3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 30, 2022, 3:03 PM IST

TOP 10 AT 3 PM

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

ৰাজদ্ৰোহৰ গোচৰত জামিন লাভ শ্বাৰ্জিল ইমামৰ, আন গোচৰত থাকিব জিম্মাত

জেএনইউৰ প্ৰাক্তন ছাত্ৰ আৰু সামাজিক কৰ্মী শ্বাৰ্জিল ইমামক শুকুৰবাৰে দিল্লীৰ এখন আদালতে ২০১৯ ৰ ৰাজদ্ৰোহৰ গোচৰৰ সন্দৰ্ভত জামিন প্ৰদান কৰে (Sharjeel Imam gets bail in sedition case)।

প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল

মুকলি কৰা হ’ল গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰে বিশেষ ৰে’লখন ৷

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী

নলবাৰীত আছুৰ মুখ্য উপদেষ্ঠা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ নামনি জলবিদ্যুৎ প্ৰকল্পৰ লগতে শেহতীয়াকৈ শিক্ষা বিভাগে মাধ্যম সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে ড৹ ভট্টাচাৰ্যই(AASU chief advisor Samujjal Bhattacharya) ৷

কাবুলৰ ছিয়া অঞ্চলত বিস্ফোৰণ

আফগানিস্তানৰ ৰাজধানী কাবুলৰ ছিয়া অঞ্চলত শুকুৰবাৰে পুৱা সংঘটিত হয় এক বিস্ফোৰণ (Blast in Shiite area of Kabul) ৷ দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ তালিবান নিযুক্ত মুখপাত্ৰ আব্দুল নাফি তাকোৰে এই ঘটনাৰ কথা সদৰি কৰে ৷

কংগ্ৰেছ সভাপতিৰ দৌৰত মল্লিকাৰ্জুন খাৰ্গেও, আজি দাখিল কৰিব মনোনয়ন-পত্ৰ

ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিব (Mallikarjun Kharge joins Cong prez race)।

মহানগৰীত ক্ৰিকেটৰ জ্বৰ: গুৱাহাটী পালেহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

দীঘলীয়া অপেক্ষাৰ অন্তত গুৱাহাটীত পদাৰ্পন কৰিলে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ দলে ৷ বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় দল দুটা (India and South Africa players arrives in Guwahati) ৷

বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী

স্থগিত কৰা হ’ল বিজেপিৰ যোগদান কাৰ্যসূচী ৷ 8 অক্টোবৰত অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল এই কাৰ্যসূচী (BJP joining programme cancelled)৷

গুৱাহাটীত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে 32 টা ম’হ ভৰ্তি ট্ৰাক

গুৱাহাটীত ম’হ ভৰ্তি ট্ৰাক জব্দ ৷ গুৱাহাটীৰ বামুনিমৈদামৰ নিউ গুৱাহাটী ৰে’ল ষ্টেচনত (New Guwahati Railway Station) বহিঃৰাজ্যৰ পৰা চোৰাংভাৱে বিক্ৰীৰ বাবে আনিছিল 32 টা ম’হ (Buffalo seized by New Guwahati Railway Police) ৷

ডিব্ৰুগড়ত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

দুৰ্গা পূজাৰ প্ৰাকক্ষণত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ (AASU protest against NHPC in Dibrugarh) । বৃহৎ সোৱণশিৰি নদীবান্ধ প্ৰকল্প (Subansiri dam project) বন্ধ কৰাৰ বিৰোধীতাৰে শুকুৰবাৰে ডিব্ৰুগড়ত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ বিশেষ সিদ্ধান্ত: RBI ৰ চলিত বিত্তীয় বৰ্ষৰ বিকাশৰ পূৰ্বানুমান ৭ শতাংশ হ্ৰাস কৰিছে

উন্মোচন কৰা হ'ল চলিত বৰ্ষৰ পঞ্চম মুদ্ৰা নীতি । চলিত বৰ্ষৰ পঞ্চম মুদ্ৰা নীতি উন্মোচন কৰিয়েই চলিত বিত্তীয় বৰ্ষৰ বাবে বিকাশৰ পূৰ্বানুমান ৭ শতাংশলৈ হ্ৰাস কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে(RBI cuts growth forecast) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.