আজিও জীয়াই আছে মানৱীয়তা !

author img

By

Published : Aug 27, 2021, 9:35 PM IST

আজিও জীয়াই আছে মানৱীয়তা !

এটা সৰু টিনপাতৰ চালিৰ ঘৰত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে বাক্সাৰ দীপেন বড়োৰ পৰিয়ালে ৷ মাথো পাঁচ-ছখন মান টিনপাত ৷ এই ঘৰটোতেই ৰ’দে বৰষুণে পাঁচ জনীয়া পৰিয়ালটোৱে দিন কটাইছিল ৷ অৱশেষত পৰিয়ালটোৰ সহায় হ’ল কেইজনমান যুৱক ৷

বাক্সা, ২৭ আগষ্ট : অন্ন, বস্ত্ৰ আৰু বাসস্থান জীৱন ধাৰণৰ বাবে প্ৰতিগৰাকী লোকৰ প্ৰাথমিক প্ৰয়োজন ৷ কিন্তু কেৱল মাথো ভাত মুঠি অথবা পিন্ধিবলৈ এখন কাপোৰ থাকিলেইটো নহ’ব ৷ মানুহ হিচাপে পৰিয়ালৰ সৈতে বাস কৰিবলৈ নূন্যতম এটা সঠিক বাসস্থানো প্ৰতিগৰাকী লোকৰে অন্যতম প্ৰয়োজন ৷ দীৰ্ঘদিন ধৰি এই অভাৱৰে সমুখীন হৈ আহিছিল বাক্সা জিলাৰ বৰমা থানা অন্তৰ্গত আলাগজাৰ গাৱৰ এটি দুৰ্ভগীয়া পৰিয়াল ৷

পাঁচজন সদস্যৰে গঠিত পৰিয়ালটোৰ মুৰব্বী দীপেন বড়ো, তেওঁৰ পত্নী, পুত্ৰ আৰু দুজনী কন্যা সহ এটা সৰু টিনপাতৰ চালিৰ ঘৰত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে ৷ পৰিয়ালটোৱে বাস কৰা ঘৰটোৰ চালি বুলিবলৈ আছে মাথো পাঁচ-ছখন মান টিনপাত ৷ এই ঘৰটোতেই ৰ’দে বৰষুণে পাঁচ জনীয়া পৰিয়ালটোৱে দিন কটাইছিল ৷

আজিও জীয়াই আছে মানৱীয়তা !

মন কৰিব লগীয়া যে, পৰিয়ালৰ মুৰব্বী দীপেন বড়ো সম্প্ৰতি বাধাগ্ৰস্ত ৷ সেয়েহে তেওঁৰ পত্নী ভাগ্যশ্ৰী বড়োৱেই দিন হাজিৰা কৰি পৰিয়ালটিৰ পোহ-পাল দি আহিছে ৷ পৰিয়ালটোৰ এনে কষ্টকৰ জীৱন দেখি স্থানীয় যুৱক কেইজনমানে নিজাববীয়াকৈ অৰ্থ সংগ্ৰহ কৰি পৰিয়ালটোক এখন টিনপাতৰ ঘৰ সাজি দিবলৈ সম্প্ৰতি আগবাঢ়ি আহিছে ৷

জানিব পৰা মতে, এই যুৱক কেইজন ইউপিপিএল দলৰ আলাগজাৰৰ প্ৰাইমাৰী সদস্য ৷ তেওঁলোকে জানিবলৈ দিয়ে যে, এনে ধৰণৰ পৰিয়ালক আগলৈও সহায় কৰি যাবলৈ তেওঁলোক সাজু হৈছে ৷ বিগত ১৫ টা বছৰে বিপিএফ দলে চৰকাৰ চলালে যদিও বিটিআৰত থকা ভিতৰুৱা গাঁৱৰ পৰিয়াল সমুহক সহায়ৰ পৰা বিৰত থকাৰ অভিযোগ কৰে ৷ অৱশ্যে অনাগত দিনত ইউপিপিএল দলে এই সকল লোকৰ বাবে কি ভুমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : আজৱ কাণ্ড: দলং নিৰ্মাণত ৰডৰ বিপৰীতে বাঁহৰ শলা ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.