BPF executive meeting: ১০ ফেব্ৰুৱাৰীত বিপিএফ দলে পালন কৰিব বিটিচি চুক্তি দিৱস

author img

By

Published : Jan 22, 2022, 7:15 PM IST

BPF executive meeting

শনিবাৰে বাক্সাৰ বাথৌপুৰীত অনুষ্ঠিত হয় বিপিএফ দলৰ কাৰ্যনিৰ্বাহক সভা (BPF executive meeting at Baksa)। এই কাৰ্যনিৰ্বাহকতে হাগ্ৰামা মহিলাৰীৰ ঘোষণা অহা ১০ ফেব্ৰুৱাৰীত দলটোৱে পালন কৰিব বিটিচি চুক্তি দিৱসৰ । ইউপিপিএল দলক তীব্ৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ ।

বাক্সা, ২২ জানুৱাৰী: বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপুৰীত শনিবাৰে বিপিএফ দলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (BPF executive meeting at Baksa)। দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ সভাৰ শেষত সংবাদমাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয় যে অহা ১০ ফেব্ৰুৱাৰীত বিপিএফ দলে বিটিচি চুক্তি দিৱস পালন কৰিব (BPF Party to observe BTC accord Day)।

১০ ফেব্ৰুৱাৰীত বিপিএফ দলে পালন কৰিব বিটিচি চুক্তি দিৱস

বিপিএফৰ শাসনত প্ৰতিবছৰে এই দিৱস পালন কৰা হৈছিল আৰু এইবাৰো বিপিএফ দলে বিটিচি চুক্তি দিৱস পালন কৰিব । হাগ্ৰামা মহিলাৰীয়ে জনোৱা মতে বিপিএফৰ ১০ খন জিলা সমিতিৰ অধীনতে এই দিৱস পালন কৰা হ'ব । ইফালে ইউপিপিএল দলক সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে অভিভাৱক সন্মিলন অনুষ্ঠিত কৰি ইউপিপিএল দলে কি কাম কৰি আছে সেই বিষয়ে অৱগত কৰিব ।

কাৰ্যনিৰ্বাহক সভাত সাংগঠনিকভাৱে দলটোক শক্তিশালী কৰাৰ ওপৰতো আলোচনা কৰা হয় । বিজেপি দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ কথাও নস্যাৎ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ কাৰ্যনিৰ্বাহক সভাত বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীকে ধৰি দলীয় বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Karbi Anglong Autonomous Council: অবৈধ নিযুক্তিৰ অভিযোগৰ তদন্ত ঘোষণা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.