সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ বাক্সা পৰিবহণ বিভাগ

author img

By

Published : Jan 16, 2022, 11:41 AM IST

baksa-traffic-police-strict-against-drink-and-drive

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লোৱা পদক্ষেপক লৈ তৎপৰ হৈছে প্ৰশাসন । হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি বাহন চলোৱা সকলক বিহা হৈছে জৰিমনা । বাক্সাত যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে নিশা চলিল অভিযান ৷

বাক্সা,16 জানুৱাৰী : পথ দুৰ্ঘটনা ৰোধৰ বাবে ভোগালীৰ দ্বিতীয় দিনাও বৰমাৰ ৰাজপথত চলিল আৰক্ষীৰ অভিযান ৷ বাক্সা জিলাৰ বৰমাত সুৰাসক্ত চালক, হেলমেট পৰিধান নকৰা, ৪ চকীয়া বাহনত চিট বেল্ট পৰিধান নকৰা যান-বাহন চালকৰ ওপৰত তীব্ৰ তালাচী অভিযান চলালে আৰক্ষীয়ে (Baksa traffic police strict against Drink and Drive)৷

সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ বাক্সা পৰিবহণ বিভাগ

ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ লগতে জিলাখনত যান-বাহন আইন অমান্য কৰি বাহন চলোৱাৰ ফলত বহুতে ভৰিবলগীয়া হৈছে জৰিমনা । যিসকলে যান-বাহন আইন উলংঘা কৰিছে, তেওঁলোকক কঠোৰ জৰিমনা বিহে আৰক্ষীয়ে ৷ প্ৰতিজন মটৰ চাইকেল আৰোহীক হেলমেট পৰিধান কৰাৰ (Helmets mandatory for pillion riders in Baksa) লগতে কোনো কাৰণত যাতে সুৰা সেৱন কৰি বাহন চলাব নোৱাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰে আৰক্ষীয়ে ৷

ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বাক্সা জিলাৰ পৰিবহণ‌ বিষয়াই দিনে নিশাই জিলাখনৰ মুছলপুৰ, শালবাৰী, তামুলপুৰ, গোৰেশ্বৰ আদিকে ধৰি প্ৰতিখন থানা আৰু আৰক্ষী চকীত‌ অন্তৰ্গত ৰাজপথ সমূহত অভিযান চলায় ৷

লগতে পঢ়ক : Nagaon Police against drink and drive : নগাঁৱত সুৰাসক্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.