তামুলপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান : অংশগ্ৰহণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

author img

By

Published : Jan 2, 2022, 8:27 AM IST

তামুলপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

পহিলা জানুৱাৰীৰ দিনটোতে তামুলপুৰত অনুষ্ঠিত হ'ল এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ য'ত অংশ ল'লে BTR প্ৰধান প্ৰমোদ বড়োৱে ৷ বিশেষভাৱে সক্ষম লোকসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান ৷

বাক্সা, 2 জানুৱাৰী : বিশেষভাৱে সক্ষম লোকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্য নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা তামুলপুৰত অনুষ্ঠিত কৰা হ'ল এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান (Felicitation programme held at Tamulpur) ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে মত বিনিময় কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro at Tamulpur) ৷

নৱবৰ্ষ উপলক্ষে ৰাজ্যজুৰি আনন্দ আৰু উচাহে বিৰাজ কৰাৰ সময়তে দিব্যাংগ লোকসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানৰ দ্বাৰা সময় অতিবাহিত কৰে BTR প্ৰধানগৰাকীয়ে ৷ অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী দিব্যাংগ লোকক গামোচা পিন্ধাই সম্বৰ্ধনা জনাই BTR ত শীঘ্ৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে শৈক্ষিক অনুষ্ঠান গঢ়ি তোলা হ’ব বুলি মতপোষণ কৰে প্ৰমোদ বড়োৱে ৷

তামুলপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

উক্ত অনুষ্ঠানৰ জৰিয়তে দিব্যাংগ লোকসকলৰ বিভিন্ন সমস্যা সমাধান তথা বিভিন্ন বিষয়ত আলোচনা কৰা হয় ৷ BTR চৰকাৰে প্ৰতিবছৰে এইসকল লোকৰ বাবে আগবঢ়াব এক কোটি টকা । এই কথাও সদৰী কৰে বিটিআৰ প্ৰধানগৰাকীয়ে ৷

উল্লেখ্য যে, এই অনুষ্ঠানতে BTR ৰ কাৰ্যবাহী সদস্য গৌতম দাসে চাৰিওখন জিলাৰ বাবে মুকলি কৰে এম্বুলেঞ্চ সেৱা ৷ ফ্লেগ অফ কৰি এম্বুলেঞ্চ সেৱাৰ শুভাৰম্ভ কৰে প্ৰমোদ বড়ো আৰু গৌতম দাসে ৷

লগতে পঢ়ক : BTC Council anniversary : বিটিআৰ সচিবালয় প্ৰাংগণত উদযাপন বিটিচি পৰিষদৰ বৰ্ষপূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.