শুকুৰবাৰৰ পৰা বাক্সাত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ

author img

By

Published : Sep 3, 2021, 6:27 PM IST

Poshan maah observed at Baksa

দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । জিলাই জিলাই সজাগতামূলক সভা, সজাগতামূলক সমদলৰ আয়োজন কৰা হৈছে । সুস্থ শৰীৰৰ অধিকাৰী হ'বলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা কিমান সেই বিষয়ে এই সময়চোৱাত ৰাইজক সজাগ কৰাৰ প্ৰায়স কৰিব চৰকাৰে ।

বাক্সা, ৩ ছেপ্টেম্বৰ: পুষ্টিহীনতাৰ বাবে দেশৰ বহু শিশু পুষ্টিহীনতাত ভোগে । সুষম আহাৰৰ অভাৱতে গৰ্ভৱতী মহিলা ৰুগীয়া হৈ পৰে । এনে মহিলাই জন্ম দিয়া শিশুও পুষ্টিহীনতাত ভোগে । সেয়ে, পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১ ছেপ্টেম্বৰৰ পৰা দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হৈছে ।

শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় । জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন কৰা হয় । পোষণ মাহৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বি টি আৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস । তেওঁ শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন সন্দৰ্ভত বক্তব্য আগবঢ়ায় ।

শুকুৰবাৰৰ পৰা বাক্সাত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ

তেওঁ কয় যে, পুষ্টিহীনতাত ভূগি দেশত বহু শিশুৰ মৃত্যু মুখত পৰে । গতিকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পোষণ মাহৰ সময়চোৱাত চৰকাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে । এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজ বহু উপকৃত হ'ব বুলি তেওঁ আশা ব্যক্ত কৰে ।

লগতে কেৱল চৰকাৰী সহায়ৰ ওপৰত ভৰসা কৰি নাথাকি নিজৰ ভালৰ পৰাও পুষ্টিকৰ খাদ্যৰ যোগাৰ কৰাত সকলোকে আগভাগ ল'বলৈ তেওঁ আহ্বান জনায় । নিজৰ ঘৰৰ চৌহদতে বিভিন্ন ফল-মূলৰ গছ ৰুবলৈ আৰু শাক-পাচলিৰ খেতি কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় । ইয়াৰ উপৰিও সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা গাঁৱে গাঁৱে দিব্যাংগসকলৰ সমীক্ষা ল'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

এই সমীক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰতিগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে । এই প্ৰমাণ পত্ৰ থকা প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিয়ে চৰকাৰী সা-সুবিধা লাভত সহায়ক হ'ব বুলি তেওঁ মন্তব্য কৰে । অনুষ্ঠানটিত বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গো উপস্থিত থাকে । এই অনুষ্ঠানৰ অন্তত সজাগতামূলক সমদলো উলিওৱা হয় ।

লগতে পঢ়ক:বানপানীৰ সুযোগ লৈ চন্দ্রপুৰত সক্ৰিয় হৈছে গৰু চোৰৰ চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.