মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলি থকা কাঠৰ চোৰাং বেহাৰ তদন্ত ঘোষণা

author img

By

Published : Aug 25, 2021, 9:30 PM IST

manash national park

মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অবাধে চলি থকা বনধ্বংস তথা কাঠৰ অবৈধ সৰবৰাহ সন্দৰ্ভ তদন্ত ঘোষণা পৰিবেশ আৰু বন বিভাগৰ ৷ তদন্তকাৰী বিষয়া তথা অতিৰিক্ত সচিব দেৱ কলিতাক এই ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিলৰ দায়িত্ব অৰ্পন কৰিছে বিভাগে ৷

নিউজ ডেস্ক, 25 আগষ্ট : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বাঁশবাৰী খণ্ডত চলি থকা বন ধ্বংস আৰু নদীৰ বুকুৱেদি অবৈধভাৱে কাঠ সৰবৰাহৰ বিষয়টোৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগক ৷ বনবিভাগৰ সচিব এম. বৰুৱা সেনে শনিবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা প্ৰেৰণ কৰি দেব কলিতাক অনুসন্ধানৰ দায়িত্ব অৰ্পন কৰিছে ৷

এই অবৈধ কাৰ্য-কলাপ চলি থকা বন খণ্ডটোৰ দায়িত্বত থকা বিষয়াসকলৰ নাম নিৰ্দিষ্ট কৰাৰ লগতে সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিষয়াগৰাকীক ৷ তাৰোপৰি প্ৰয়োজনত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবেও উল্লেখ কৰা হৈছে এই নিৰ্দেশনাত ৷

উল্লেখ্য যে, একাংশ বন মাফিয়াই দীৰ্ঘ দিন ধৰি বাঁশবাৰী বন খণ্ডত অবাধে মূল্যৱান গছ কাটি সেই সমূহ সৰবৰাহ কৰি আহিছে নদীৰ বুকুৰে ৷ কিন্তু ৰহস্যজনক কাৰণত ইমান দিনে ইয়াৰ বিপক্ষে লোৱা হোৱা নাছিল কোনো ব্যৱস্থা ৷

এতিয়া খোদ বনমন্ত্ৰীয়ে এই সমগ্ৰ বিষয়ৰ তদন্তৰ বাবে নিয়োগ কৰিছে বিষয়া ৷ অনুসন্ধানৰ অন্ততহে জানিব পৰা যাব, কাৰ আশীৰ্বাদত বন মাফিয়াই এইদৰে অবাধে চলাই আছিল কাঠৰ চোৰাং বেহা ৷

লগতে পঢ়কঃ অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.