3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 27, 2022, 3:00 PM IST

TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল আদালতৰ

৩০/১০ৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ে (HC upheld the life sentence of Ranjan Daimari)। ৰঞ্জন দৈমাৰীৰ বিৰুদ্ধে নিম্ন আদালতে প্ৰদান কৰা ৰায়কে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে । ৪ জনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে আন ১০ জনৰ বিৰুদ্ধে পূৰ্বৰ ৰায় বাহাল ৰাখিলে আদালতে ।

ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী: কণাযুক্ত পদাৰ্থৰ মাত্ৰা 40% পৰ্যন্ত হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ

পিএম ২.৫ ৰ বাবে গ্ৰহণযোগ্য বাৰ্ষিক মানদণ্ড হৈছে প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম । পিএম ২.৫ হৈছে কোমলকৈ উশাহ ল’ব পৰা কণা, যাৰ ব্যাস সাধাৰণতে ২.৫ মাইক্ৰ’মিটাৰ অথবা তাতোকৈ সৰু আৰু ই স্বাস্থ্যৰ বাবে বিপদজনক (PM2.5 greatest risk to health) ।

ঘৰতে বহি চাওক উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া

হয়টো আপুনিও কেতিয়াবা ভাবে মৃত্যুদণ্ড ঘোষণা কৰা, যাৱজ্জীৱন ঘোষণা কৰা বা অপৰাধীৰ বিৰুদ্ধে বিভিন্ন শাস্তি ঘোষণা কৰা উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া কেনেদৰে চলে ? এতিয়াৰে পৰা আৰু চিন্তা নাই, আপুনিও উচ্চতম ন্যায়ালয়ত উপস্থিত নথকাকৈয়ে চাব পাৰিব সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া (Supreme court trial live)। কেৱল Youtube তে নহয় নিজা প্লেটফৰ্মো স্থাপন কৰিব উচ্চতম ন্যায়ালয়ে ।

PFI ৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান (Raids against PFI)। অসমতো অব্যাহত আছে ব্যাপক অভিযান (NIA ED conduct raids against PFI) । অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে ।

কিন্নৰ পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ পলায়ন যুৱকৰ

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিবাহপাশত বহিল কিন্নৰ প্ৰেমিকাৰ লগত ৷ কিন্তু ইয়াৰ পিছতেই পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ উধাও স্বামী (Kinnar wife cheated by husband) ৷

শিৱসাগৰ নগৰত নিৰ্মীয়মান ভৱনৰ পৰা পৰি এজনৰ মৃত্যু

শিৱসাগৰ নগৰত অঘটন ৷ নিৰ্মীয়মান বিল্ডিঙৰ পৰা পৰি মৃত্যু এজন বনুৱাৰ (Worker died after falling from building) ৷ আমোলাপট্টিৰ এক নিৰ্মীয়মান বিল্ডিঙৰ কামত নিয়োজিত হৈ আছিল বনুৱাজন ৷

কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

কলিয়াবৰত এটাৰ পাছত আনটো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা । নতুন ডাঙ্গাত গাঁওৰক্ষী বাহিনীৰ এজন সদস্যক ডিঙি ৰেপি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ (Attempt to murder case in Kaliabor)। সোমবাৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল বাগৰিত ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত ব্যাপক প্ৰতিবাদ । ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি-চোঁচৰাই আটক কৰি নিয়ে লতাশিল থানালৈ । ইয়াৰ পাছতে চচলত পুনৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বৃহৎ নদীবান্ধৰ বিৰোধীতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ (Demanding demolition of Namoni Subansiri hydropower project) ।

কেৰালাৰ মালাপ্পুৰমত উপস্থিত ভাৰত জোড়ো যাত্ৰা

কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা ৰূপায়ন কৰিছে(Congress Bharat Jodo Yatra) । ১২ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেদি ৩,৫০০ কিলোমিটাৰ অতিক্ৰমিব ভাৰত জোড়ো যাত্ৰাই । এই যাত্ৰাই মঙলবাৰে কেৰালাৰ মালাপ্পুৰম জিলাত ( Bharat Jodo Yatra entered Malappuram of Kerala) প্ৰৱেশ কৰে ।

Erosion at Dibrugarh: সংকটত ডিব্ৰুগড় বিমান বন্দৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্তিত্ব

চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা (Brahmaputra River Erosion at Dibrugarh)৷ নদীৰ বুকুত জাহ গৈছে ঘৰ-দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠান । তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ ডিব্ৰুগড়ৰ নগাঘূলী অঞ্চলৰ ৰাইজৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.