বছৰৰ প্ৰথমটো দেওবাৰে জনসমূদ্ৰত পৰিণত হ’ল বনভোজস্থলী দাৰাগাঁও

author img

By

Published : Jan 3, 2022, 7:31 PM IST

daragaon picnic spot

বনভোজস্থলীৰ বাবে এতিয়া সকলোৰে পছন্দৰ ঠাই হৈছে বাক্সা ৷ নান্দনিক দৃশ্যৰে ভৰপূৰ বিভিন্ন ঠাইৰ সমাহাৰেৰে জীপাল বাক্সাই মুহিছে বনভোজৰ দলসমূহক ৷ দেওবাৰে বাক্সাৰ দাৰাগাঁৱত দেখা গ’ল বনভোজ খাবলৈ অহা দলৰ ভিৰ (Daragaon filled with many groups of picnic)৷

বাক্সা , 3 জানুৱাৰী: 2 জানুৱাৰী, 2022 বৰ্ষৰ প্ৰথমটো দেওবাৰ। প্ৰায় দুটা বছৰ ক’ৰণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্তত আহিল নৱবৰ্ষ 2022 । লগতে নতুন বছৰৰ প্ৰথমটো দেওবাৰ। বন্ধৰ এই দিনটোত নিজৰ পৰিয়াল, বন্ধু-বান্ধৱ,সতীৰ্থৰ সৈতে বহু লোক বনভোজলৈ যোৱা পৰিলক্ষিত হ’ল । বছৰৰ প্ৰথমটো দেওবাৰে এটি বনভোজেৰে নৱবৰ্ষক সুন্দৰকৈ আদৰণি জনালে ৰাজ্যৰ একাংশই ৷

ইফালে শীতৰ আগমনৰ লগে লগে বিনন্দীয়া ৰূপ ধাৰণ কৰিছে বাক্সা জিলাৰ প্ৰকৃতিয়ে ৷ বাক্সাৰ সৌন্দৰ্যই এতিয়া হাত বাউল দি মাতিছে সকলোকে ৷ জিলাখনৰ বিভিন্ন স্থান মুকলি কৰা হৈছে বনভোজস্থলী হিচাপে ৷ সেয়েহে যথেষ্ট সমাগম পৰিলক্ষিত হৈছে এইবাৰ বাক্সাত ৷

বছৰৰ প্ৰথমটো দেওবাৰে একপ্ৰকাৰ জনসমূদ্ৰত পৰিণত হ’ল দাৰাগাঁও

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এক বিশেষ অঞ্চল মানাহ টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত দিহিৰা সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক নান্দনিকতাৰে ভৰপুৰ দাৰাগাঁও । বনভোজস্থলীৰ বাবে এতিয়া সকলোৰে পছন্দৰ ঠাই হৈছে বাক্সাৰ এই দাৰাগাঁও(Picnic spot Daragaon) ৷ দেওবাৰে বাক্সাৰ দাৰাগাঁৱত দেখা গ’ল বনভোজ খাবলৈ অহা অসংখ্য দলৰ অভাৱনীয় ভিৰ ৷

ঙল্লেখ্য যে, প্ৰতিবছৰেই এই সময়ছোৱাত দেশী-বিদেশী নানা পৰ্যটকৰে ভৰি পৰে দাৰাগাঁও ৷ ভাৰত-ভূটান সীমান্তত অৱস্থিত দাৰাগাঁৱৰ এই বনভোজস্থলীলৈ ভূটানৰ পৰা বৈ অহা দিৰীং নদীৰ শীতল আৰু নিৰ্মল পানীয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Bogamati picnic spot : বগামাটিৰ সৌন্দৰ্যই মুহিছে বনভোজ দলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.