11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 20, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

দীৰ্ঘদিনৰ মূৰত বিদ্যালয় খোলাত উৎফুল্লিত জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীসকল

দীৰ্ঘ বিৰতিৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল ৷ অৱশ্যে ক’ভিড 19(Covid 19) ক লৈ বিদ্যালয়সমূহত গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা । বিদ্যালয়সমূহৰ চৌহদ, শ্ৰেণীকোঠা আদিত চেনিটাইজেশ্যন কৰাৰ উপৰিও ক’ভিড প্ৰট’কলৰ বাবে চৰকাৰে দিয়া নিৰ্দেশ অনুযায়ী সকলোখিনি মানি পাঠদান আৰম্ভ কৰিছে শিক্ষকসকলে ৷

78 সংখ্যক জন্ম বাৰ্ষিকীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

1943 চনত আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই ৷ মাত্ৰ 34 বছৰীয়া জীৱন কালতেই জয়ন্ত হাজৰিকাই নিজৰ ৰচিত গীতেৰে অসমীয়া সংগীতৰ ভঁড়ালটো চহকী কৰি থৈ গৈছে ৷ তেওঁ ৰচনা কৰা গীতসমূহে বৰ্তমান প্ৰজন্মৰ মাজতে যথেষ্ট জনপ্ৰিয় ৷ 78 সংখ্যক জন্মজয়ন্তী ৰাণা দাক ইটিভি ভাৰতৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি...

শিৱসাগৰত PubG খেলি হেৰুৱালে 19 লাখ টকা

অনলাইন গেমৰ বাবে ক'ত যে কি অথন্তৰ ঘটিছে ! ব্লু হুৱেল নামৰ এক অনলাইন গেমৰ বাবে বহু নৱ প্ৰজন্মই আত্মহনন কৰাৰ দৰে ঘটনা ইতিমধ্যে সংঘটিত হৈছে । একেদৰে PubG নামৰ নতুন প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰখা অনলাইন গেমৰ ফলতো বহু ঘটনা মাজে সময়ে সংঘটিত হোৱা শুনা যায় । কিন্তু এইবাৰ PubG ৰ জৰিয়তে শিৱসাগৰত সংঘটিত হৈছে বৃহৎ পৰিমাণৰ ধনৰ হৰলুকি ।

RCB ৰ কেপ্তেইন পদৰ পৰা পদত্যাগ কৰিব কোহলীয়ে

টী20 ফৰমেটত কেপ্তেইন পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰাৰ দুদিন পিছতে আন এক বিস্ফোৰক সিদ্ধান্ত কোহলীৰ ৷ IPL 2021 ৰ পিছতে RBC ৰ কেপ্তেইন পদৰ পৰাও পদত্যাগ কৰিব কোহলীয়ে ৷

গৰুখুটি কৃষি প্ৰকল্পত প্ৰশাসনৰ উচ্ছেদ অভিযান

দৰঙত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন । তৎপৰ হৈ পৰিছে কেইবা শতাধিক নিৰাপত্তাৰক্ষী । তথ্য অনুসৰি, প্ৰায় ৭৭,৪২০ বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে ১০ টা জ’নত বিভক্ত কৰা হৈছে জিলা প্ৰশাসনক ।

অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ ওপজা দিনৰ শুভেচ্ছা...

আজি Jollywood ৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া(Barsha Rani Bishaya)ৰ ওপজা দিন ৷ অসমীয়া ছবিজগতৰ লগতে সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অভিনেত্ৰী বৰষালৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল জন্মদিনৰ শুভেচ্ছা...

জনীয়াত গৰাখহনীয়া পৰিদৰ্শন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ

দেওবাৰে জনীয়াৰ শওপুৰত গৰাখহনীয়া(erosion) অঞ্চল পৰিদৰ্শন কৰে বিশ্বনাথ সমষ্টিৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰে(Pramod Borthakur) । শেহতীয়াকৈ শওপুৰত বেকী নৈয়ে কালৰূপ ধাৰণ কৰি গুৱাহাটীৰ পৰা উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথত খহনীয়াৰ সৃষ্টি কৰিছে ৷

আৰম্ভ কৰা হ’ল পোছাক বিতৰ্কৰ আনুষ্ঠানিক তদন্ত

দেওবাৰৰে পৰা আৰম্ভ হৈছে পোছাক (হাফপেণ্ট) বিতৰ্কৰ আনুষ্ঠানিক তদন্ত ৷ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ দীন ডঃ জয়ন্ত ডেকাৰ অধ্যক্ষতাত তিনিজনীয়া কমিটিয়ে দেওবাৰে তেজপুৰস্থ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

চাহপাতৰ মূল্য হ্ৰাস সন্দৰ্ভত দীনেশ বিহানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা চাহপাতৰ মূল্য হ্ৰাস পোৱাত গভীৰ সংকটত পৰিছে চাহপাতৰ উদ্যোগ ৷ শেহতীয়াকৈ 15 ছেপ্তেম্বৰৰ দৰ হিচাপত বিগত বৰ্ষৰ তুলনাত প্ৰতি কেজি চাহপাতৰ মূল্য 75.2 টকালৈ হ্ৰাস পাইছে ৷ বৰ্তমান গড় হিচাপত চাহপাতৰ মূল্য হৈছে প্ৰতি কিলোগ্ৰামত 193.79 টকা ৷ বিগত বৰ্ষৰ তুলনাত 75.2 টকা হ্ৰাস পালে ৷ চাহপাতৰ মূল্য হ্ৰাস পোৱাৰ সন্দৰ্ভত গুৱাহাটী চাহ নিলাম ক্ৰেতা সংঘৰ সম্পাদক দীনেশ বিহানীয়ে দাঙি ধৰিলে সবিশেষ তথ্য ৷

"মিছন বসুন্ধৰা"ৰ অগ্ৰগতি বুজ ল’বলৈ নগাঁৱত উপস্থিত মুখ্য সচিব জিষ্ণু বৰুৱা

"মিছন বসুন্ধৰা" প্ৰজেক্টৰ কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ উল্লেখযোগ্য যে, উক্ত প্ৰজেক্ট সমগ্ৰ ৰাজ্যজুৰি অহা ২ অক্টোবৰ ২০২১ তাৰিখে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.