দলীয় অন্তঃকন্দল: পৰিষদীয় সমষ্টিৰ কাৰ্যবাহীৰ বিৰুদ্ধে ক্ষোভ দলীয় কৰ্মীৰ

author img

By

Published : Sep 22, 2022, 9:00 PM IST

infighting-continues-in-uppl-at-muchalpur

বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধে এঘাৰখন প্ৰাথমিক সমিতিয়ে বুধবাৰে বৰমাত সংবাদমেল আয়োজন কৰি স্বতঃস্ফূৰ্তভাৱে বিদ্ৰোহ আৰম্ভ কৰে ৷ আজি মুছলপুৰৰ ভালুকদঙাৰ ব্লক ইউপিপিএলৰ কাৰ্যালয়ত দলীয় একাংশ কৰ্মীয়ে সংবাদমেল আয়োজন কৰি দলৰ ভাৱমূৰ্তি ম্লান কৰা সকলক তীব্ৰ গৰিহণা দিয়াৰ লগতে আগলৈ এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে (Party infighting in UPPL)৷

বাক্সা, 22 ছেপ্টেম্বৰ: চূড়ান্ত ৰূপ লৈছে ইউপিপিএলৰ দলীয় অন্তঃকন্দলে ৷ বিটিআৰৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে দলীয় বিদ্ৰোহ (Mutiny begins within Baksa UPPL) ৷ বিটিচিৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে এঘাৰখন প্ৰাথমিক সমিতিয়ে বুধবাৰে বৰমাত সংবাদমেল আয়োজন কৰি স্বতঃস্ফূৰ্তভাৱে বিদ্ৰোহ আৰম্ভ কৰে ৷

ইয়াকে লৈ আজি মুছলপুৰৰ ভালুকদঙাৰ ব্লক ইউপিপিএলৰ কাৰ্যালয়ত দলীয় একাংশ কৰ্মীয়ে সংবাদমেল আয়োজন কৰি দলৰ ভাৱমূৰ্তি ম্লান কৰা সকলক তীব্ৰ গৰিহণা দিয়াৰ লগতে আগলৈ এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে (Party infighting in UPPL)৷

ইপিনে, যোৱাকালি ৰাকেশ ব্ৰহ্মৰ বিপক্ষে সংবাদমেল দিয়া পৰেশ ব্ৰহ্মৰ ঘৰ চোতালত গৈ আজি ৰাতিপুৱা ইউপিপিএল দলৰ শতাধিক পুৰুষ-মহিলাই আক্ৰমণ কৰা বুলি জানিবলৈ দিয়ে (Attack on UPPL worker) ৷ পৰেশ ব্ৰহ্মই সাংবাদিকৰ আগত জনায় যে, ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী ৰাকেশ ব্ৰহ্মই অঞ্চলটোত কোনো উন্নয়নৰ কাম কৰা নাই ৷ নিজৰ খেয়াল খুচি মতে কাম কৰি আহিছে ।

পৰিষদীয় সমষ্টিৰ কাৰ্যবাহীৰ বিৰুদ্ধে ক্ষোভ দলীয় কৰ্মীৰ

ইয়াৰ লগতে, দলৰ পুৰণা কৰ্মীসকলক গুৰুত্ব নিদি বৰ্তমান নতুন চামৰ যুৱকসকলক গুৰুত্ব আৰোপ কৰা বুলিও অভিযোগ কৰে পৰেশ ব্ৰহ্মই ৷

তেওঁ লগতে কয় যে, ৰাইজৰ প্ৰতিনিধি এজনে যদি সদায় দলীয় স্বাৰ্থ বাদ দি নিজৰ খেয়াল খুচিতে কাম কৰি গৈ থাকে তেনেহলে বিৰোধ কৰিবলৈ বাধ্য ৷ দলৰ একাংশই তেওঁক শাৰীৰিকভাৱেও আক্ৰমণ কৰে বুলি পৰেশ ব্ৰহ্মই কয় ৷ ইতিমধ্যে মুছলপুৰ থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷

উল্লেখ্য যে, বুধবাৰে বাক্সা জিলাৰ বৰমাত মুছলপুৰ ব্লক UPPL দলৰ এঘাৰখন প্ৰাথমিক সমিতিয়ে সংবাদমেল সম্বোধন কৰি ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধে দলৰ নীতি-নিয়ম ভংগৰ অভিযোগ উত্থাপন কৰে (Revolt begins within Baksa UPPPL) ৷ UPPL দলৰ প্ৰাথমিক সমিতি কেইখনে অভিযোগ কৰি কয় যে, পুৰণা সমিতি ভংগ নকৰাকৈয়ে ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত একোখন নতুন সমিতি গঠন কৰি পুৰণি সমিতিসমূহক কাম-কাজৰ পৰা বঞ্চিত কৰিছে ৷

মুছলপুৰ ব্লক UPPL দলৰ সম্পাদক বাপন বসুমতাৰী, TLCC ৰ সদস্য মনেশ্বৰ বসুমতাৰীৰ নেতৃত্বত দলটোক বিভাজন কৰি পুৰণি সমিতি সমূহক উন্নয়নমূলক কাম-কাজৰ পৰা বঞ্চিত কৰি আহিছে ৷ এই সন্দৰ্ভত উৰ্দ্ধতম কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই সমষ্টিটোত গুণ্ডাগিৰি কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ পাচতেই দুটা পক্ষৰ মাজত বিদ্ৰোহ স্পষ্ট হৈ পৰা দেখা গৈছে ৷

লগতে পঢ়ক: বাক্সাত UPPL ত বিদ্ৰোহৰ উকমুকনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.