ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক

author img

By

Published : Aug 24, 2021, 10:51 PM IST

central state minister pratima bhoumik

মঙলবাৰে অসম ভ্ৰমণ কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উষ্ম আদৰণি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক ৷

বাক্সা,গুৱাহাটী, 24 আগষ্ট : ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উন্নয়নৰ দিশত আগবাঢ়ি যাব ।’’ এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ । মঙলবাৰে বাক্সা জিলাৰ বৰমাস্থিত বৰমা মহাবিদ্যালয়ৰ সভাগৃহত এলিমকোৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত সামাজিক অধিকাৰিতা শিবিৰ পাতি জিলাখনৰ দিব্যাংগ সকলকলৈ অনুষ্ঠিত কৰা এখন সভাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে ৷ তাৰ লগতে তেওঁলোকৰ মাজত কিছু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব । তাৰোপৰি অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰীৰ সহযোগত উক্ত সমস্যা সমাধান হ’ব বুলি মন্তব্য আগবঢ়ায় ৷ ত্ৰিপুৰাত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত বিজেপি চৰকাৰ হ’ল আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তথা ত্ৰিপুৰা মুখ্যমন্ত্ৰীৰ সহযোগত ৰিয়াং শৰণাৰ্থী সকলৰ সমস্যাৰ সমাধান হৈছে বুলি মন্তব্য কৰে প্ৰতিমা ভৌমিকে ।

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক

লগতে পঢ়ক : ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ: কেশৱ মহন্ত

তেওঁ আৰু কয় যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিটিআৰৰ উন্নয়নৰ বাবেও বিজেপি চৰকাৰে কাম কৰি আছে । দেশত থকা ২.৬৮ কোটি বিশেষভাৱে সক্ষম লোকৰ স্কীল ডেভেলপমেন্ট কৰাৰ কাৰণে নিজ নিজ ৰাজ্যক দায়িত্ব দিছে প্ৰধানমন্ত্ৰীয়ে । বিটিআৰৰ চাৰি জিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লগত লৈ বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োৱে কাম কৰি যাব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে ।

central state minister pratima bhoumik
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰতিমা ভৌমিক

লগতে পঢ়ক : অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকি বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে বিটিআৰৰ চাৰিওখন জিলাত থকা দিব্যাংগ সকলক সহায় কৰিব বুলি মন্তব্য কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বড়ো ভূমিত পদাৰ্পন কৰাত তেওঁলোক যথেষ্ট পৰিমাণে উৎসাহিত হৈ পৰা বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ।

central state minister pratima bhoumik
বাক্সাত প্ৰতিমা ভৌমিকক সম্বৰ্ধনা

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাত স্থান পোৱা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকক মঙলবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় । চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দায়িত্ব পোৱাৰ পাছত প্ৰথম বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হয় । ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰ‍কীক উষ্ম আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

central state minister pratima bhoumik
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰতিমা ভৌমিক

লগতে পঢ়ক : জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

অনুষ্ঠানত সাংসদ কুইন ওজা আৰু বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই মহিলা মৰ্চাৰ বিষয়ববীয়া সকলৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়া সকলৰ লগত মত বিনিময় কৰে । অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াসকলৰ তৰফৰ পৰাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয় । বিয়লিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকৰে এক আলোচনাত মিলিত হয় ।

লগতে পঢ়ক : ৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্ৰ বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.