা মহাত্মা গান্ধী (Mahatma Gandhi) আৰু দেশৰ দ্বিতীয়গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উপলক্ষে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুয়োগৰাকী নেতাকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Narendra Modi paid homage to Mahatama Gandhi)।

মেঘালয়ৰ ছেক্স ৰেকেটত অভিযুক্ত বিজেপি নেতাক জামিন

তুৰা মহিলা আৰক্ষী থানাত বিজেপি নেতা বাৰ্ণাৰ্ড এন মাৰাকৰ বিৰুদ্ধে অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬ ৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । শনিবাৰে তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে(Meghalaya High Court)

National Games 2022: তিনিটা সোণসহ অসমৰ সাতটা পদক জয়

গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে তিনিটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ সাতটা পদক লাভ কৰিবলৈ সক্ষম হৈছে (Assam won 7 gold Medals at National Games) ৷

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পৰিস্কাৰ চহৰৰ খিতাপ অৰ্জন কৰিলে ৰঙিয়াই

ৰঙিয়াবাসীৰ বাবে সুখবৰ ৷ কিয়নো আজাদী কী অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsava) লগত সংগতি ৰাখি সৰ্বভাৰতীয় পৰ্যায়ত তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ তালকতৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা "Swachh survekshan awards 2022” অনুষ্ঠানত (Swachh Survekshan Awards 2022 held in New Delhi) উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম পৰিস্কাৰ নগৰ হিচাপে বিবেচিত হৈছে ৰঙিয়া ।

RBI Tokenisation Rule : টোকেনাইজেচন সম্পৰ্কে জানিবলগীয়া কেইটামান কথা

কাৰ্ড লেনদেন অধিক সুৰক্ষিত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) কাৰ্ডধাৰকসকলক তেওঁলোকৰ কাৰ্ডবোৰ টোকেন কৰিবলৈ আহ্বান জনাইছে । (Tokenize Debit or Credit cards) । টোকেনাইজেচন মানে ই সংবেদনশীল ডাটাৰ সলনি একক চিনাক্তকৰণ নম্বৰ প্ৰদান কৰে, যিয়ে ইয়াৰ সুৰক্ষাৰ সৈতে আপোচ নকৰাকৈ ডাটাৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য ৰাখে ।

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists) ৷ দেওবাৰে পুৱাই ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত দূৰ-দূৰণিৰ পৰা আহি ভিৰ কৰে পৰ্যটকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.