Saraswati Puja 2023: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বাক্সা, নলবাৰীতো অনুষ্ঠিত হ’ল সৰস্বতী পূজা

author img

By

Published : Jan 27, 2023, 11:29 AM IST

Saraswati Puja celebrate in Assam

ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে উদযাপন কৰা হয় বিদ্য়াৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা । সৰস্বতী পূজা উপলক্ষে ৰাজ্যজুৰি দেখা গ'ল ছাত্ৰ-ছাত্ৰী ব্যাপক উচাহ । একেধৰণে বাক্সাৰ বৰমাৰ বিভিন্ন শিক্ষানুষ্ঠানতো দেখা গ'ল ছাত্ৰ-ছাত্ৰীৰ ব্যাপক উচাহ(Saraswati Puja in Baksa) ।

বাক্সা তথা নলবাৰীৰ বিভিন্ন প্ৰান্তত সৰস্বতী পূজা উদযাপন

বাক্সা, ২৬ জানুৱাৰী: বৃহস্পতিবাৰে দেশজুৰি গণৰাজ্য দিৱসৰ(74th Republic Day) সমান্তৰালকৈ উদযাপন কৰা হ'ল সৰস্বতী পূজাও (Saraswati Puja 2023)। বাগদেৱীৰ মন্ত্ৰৰে মুখৰিত হৈ পৰিল প্ৰতিখন শিক্ষানুষ্ঠান । অসমৰ প্ৰতিটো প্ৰান্ততে উলহ মালহেৰে পালন কৰা হ'ল সৰস্বতী পূজা । উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিলে প্ৰতিখন শিক্ষানুষ্ঠানত । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ চৰণত সেৱা জনাই আশীষ ল'লে শিক্ষাৰ্থীসকলে(Saraswati Puja celebrate in Assam) ।

সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়তো উলহ-মালহেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱসৰ লগতে সৰস্বতী পূজা (Saraswati Puja in Baksa) ৷ আটকধুনীয়াকৈ সজাই পৰাই তোলা হয় বাক্সাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ(Saraswati Puja celebrate in several educational institutes of Baksa an Nalbari) । সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰে শিক্ষানুষ্ঠানসমূহ ৷ ছাত্ৰ-ছাত্ৰীসকলে বাগদেৱীৰ চৰণত ধূপ-দ্বীপ জ্বলাই সুফল কামনা কৰি আশীষ মাগে বাগদেৱীৰ চৰণত ৷ এনেদৰে সমগ্ৰ ৰাজ্যৰ লগতে বৰমাৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহ-মালহেৰে উদযাপন কৰিছে সৰস্বতী পূজা(Saraswati Puja celebrate in Baksa) ৷

সমান্তৰালভাৱে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু সৰস্বতী বন্দনাৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে নলবাৰীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহতো(Saraswati Puja celebrated in Nalbari) ৷ নলবাৰীৰ প্ৰতিখন শিক্ষানুষ্ঠানতে বৃহস্পতিবাৰে পুৱাৰে পৰা উদযাপন কৰে সৰস্বতী পূজা ৷ বিশেষকৈ নলবাৰীৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত সৰস্বতী পূজাস্থলীত দেখা গ'ল ছাত্ৰ-ছাত্ৰীৰ ব্যাপক ভিৰ ৷ নিজকে সজাই পৰাই ওলাই আহিল ছাত্ৰী সকল ৷ তথাপি সৌন্দৰ্য্য নহয় আধ্যাত্মিকতাৰ বাবে সৰস্বতী পূজাৰ দিনটো বিশেষ বুলিলে এম এন চিৰ ছাত্ৰীয়ে ৷

উল্লেখ্য যে, সৰস্বতী পূজা বুলি কলে প্ৰতিটো প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত বিৰাজ কৰে এক উচৱমুখৰ পৰিৱেশ ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাত মুখৰিত হৈ পৰে বিদ্যালয়সমূহৰ চৌহদ ৷ বিশেষকৈ সৰস্বতী পূজা বুলি ক'লেই উলাহে নধৰে ছাত্ৰীসকলৰ মন । ছাত্ৰীসকলে সুন্দৰকৈ সাজ-পাৰ পিন্ধি ওলাই আহে সৰস্বতী পূজালৈ ৷

সৰস্বতী পূজা বুলি ক’লেই যেন মন থৌকি-বাথৌ হৈ পৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ মন ৷ বাগদেৱীক পূজা কৰি লগৰীয়াৰ সৈতে একেলগে বহি পূজাৰ প্ৰাসদ-ভোগ আদি গ্ৰহণ কৰা কাৰ্যত লুকাই থাকে অনাবিল আনন্দ ৷ সেই আনন্দকণৰ পৰা যেন বঞ্চিত হ’ব নোখোজে কোনো ছাত্ৰ-ছাত্ৰী ৷

ছাত্র-ছাত্ৰী সকলে নিজৰ পছন্দৰ সাজ-পাৰ পৰিধান কৰি ওলাই আহে । মুঠৰ ওপৰত শিক্ষাৰ্থী সকলৰ মাজত সাজ-পাৰ ক্ষেত্ৰত এক অঘোষিত প্ৰতিযোগিতা চলা পৰিলক্ষিত হয় । প্ৰতিখন পূজাস্থলীত সৰস্বতী পূজাৰ বাবে ব্যাপক হাৰত সমাগম দেখিবলৈ পোৱা যায় । পঞ্জিকা মতে, মাঘ মাহৰ শুক্লা পঞ্চমী হৈছে বসন্ত পঞ্চমী ৷ এই বসন্ত পঞ্চমীতেই সৰস্বতী পূজা পালন কৰা হয় ৷ সৰস্বতী পূজাক শ্ৰীপঞ্চমী বুলিও জনা যায় ।

লগতে পঢ়ক: 74 th republic day celebration: ধেমাজি জিলাৰ বিভিন্ন স্থানত 74 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.