Daily Horoscope For 9th January: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jan 9, 2023, 5:07 AM IST

DAILY HOROSCOPE FOR 9TH JANUARY 2023

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

মেষৰাশি: আজি গোটেই দিনটো দুখ আৰু ক্ষোভ থাকিব আপোনাৰ মনত, তাৰ বাবে সাজু হৈ থাকক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক । সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব । বাহন সাৱধানে চলাব । নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক । পঢ়ুৱৈ আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে দিনটো অন্যান্য দিনৰ দৰেই থাকিব ।

বৃষৰাশি: আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব । আজি আপুনি কল্পনা বিলাসী আৰু সৃজনশীল হৈ থাকিব, লগতে আপুনি নিজৰ স্বৰ্গ ৰাজ্যত বিচৰণ কৰিব । আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব । আৰ্থিক বিষয়বোৰ আপোনাৰ মূল বিষয় হৈ উঠিব । সুখাদ্য ভোজনৰ যোগ আছে ।

মিথুনৰাশি: আপুনি সময়ত কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধা পাব আৰু কিবা নহয় কিবা কাৰণত কামত দেৰি হৈ থাকিব । কিন্তু অধিক প্ৰয়াস কৰি আপুনি পৰিকল্পনা অনুসৰি অৱশেষত কাম সম্পন্ন কৰিব পাৰিব। আৰ্থিক বিষয়সমূহত ব্যৰ্থতা আহিব পাৰে, কিন্তু আকৌ আপোনাৰ পৰিকল্পনা অনুসৰিয়ে আপোনাৰ কামবোৰ নিমজকৈ আগবাঢ়ি যাব । কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই হ’ব । সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব । বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি ভাল লাগিব ।

ককৰ্ট ৰাশি: আনন্দ, হাঁহি-ফূৰ্তি, উলহ-মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব । ভ্ৰমণৰ যোগ আছে । সুখাদ্য আৰু মিঠাই ভোজন হ’ব পাৰে । আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব । আৰ্থিক লাভ হ’ব পাৰে ।

সিংহৰাশি: আজি আপুনি প্ৰবল অনুভূতি প্ৰৱণ হৈ থাকিব, যাৰ ফলত আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব। নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব । কাৰো হৈ কোনো কথা নক’ব বা কাৰো হৈ কোনো কথা নিদিব । তৰ্ক বিবাদৰ পৰা দূৰত থাকক । আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওঁক । সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক । ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব ।

কন্যাৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । সকলো ক্ষেত্ৰৰ পৰা লাভবান হ’ব । এই ক্ষেত্ৰত সহায়কৰ ভূমিকা পালন কৰিব পাৰে বান্ধৱীসকলে । বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে । সন্তানৰ পৰা সুসংবাদ পোৱাৰ আশা আছে ।

তুলাৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যধিক শুভ । ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো বৰ উজ্জ্বল আৰু অলুকূল । ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ যোগ আছে । পদোন্নতিৰ প্ৰবল সুযোগ আছে । ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । মাতৃৰ পৰা কোনো লাভ আৰু উপকাৰ পাব পাৰে । কৰ্মক্ষেত্ৰৰ কোনো কাম আপোনাৰ অলুকূলত যাব পাৰে ।

বৃশ্চিকৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব লাগিব । আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি বিশেষ প্ৰসন্ন নাথাকিব আৰু আপোনাৰ সকলো কামক জটিলভাৱে বিচাৰ বিশ্লেষণ কৰিব । যাৰ ফলত আপুনি হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে । লগতে আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক । সৰুসুৰা ভ্ৰমণত যাব পাৰে ।

ধনুৰাশি: নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । নতুন কোনো চিকিৎসাও আজি নকৰিব । আপোনাৰ কথা বতৰা আৰু আচৰণত সাৱধান হওঁক । অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । স্বাস্থ্যৰ প্ৰতি চকু দিয়ক । ব্যয় হোৱাৰ সম্ভাৱনা আছে । অবৈধ সম্পৰ্ক আৰু বেআইনী কামত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল লাগিব ।

মকৰৰাশি: আজিৰ দিনটো শুভ । আজি ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰভূত সম্ভাৱনা আছে । কমিছন, সুত পোৱাৰ জৰিয়তে বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ উজ্জ্বল সম্ভাৱনা আছে । আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰভূত উন্নতি হ’ব । আপোনাৰ ৰাজহুৱা ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তিৰ লেখতল’বলগীয়াকৈ উন্নত হ’ব । সৰুসুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।

কুম্ভৰাশি: আজি আপোনাৰ হাতৰ মুঠিত পৃথিৱীখন আহি গৈছে যেন লাগিব । কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব আপুনি । ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সাহায্য আৰু উপকাৰ কৰিব । পৰিয়ালৰ সৈতে সময় কটালে নিশ্চিতকৈ আনন্দ পাব আৰু সেয়া আপোনাৰ বাবে মূল্যবান যেন লাগিব । পুৱাৰ পৰা সন্ধিয়ালৈকে আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব লাগিব ।

মীনৰাশি: আজি আপোনাৰ প্ৰচণ্ড সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে । আজি আপুনি নিজৰ কল্পৰাজ্যত নিজৰ ইচ্ছামতে য’তেই ইচ্ছা ত’তেই বিচৰণ কৰিব । আজিৰ দিনটো পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ কাৰণে বৰ ভাল । আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.