বাক্সাত UPPL ত বিদ্ৰোহৰ উকমুকনি

author img

By

Published : Sep 21, 2022, 10:45 PM IST

factional revolt in baksa uppl

BTR ৰ মুছলপুৰ পৰিষদীয় সমষ্টিত UPPPL ৰ মাজত আৰম্ভ হৈছে দলীয় বিদ্ৰোহ ৷ ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধে উত্থাপন হৈছে ইটোৰ পাছত সিটোকৈ অভিযোগ(Complaint against executive member Rakesh Brahma) । সংবাদমেলযোগে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে UPPL দলৰ এঘাৰখন প্ৰাথমিক সমিতিয়ে(Factional revolt begins within Baksa UPPPL) ।

বাক্সা,২১ চেপ্তেম্বৰ: UPPL দলত বিদ্ৰোহৰ উকমুকনি ৷ BTR ৰ মুছলপুৰ পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে দলীয় বিদ্ৰোহ ৷ বিটিচিৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে এঘাৰখন প্ৰাথমিক সমিতিৰ বিদ্ৰোহ ৷ বাক্সা জিলাৰ মুছলপুৰ সমষ্টিত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক তীব্ৰ সমালোচনা কৰে(Complaint against executive member Rakesh Brahma) ৷

বুধবাৰে বাক্সা জিলাৰ বৰমাত মুছলপুৰ ব্লক UPPL দলৰ এঘাৰখন প্ৰাথমিক সমিতিয়ে সংবাদমেল সম্বোধন কৰি ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধে দলৰ নীতি-নিয়ম ভংগৰ অভিযোগ উত্থাপন কৰে(Factional revolt begins within Baksa UPPPL) ৷ UPPL দলৰ প্ৰাথমিক সমিতি কেইখনে অভিযোগ কৰি কয় যে পুৰণা সমিতি ভংগ নকৰাকৈয়ে ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত একোখন নতুন সমিতি গঠন কৰি পুৰণি সমিতিসমূহক কামকাজৰ পৰা বঞ্চিত কৰিছে ৷

বাক্সাত UPPL ত বিদ্ৰোহৰ উকমুকনি

মুছলপুৰ ব্লক UPPL দলৰ সম্পাদক বাপন বসুমতাৰী, TLCC ৰ সদস্য মনেশ্বৰ বসুমতাৰীৰ নেতৃত্বত দলটোক বিভাজন কৰি পুৰণি সমিতি সমূহক উন্নয়নমূলক কামকাজৰ পৰা বঞ্চিত কৰি আহিছে ৷ এই সন্দৰ্ভত উৰ্দ্ধতম কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই সমষ্টিটোত গুণ্ডাগিৰি কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ৷

নিজৰ খেয়ালখুচি অনুসৰি দলীয় সংবিধান অৱমাননা কৰি আহিছে বুলি উল্লেখ কৰাৰ উপৰিও ৰাকেশ ব্ৰহ্মই দলীয় কৰ্মীক মাৰপিট কৰা বুলিও অভিযোগ উত্থাপন কৰে ৷ আনহাতে যদিহে দলীয় শীৰ্ষ নেতৃত্বই এই বিষয়ত কোনো গুৰুত্ব নিদিয়ে তেন্তে মুছলপুৰ ব্লক UPPPL দলৰ অন্তৰ্গত এঘাৰখন প্ৰাথমিক সমিতিয়ে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: যোৰহাট কৰদাতা নাগৰিক মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.