ETV Bharat / state

বাক্সাত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

সোমবাৰে বাক্সা জিলাৰ মুছলপুৰৰ বৰিমাখাত মৰা পাগলাদিয়া নদীৰ পাৰত গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা AK 47 ৰাইফলৰ লগতে 107 জাঁই গুলী, এটা পিষ্টলৰ লগতে 8 জাঁই সজীৱ গুলী ৷

arms_recovery at baksa
বাক্সাত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
author img

By

Published : February 1, 2021 at 3:43 PM IST

|

Updated : February 1, 2021 at 4:26 PM IST

Choose ETV Bharat

বাক্সা, 1 ফেব্ৰুৱাৰী : বি টি আৰত অব্যাহত আছে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান ৷ বি টি আৰৰ এখনৰ পিছত আন এখন ঠাইত উদ্ধাৰ হৈছে অবৈধ মৰণাস্ত্ৰ ৷

সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ ৷ জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিমাখাত মৰা পাগলাদিয়া নদীৰ পাৰত গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰখিনি ৷

সেই নিৰ্দিষ্ট স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা AK 47 ৰাইফলৰ লগতে ইয়াৰ 107 জাঁই গুলী, এটা পিষ্টলৰ লগতে ইয়াৰ 8 জাঁই সজীৱ গুলী ৷

বাক্সাত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ এক গোপন সূত্ৰৰ পমখেদি বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইৰ নেতৃত্বত বৰবৰী আৰক্ষীয়ে বৰিমাখাৰ মৰা পাগলাদিয়া নদীৰ পাৰত গাত খান্দি উদ্ধাৰ কৰে এই অবৈধ মাৰণাস্ত্ৰখিনি ৷ অৱশ্যে উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰখিনি কাৰ, সেই বিষয়ে বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

Last Updated : February 1, 2021 at 4:26 PM IST