Foundation Day of Bodo Literature: বাক্সাৰ কোকলাবাৰী ৰংজালী পথাৰত জিদো নৱেম্বৰ পালন

author img

By

Published : Nov 14, 2022, 6:23 PM IST

Jido November at Baksha

বাক্সা জিলাৰ বৰমাস্থিত কোকলাবাৰী ৰংজালী পথাৰত বড়ো সাহিত্যৰ জন্মদিনৰ কাৰ্যসূচী (71st Foundation Day of Bodo Literature) । লগতে ৫৩ সংখ্যক বৰমা আঞ্চলিক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ ওপৰিও ৩৭ তম বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনখনো একেলগে আয়োজন কৰা হৈছে ৷

বাক্সা, ১৪ নবেম্বৰ: বাক্সা জিলাৰ বৰমাস্থিত কোকলাবাৰী ৰংজালী পথাৰত আজিৰে পৰা ১৬ নৱেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে বড়ো সাহিত্যৰ ৭১ সংখ্যক জন্মদিন 'জিদো নৱেম্বৰ' আৰম্ভ হৈছে (71st Foundation Day of Bodo Literature) ৷ ৫৩ তম বৰমা আঞ্চলিক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন আৰু ৩৭ তম বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনখনো একেলগে আয়োজন কৰা হৈছে (Annual Session of Barma Bodo Sahitya Sabha) ৷

কাৰ্যসূচী অনুসৰি সোমবাৰে পুৱা ৭.৩০ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে বুদোৰাম বড়োৱে । তাৰ পিছতেই শগেন্দ্ৰ স্বৰ্গীয়াৰী সোঁৱৰণি ৰভাঘৰ, চন্দন কুমাৰ বড়ো সোৱৰণী মঞ্চ, অতিথি গৃহ , মনেশ্বৰ ৰামছিয়াৰী সোঁৱৰণি ভোজনালয় গৃহ মুকলি কৰা হয় (Jido November at Baksha)। আনহাতে,পুৱা ৯ বজাত বড়ো লোক সাহিত্যৰ ওজা সুকুমাৰ বসুমতাৰীৰ ২৬ তম সোঁৱৰণি দিৱস পালন কৰা হয় । এই উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । ইয়াৰ পিছতেই পুৱা ৯.৩০ বজাত সুকুমাৰ বসুমতাৰী সোঁৱৰণি ভলীবল প্ৰতিযোগীতা অনুষ্ঠিত হয় । ইপিনে, দিনৰ ১১ বজাত কাৰ্যনিৰ্বাহক সভা, ২ বজাত বড়ো লোক সাহিত্যৰ ওজা সুকুমাৰ বসুমতাৰীৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷

কোকলাবাৰী ৰংজালী পথাৰত বড়ো সাহিত্যৰ জন্মদিন আৰম্ভ

ইপিনে, সন্ধিয়া ৬.৩০ বজাত 'সনা মাইনাও নাইজাব আফাদ'ৰ থিয়েটাৰৰ দ্বাৰ মুকলি কৰিব বৰমা আঞ্চলিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুবেনজিৎ বড়োৱে ৷ অহা ১৫ নৱেম্বৰৰ পুৱা ৮.৩০ বজাৰ পৰা খেল-ধেমালি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, থিতাতে কবিতা লিখা প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ইয়াৰ পিছতে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব আলোচনা চক্ৰ ৷ আবেলি ৩ বজাৰ পৰা বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহ সভা আৰম্ভ হ'ব ৷ সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব ।

অহা ১৬ নৱেম্বৰৰ পুৱা ৭.৩০ বজাত বৰমা আঞ্চলিক বড়ো সাহিত্য সভা আৰু বৰমা আঞ্চলিক এবছুৰ পতাকা উত্তোলন কৰা হ'ব ৷ ইয়াৰ পিছতেই আৰম্ভ হ'ব স্মৃতি চাৰণ অনুষ্ঠান ৷ দিনৰ ১১ বজাত স্মৃতিগ্ৰন্থ 'বিচম্বি' উন্মোচনৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব । দিনৰ ১২.৩০ বজাত বৰমা আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি বুদোৰাম বড়োৰ সভাপতিত্বত মুকলি অধিবেশন আৰম্ভ হ'ব ৷ উক্ত মুকলি সভাত উপস্থিত থাকিব বাক্সা জিলা এবছুৰ সাধাৰণ সম্পাদক নন্দেশ্বৰ বড়ো, কে বি.দেউলকুছি হাইস্কুলৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰী, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী আদিয়ে অংশগ্ৰহণ কৰিব ৷ ইপিনে, সন্ধিয়া ৬.৩০ বজাত বটা বিতৰণী অনুষ্ঠিত হ'ব ৷ ৭.৩০ টজাত সাস্কৃতিক সন্ধিয়া মুকলি কৰিব বিধায়ক ভূপেন বড়োৱে ৷

লগতে পঢ়ক:71st Foundation Day of Bodo Literature: বাক্সা জিলাত জিদো নৱেম্বৰ পালন কৰাৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.