No Bhogali Bihu: 25 বছৰে ভোগালীৰ ভূ ৰখা নাই কেকেৰীকুছিবাসীয়ে

author img

By

Published : Jan 12, 2023, 10:16 PM IST

Bhogali tragedy of Kekerikuchi

কেকেৰীকুছিৰ কাহিনী আপোনাৰ বাৰু মনত আছেনে ? 25 বছৰ হ’ল, লাহে লাহে অসমবাসীৰ বাবে বিস্মৃতি হৈ পৰিল কেকেৰীকুছি (Bhogali tragedy of Kekerikuchi) ৷ সুদীৰ্ঘ এই সময়ে কিন্তু কেকেৰীকুছিলৈ ঘূৰাই আনিব নোৱাৰিলে হেৰোৱা আনন্দ ৷ ভোগৰ ভোগালী বুলি কেকেৰীকুছিত আজি নাই কোনো আনন্দ, কোনো উচাহ ৷ ঢেঁকীৰ গুমগুমণিও নাই তাত ৷ ল’ৰাহঁতে ভেলাঘৰো সজা নাই ৷ ভোগালী মানেই যেন এক আতংক কেকেৰীকুছিৰ বাবে ৷ ভোগৰ ভোগালীত মৃতকৰ সমাধিত ৰৈ উচুপিবলৈ 25 বছৰ আগতে কেকেৰীকুছিৰ ৰাইজক বাধ্য কৰিছিল উগ্ৰপন্থীয়ে ৷ আজিও সেই শোক মাৰ যোৱা নাই ৷ আহক কেকেৰীকুছিৰ কথাকে পাতো...

কেকেৰীকুছিত নাই ভোগালীৰ উচাহ

ৰঙিয়া, 12 জানুৱাৰী: সমগ্ৰ ৰাজ‍্যতেই বৰ্তমান ভোগালী বিহুৰ প্ৰস্তুতি তুংগত উঠিছে (Preparation of Bhogali Bihu in Assam)। মেজি-ভেলাঘৰ সমূহৰ নিৰ্মাণো প্ৰায় সম্পূৰ্ণ হৈছে ৷ ঘৰে ঘৰে মহিলাসকল চিৰা-পিঠা-সান্দহ আদি সাজু কৰিছে ভোগৰ ভোগালীৰ বাবে ৷ কিন্তু এই অসম মুলুকৰ এখন গাঁৱত নাই ভোগালীৰ কোনো উচাহ ৷ যোৱা 25 বছৰ ধৰি গাঁওখনৰ ৰাইজে ভোগালী বিহু পালন কৰা নাই । আনন্দ-স্ফূৰ্তিৰ বিপৰীতে মাঘ বিহুৰ দিনা গাঁওবাসীয়ে অনাহাৰে থাকি শোক পালন কৰি আহিছে বছৰ বছৰ ধৰি । উৰুকাৰ দিনা ভোজ-ভাত খোৱাৰ পৰিৱৰ্তে চাকি-বন্তি জ্বলাই ওৰে নিশা উজাগৰে কটায় এই গাঁওখনৰ লোকসকলে । এই গাঁওখন হৈছে বৰ্তমান বাক্সা জিলাৰ অন্তৰ্ভুক্ত কেকেৰীকুছি ৷ এই গাঁওখনৰ শিশু সকলে নাজানে মাঘ বিহু কিদৰে পালন কৰা হয় বা ইয়াৰ পৰম্পৰা সমূহ কেনে ধৰণৰ ।

আজিৰ পৰা 25 বছৰ পূৰ্বে 1998 চনৰ 13 জানুৱাৰীত কেকেৰীকুছিলৈ নামি আহিছিল কাল অমানিশা ৷ তেতিয়াৰ অবিভক্ত নলবাৰী জিলাৰ অন্তৰ্গত আছিল কেকেৰীকুছি ৷ সেইসময়ত ৰাজ্যত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰলৈ শাসন চলাইছিল অগপ দলে ৷ অসমৰ ইতিহাসত মহন্তৰ দ্বিতীয়টো কাৰ্যকালৰ বহু ঘটনা তেজৰ ৰঙেৰে লিখা হৈ ৰ’ল ৷ সেই সময়ত ৰাজ্যত ইটোৰ পিচত সিটো হত্যাৰ ঘটনা সংঘটিত হৈছিল, যাক পাচলৈ গুপ্তহত্যা নামেৰে অভিহীত কৰা হয় ৷ একে সময়তে বড়োভূমি উত্তাল তথা ৰক্তাক্ত কৰি তুলিছিল তেতিয়াৰ বড়ো উগ্ৰপন্থী সংগঠন বি এল টিয়ে (BLT militant attack at Kekerikuchi) ৷

