কেৱল ৰাজনীতি কৰিয়েই খাই থকা নাই মানুহে: প্ৰমোদ বড়ো

author img

By

Published : Sep 4, 2021, 8:38 PM IST

pramod-bodo-reacts-on-political-scenerio-of-btr

বিপিএফৰ দলীয় মজিয়াত কি হৈ আছে, সেইকথা জনাৰ কাৰণে ইচ্ছুক নহয় বিটিআৰ চীফ প্ৰমোদ বড়ো ৷ বিপিএফ ক’ৰবালৈ গলেও ইউপিপিএলৰ কোনো লাভ-লোকচান নাই বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই ৷

বাক্সা, ৪ চেপ্তেম্বৰ : মহাজোঁটৰ পৰা বি পি এফ ওলাই আহি বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিয়াৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিটিআৰৰ চীফ প্ৰমোদ বড়োই ৷ হাগ্ৰামা মহিলাৰী ক’ত যায়, কত নাযায় সেই বিষয়ে তেওঁ অজ্ঞ বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ৷ হাগ্ৰামা মহিলাৰীয়ে 17 বছৰীয়া শাসন কালত ট্ৰাইবেল্ট বেল্ট এণ্ড ব্লকৰ বাহিৰৰ ভুমিপুত্ৰ সকলৰ কথা চিন্তা নকৰিলে বুলিও তেওঁ মন্তব্য ব্যক্ত কৰে ৷

আনহাতে, বিপিএফ-বিজেপিৰ মিত্ৰতা হলে ইউপিপিএলে কি কৰিব সেইটো শীতল মস্তিস্কৰে দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হব বুলি কলে প্ৰমোদ বড়োই ৷ ইয়াৰোপৰি পৃথিৱীত অকল ৰাজনীতি কৰিয়েই মানুহে খাই থকা নাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিটিআৰ চীফ গৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ অসমীয়া জাতিৰ স্বাৰ্থত সকলো লোকে একত্ৰিকৰণ হ’ব লাগে বুলি মন্তব্য কৰে ৷

কেৱল ৰাজনীতি কৰিয়েই খাই থকা নাই মানুহে : প্ৰমোদ বড়ো

সাংসদ নৱ কুমাৰ শৰনীয়াই দল সলনি কৰা কথাটোতো তেওঁ অজ্ঞতা প্ৰকাশ কৰি সংবাদ মাধ্যমতহে বিষয়টো দেখি থকা বুলি কলে প্ৰমোদ বড়োই ৷ আনহাতে, বিপিএফৰ দলীয় মজিয়াত কি হৈ আছে সেইকথা জনাৰ কাৰণে ইচ্ছুক নহয় বুলি মন্তব্য কৰে তেওঁ ৷ ইয়াৰোপৰি, বিপিএফ ক’ৰবালৈ গলেও ইউপিপিএলৰ কোনো লাভ-লোকচান নাই বুলিও কয় বড়োই ৷

আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অসমখনক ৰাষ্ট্ৰৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰি থকাৰ কথাও অৱগত কৰি সেই কামত সকলোকে সহযোগ কৰাৰো আহ্বান জনাই বড়োই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো উগ্ৰপন্থী সমস্যা সমাধান হবলৈ গৈ আছে বুলি উল্লেখ কৰি এইয়া দেশৰ বাবে মংগলজনক কাৰ্য বুলি আখ্যা দিলে বিটিআৰ চীফ গৰাকীয়ে ৷

লগতে পঢ়ক : অৱশেষত স্বাক্ষৰিত হ’ল Karbi Peace Accord

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.