বাক্সাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজা

author img

By

Published : Oct 2, 2022, 3:03 PM IST

durga puja at sripur devalaya at bashka

বাক্সা জিলাৰ ঐতিহাসিক পুৰাণ শ্ৰীপুৰ দেৱালয়তো উদযাপন কৰা হৈছে দুৰ্গোৎসৱ ৷ ঐতিহাসিক দেৱালয়খনত অহোম ৰাজত্ব কালৰে পৰা চলি আহিছে দুৰ্গা পূজা ৷

বাক্সা, ২ অক্টোবৰ: বাক্সা জিলাৰ ঐতিহাসিক পুৰাণ শ্ৰীপুৰ দেৱালয়তো আৰম্ভ হৈছে দুৰ্গা পূজা(Durga Puja at Baksa) ৷ পূজা উদযাপন সমিতিৰ সভাপতি গংগাধৰ বৰ্মনে সদৰী কৰা মতে, দেওবাৰে পুৱা বন্তি প্ৰজ্বলন কৰে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ই এম ৰাকেশ ব্ৰহ্মই (EM of Mushalpur Constituency)। ৩ অক্টোবৰৰ পুৱা বন্তি প্ৰজ্বলন কৰিব ৬২ নং বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে । ইয়াৰ পিছতে মহাষ্টমীৰ পূজা আৰম্ভ হ’ব ৷

বাক্সাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজা

আনহাতে, ৪ অক্টোবৰ পুৱা বন্তি প্ৰজ্বলন কৰিব বিটিচিৰ প্ৰাক্তন এমচিএলএ অনসুমৈ শুংগুৰ বড়োৱে । ইয়াৰ পিছতে নৱমী পূজা আৰম্ভ হ’ব ৷ উল্লেখ্য যে, বাক্সা জিলাৰ ঐতিহাসিক এই পুৰাণ শ্ৰীপুৰ দেৱালয়ত অহোম ৰাজত্ব কালৰে পৰা চলি অহা প্ৰমাণ পোৱা গৈছে ৷

পূজা উদযাপন সমিতিৰ সভাপতি গংগাধৰ বৰ্মনে উল্লেখ কৰা মতে, মন্দিৰ সংযোগী পথটো চৰকাৰে আজিলৈকে মেৰামতি কৰা নাই । মন্দিৰৰ কাষেৰে বৈ যোৱা নদীৰ ওপৰত থকা কাঠৰ দলংখনৰ অৱস্থাও তথৈবচ । সেয়ে এইক্ষেত্ৰত ব্যৱস্থা কৰিবলৈ চৰকাৰক তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক:টীয়কত উলহ-মালহে মহাষষ্ঠীৰ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.