1998 চনৰ মাঘ বিহুৰ উৰুকাৰ কথা ৷ ৰাজ্যৰ আন ঠাইৰ দৰে কেকেৰীকুছিতো ৰাইজে একেলগে উৰুকাৰ ভোজ-ভাতৰ যা-জোগাৰ কৰিছিল ৷ নিশা ৮.১০ মান বজাত যেন উৰুকাৰ সকলো উচাহ সকলো আনন্দ ধোঁৱা আৰু তেজৰ চেঁকুৰাৰ লগত মিলি গ’ল কেকেৰীকুছিত (People in Kekerikuchi have not celebrate Bhogali) ৷ অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীয়ে কেকেৰীকুছিত পাতিলে নৰমেধ যজ্ঞ ৷ নিৰ্বিচাৰ গুলীচালনাত শিশু মহিলা সহ 17 জনকৈ নিৰীহ লোক নিহত হৈছিল গাঁওখনত । কোনেও একো তলকিবই নোৱাৰিলে ৷ কেকেৰীকুছিত পৰি ৰ’ল নিমিষতে মৃত্যুৰ কোলাত শুই পৰা 17 গৰাকী নিৰীহৰ দেহ আৰু তেজৰ দোঙা ৷ ভোগালী বিহুত মেজিৰ পৰিৱৰ্তে কেকেৰীকুছিত একেলগে জ্বলিল 17 খন চিতা ৷

লগতে পঢ়ক: Bhugali bihu preparation: টীয়কত টুইন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ

সেই বিভীষিকাময় দিনটোৰ পাছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন কৰা নাই কেকেৰীকুছিত । এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত এহেজাৰ চাকি জ্বলোৱাৰ লগতে নাম-কীৰ্তন অনুস্থিত কৰি আহিছে । এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মাহাৰা হোৱাৰ পৰিবৰ্তে শোক পালন কৰি আহিছে । মাঘৰ বিহুৰ উৰুকা আহি পোৱাৰ লগে লগে ৰাইজৰ মাজত সেই আতংকময় ভয়াৱহ দিনটোৰ স্মৃতি যেন পুনৰ ভাঁহি উঠে ৷ হিয়া ঢাকুৰি কান্দি উঠে আপোনজনক হেৰুৱাই দিশহাৰা হোৱা পৰিয়ালসমূহে (Militant attack in Assam) ৷

উল্লেখ্য যে, মাঘ বিহুৰ উৰুকাৰ নিশা কেকেৰীকুছি গাঁৱৰ ৰাইজে ভোজ-ভাতৰ প্ৰস্তুতি চলাই থকাৰ সময়তে হাতে হাতে মাৰণাস্ত্ৰ লৈ কেইজনমান বড়ো উগ্ৰপন্থীয়ে জধেমধে গুলীচালনা কৰিছিল । এই গুলীচালনাত নিহত সকল আছি জয়মতী কলিতা, হেমচন্দ্ৰ কলিতা, দ্বিপেন কলিতা, প্ৰতিমা কলিতা, হিৰণ কলিতা, গীতাৰাণী কলিতা, নৱজিত কলিতা, কুঞ্জপ্ৰভা কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা, প্ৰমোদ কলিতা, ফেলেনী ভূঞা, বীণা ভূঞা, লিপিকা কলিতা, গীতাঞ্জলী কলিতা, ধনেশ্বৰ কলিতা আৰু মহেশ্বৰ হালৈ । দিন বাগৰি গ’ল, অসমৰ আন প্ৰান্তৰ বাবে সেই ঘটনা অতীত বুকুত বিলীন হ’ল ৷ কিন্তু কেকেৰীকুছিবাসীৰ বাবে আজিও এটুকুৰা কেঁচা ঘাঁ হৈ থাকি গ’ল উগ্ৰপন্থীৰ জিঘাংসাৰ এই ঘটনা ৷

বিগত 24 বছৰেও নিৰ্দোষী ব্যক্তি কেইগৰাকীৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ চৰকাৰ সক্ষম নহ’ল । এই বিভিষিকাৰ পিছত গাঁওখনলৈ বিয়া হৈ অহা বোৱাৰীসকলেও আজিলৈকে পালন কৰি পোৱা নাই মাঘৰ বিহু । গাঁওখনৰ শিশুৰ লগতে চেমনীয়াসকলেও নাজানে মাঘৰ বিহুৰ পৰম্পৰা সমূহ ।ৰঙিয়াৰ স্থানীয় বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই বিষয়টো সন্দৰ্ভত সেই সময়ৰ শাসনৰ গাদীত থকা অগপ আৰু 2001 চনত শাসনলৈ অহা কংগ্ৰেছৰ চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে (Kekerikuchi mass killing incident) ৷

এক বক্তব্যত তেওঁ কয় যে, উপযুক্ত সময় থকাৰ পিছতো সেই সময়ৰ প্ৰশাসনে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল । সেই সময়ৰ বিভীষিকাৰ কথা মনত পেলাই বিধায়কগৰাকীয়ে হিংসাই উন্নতিৰ পথত হেঙাৰ ৰূপে থিয় দিয়ে বুলি উল্লেখ কৰে । শান্তি থাকিলেহে উন্নয়ন আহিব বুলি মন্তব্য কৰি মৃতকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: Assam Govt cabinet decisions: সাগৰমালাত অন্তৰ্ভুক্ত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ পাঁচ তীৰ্থস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.