Pragyan Bharati Scooty Scheme : চিৰাঙত কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

author img

By

Published : Dec 10, 2022, 11:28 AM IST

Scooty distribution among students at Chirang

অসম চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত প্ৰদান কৰি অহা হৈছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati merit award 2022) ৷ শুকুৰবাৰে চিৰাঙত এই বঁটা প্ৰদান কৰে চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই (Scooty distribution among students at Chirang) ৷

চিৰাং, 10 ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণ যাত্ৰা সুগম কৰি তোলাৰ লক্ষ্যৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শুকুৰবাৰে চিৰাং জিলাত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (Scooty distribution among students at Chirang) ৷ জিলা সদৰ কাজলগাঁৱস্থিত পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প আৰু বিটিচিৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্ম ৷

চিৰাং জিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতাই আঁত ধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনি (Pragyan Bharati Scooty Scheme)ৰ অধীনত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75 শতাংশ বা তাতোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ আৰু 60 শতাংশ বা তাতোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰী লৈ আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰা হয় (Dr Banikanta Kakati merit award 2022) ৷

চিৰাঙত কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

তথ্য অনুসৰি, চিৰাং জিলাত মুঠ 353 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰা হয় ৷

ইয়াৰ ভিতৰত 65 জন ছাত্ৰক নীলা ৰঙৰ স্কুটী আৰু 288 গৰাকী ছাত্ৰীক ৰঙা ৰঙৰ স্কুটী প্ৰদান কৰে মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মৰ লগতে বিশিষ্ট অতিথিসকলে ৷ ভাষণ প্ৰসংগত মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায় ৷ লগতে অনাগত দিনত তেওঁলোকক অধ্যয়নপুষ্ট হৈ ভৱিষ্যতে নিজকে সু-প্ৰতিষ্ঠিত কৰি সুনাগৰিক হৈ সমাজৰ বা দেশৰ হকে কাম কৰিবলৈ আহ্বান জনায় ৷

Scooty distribution among students at Chirang
স্কুটী বিতৰণৰ কাৰ্যসূচী

লগতে চিৰাং জিলাত পঞ্চাশ কোটি ব্যয় সাপেক্ষে অত্যাধুনিক জিলা ক্ৰীড়া প্ৰকল্প স্থাপন, বিজনীত মিনি ষ্টেডিয়াম স্থাপন আৰু ৰাজ্য চৰকাৰে মহিলাৰ সৱলীকৰণ কৰাৰ বাবে অৰুণোদয় আঁচনি আৰু মাইক্ৰ ফাইনেন্স ৰেহাইৰ জৰিয়তে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি মত ব্যক্ত কৰে ৷

সভাত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন আৰু নডেল প্ৰিন্সিপাল বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ হিমন্তী বালা ৰায়ে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণৰ ওপৰত মন্তব্য ৰাখি অনাগত দিনত নিজৰ ভৱিষ্যত সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণা হ’বলৈ আহ্বান জনায় ৷

Scooty distribution among students at Chirang
চিৰাঙত কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

শুকুবাৰে চিৰাং জিলা পেৰেড গ্ৰাউণ্ডত আনুষ্ঠানিকভাৱে মন্ত্ৰী মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই মুঠ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা আগবঢ়াই শুভ আৰম্ভণি কৰে ।

লগতে পঢ়ক : Scooty distribution in Tinsukia: তিনিচুকীয়াত কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.