মানাহ ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হোৱা বাঘ গণনা প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

author img

By

Published : Sep 4, 2021, 8:31 PM IST

tiger-counting-training-workshop-held-at-manah-national-park-ends

সফল সামৰণি পৰিল যোৱা 2 ছেপ্তেম্বৰৰ পৰা তিনিদিনীকৈ অনুষ্ঠিত হোৱা বাঘ গণনা প্ৰশিক্ষণ কৰ্মশালাৰ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ 80 গৰাকী লোকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে ৷

বাক্সা, 4 ছেপ্টেম্বৰ: সফল সামৰণি পৰিল প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত যোৱা 2 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাঘ গণনা 2021-22 বৰ্ষৰ প্ৰশিক্ষণ কৰ্মশালাখন 2 ছেপ্টেম্বৰৰ পৰা 4 ছেপ্তেম্বৰলৈ অনুষ্ঠিত হয় ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ কাষৰীয়া মুছা ল'জত অনুষ্ঠিত হৈছিল উক্ত কৰ্মশালা ৷ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 80 গৰাকী লোকে এই কৰ্মশালাত প্ৰশিক্ষণ লবলৈ আহিছিল ৷

শনিবাৰে সামৰণি অনুষ্ঠানত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই কয় যে, দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 80 গৰাকীয়ে এই কৰ্মশালাত প্ৰশিক্ষণ লবলৈ আহিছিল ৷ ইয়াৰ মুল উদেশ্যে আছিল, যিবোৰ ঠাইত বাঘ আছে সেইবোৰ ঠাইত কিমান আছে সেইটো প্ৰশিক্ষণৰ মাধ্যমৰ জৰিয়তে জানিব পৰা ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হোৱা বাঘ গণনা প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

কৰ্মশালাত প্ৰশিক্ষণ লোৱা এই 80 গৰাকী লোকৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছতে তেওঁলোকে পুনৰ নিজৰ ঠাইত আন সকলক প্ৰশিক্ষণ দিব পাৰিব ৷ উল্লেখ্য যে, কেমেৰা টেপিঙৰ দ্বাৰা বাঘৰ গণনা কেনেদৰে কৰিব পাৰি তাৰ বাবে এই প্ৰশিক্ষণ অতি গুৰুত্বপূৰ্ণ আছিল ৷

লগতে পঢ়কঃ কাজিৰঙাত বান: উদ্ধাৰ হোৱা জীৱ-জন্তু সমূহৰ চিকিৎসা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.