বাক্সাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ চেক প্ৰদান

author img

By

Published : Dec 30, 2021, 1:14 PM IST

microfinance loan

অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ সকাহ আৰু উদগনিমূলক আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে (Cheque Distributed in Baksa under AMFIRS scheme) ৷ প্ৰথম পৰ্যায়ত মুঠ 22 কোটি 61 লাখ টকাৰ চেক বিতৰণৰ লক্ষ্য ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ৷

বাক্সা, 30 ডিচেম্বৰ : বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বুধবাৰে অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ সকাহ আৰু উদগনিমূলক আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচী সুকলমে সম্পন্ন হৈ যায় (Cheque Distribution in Baksa under AMFIRS scheme) ৷ বুধবাৰৰ এই অনুষ্ঠানত জিলাখনৰ মুঠ 11,254 গৰাকী হিতাধিকাৰীক পৰ্যায়ক্ৰমে চেক বিতৰণ কৰা হয় ৷

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সকাহ তিনিটা পৰ্যায়ত দিয়া হ’ব বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰে ৷ জিলাখনত মুঠ 22 কোটি 61 লাখ টকা প্ৰথম পৰ্যায়ত বিতৰণ কৰা হ’ব ৷ এই চেক বিতৰণ কাৰ্যসূচীত বিত্তমন্ত্ৰীৰ লগতে হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে ৷

বাক্সাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ চেক্ প্ৰদান

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত অসম বিধানসভাৰ নিৰ্বাচনী ভাষণত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ কথা কৈছিল ৷ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলি মন্তব্য কৰি অজন্তা নেওগে নাৰী সবলীকৰণৰ দিশে আগবাঢ়ি যোৱা মহিলাসকলৰ ক্ষেত্ৰত এই ৰেহাই ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰে ৷

ইতিমধ্যে 28 নৱেম্বৰৰ পৰা অসমৰ বিভিন্ন জিলাত পৰ্যায়ক্ৰমে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ গ্ৰহণ কৰা মহিলাসকলক সকাহ দিবলৈ "অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ সকাহ আৰু উদগনিমূলক আঁচনি" ৰ জৰিয়তে চেক প্ৰদান কৰি থকা বুলি মন্ত্ৰী নেওগে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বুধবাৰৰ অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে পাঁচ হাজাৰ মহিলাৰ মাজত চেক বিতৰণ কৰা হয় ৷

লগতে পঢ়ক: চিৰাঙত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.