1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 27, 2022, 1:14 PM IST

TOP 10 AT 1 PM

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Operation against PFI : দেশজুৰি দ্বিতীয় পৰ্যায়ৰ অভিযান, অসমত গ্ৰেপ্তাৰ ২৫

আৰক্ষীৰ উদ্ধৃতিৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ দ্বাৰা এই অভিযান চলোৱা হৈছে (raids against PFI) ।

পৰম্পৰা ভংগ কৰি দুৰ্গা পূজাৰ পুৰোহিত ৰূপান্তৰিত মহিলাপৰম্পৰা ভংগ কৰি দুৰ্গা পূজাৰ পুৰোহিত ৰূপান্তৰিত মহিলা

পৰিধানত শাৰী । আৰতিৰ থালত সজোৱা আছে ফুল-প্রদীপ । পৰম ভক্তিভাৱেৰে আৰতি কৰিছে এগৰাকী মহিলাই । তেওঁ হৈছে এগৰাকী পুৰোহিতো । পিছে এইগৰাকী পুৰোহিত জন্মসূত্ৰে মহিলা নহয় ৷ পৰৱর্তী সময়তহে তেওঁ মহিলাৰ ৰূপ লৈছে (Transgender Priestess) ৷

নিশা সাধাৰণ জনতায়ো কাজিৰঙা ভ্ৰমণ কৰিব পাৰিবনে ?

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদগুৰুৱে নিশাৰ আন্ধাৰত কাজিৰঙা ভ্ৰমণ কৰি আইন উলংঘা কৰা নাই (Assam CM Kaziranga visit)৷ এই মন্তব্য বিভাগীয় কৰ্তপক্ষৰ ৷ কিন্তু সাধাৰণ জনতাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বহু নিয়ম ৷ সমগ্ৰ বিষয়টোক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷

World Tourism Day 2022: বিশ্ব পৰ্যটন দিৱসৰ ইতিহাস, গুৰুত্ব আৰু বিষয়বস্তুৰ বিষয়ে জানি লওক

বিশ্ব পৰ্যটন দিৱস প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত পালন কৰা হয়। ১৯৮০ চনতে এই দিৱস উদযাপন আৰম্ভ কৰা হয় আৰু সেই বছৰতে প্ৰথম বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয় । ১৯৮০ চনত উদযাপন কৰা বিশ্ব পৰ্যটন দিৱসটো আছিল "সাংস্কৃতিক ঐতিহ্য আৰু শান্তি আৰু পাৰস্পৰিক বুজাবুজিৰ সংৰক্ষণত পৰ্যটনৰ অৱদান" শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হৈছিল(World tourism day 2022 history significant and theme) ।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল কাৰ্বন ভৰ্তি ট্ৰাক

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Rangia) । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল নলবাৰী অভিমুখী ট্ৰাকখন(Truck fell into ditch) ।

20 বছৰীয়া ক্ৰিকেট কেৰিয়াৰক বিদায় জনালে ঝুলন গোস্বামীয়ে

এক আকৰ্ষণীয় কেৰিয়াৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ভাৰতীয় ক্ৰিকেট দলৰ কিংবদন্তি বলাৰ ঝুলন গোস্বামীয়ে (Jhulan Goswami retired from international cricket) ৷ 19 বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ঝুলনে নামত আছে কেইবাটাও অভিলেখ ৷ তেওঁ 2006-07 বৰ্ষত মিতালী ৰাজৰ সৈতে ইংলেণ্ডত প্ৰথমখন টেষ্ট শৃংখলা দখল কৰে ৷ মহিলা ক্ৰিকেটত সৰ্বাধিক সংখ্যক উইকেট আছে ঝুলনৰ নামত ৷

কেৰালাৰ মালাপ্পুৰমত উপস্থিত ভাৰত জোড়ো যাত্ৰা

কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা ৰূপায়ন কৰিছে(Congress Bharat Jodo Yatra) । ১২ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেদি ৩,৫০০ কিলোমিটাৰ অতিক্ৰমিব ভাৰত জোড়ো যাত্ৰাই । এই যাত্ৰাই মঙলবাৰে কেৰালাৰ মালাপ্পুৰম জিলাত ( Bharat Jodo Yatra entered Malappuram of Kerala) প্ৰৱেশ কৰে ।

মুখ্যমন্ত্ৰীয়ে ভংগ কৰা নাই বন্যপ্ৰাণী আইন: ভবেশ কলিতা

দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিশা কাজিৰঙাত প্ৰৱেশ কৰাক লৈ আৰক্ষীৰ ওচৰত যি গোচৰ ৰুজু হৈছিল সেই বিষয়ত মন্তব্য কৰি বিজেপিৰ অসম ৰাজ‍্যিক সভাপতি ভবেশ কলিতাই(BJP state president Bhavesh Kalita) কয় যে বন‍্যপ্ৰাণী আইন মুখ্যমন্ত্ৰী গৰাকীয়ে ভংগ কৰা নাই(Wild life protection act) ।

গাজিয়াবাদত চাঞ্চল্যকৰ ঘটনা: পূৰ্বৰ পত্নীক গুলীয়াই দুবছৰীয়া সন্তানক লৈ পলায়ণ স্বামীৰ

বিবাহ বিচ্ছেদৰ আবেদন কৰাৰ পাছত পুনৰ বিবাহ পাশত আৱদ্ধ হোৱাই কাল হ'ল গাজিয়াবাদৰ এগৰাকী মহিলাৰ । প্ৰাক্তন স্বামীয়ে গুলীয়াই উঠাই লৈ গ'ল তেঁওলোকৰ দুবছৰীয়া সন্তানক(Ex husband shot woman and fled with child) ।

কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা: ভূ-গৰ্ভৰ পানীৰ বাবেও এতিয়াৰে পৰা ভৰিব লাগিব কৰ

ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক (people have to pay taxes for using groundwater)৷ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক নিৰ্দেশনাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.