প্ৰতিবাদী আছু কৰ্মীৰ শ্লোগানেৰে উত্তাল বৰমাৰ ৰাজপথ

author img

By

Published : Aug 28, 2021, 2:16 PM IST

aasu-protest-at-barama

বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত এই প্ৰতিবাদ ৷

বাক্সা, ২৮ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক সদস্যই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

aasu-protest-at-barama
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰমাত আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল সন্মুখত লৈ আৰু হাতে হাতে প্লে কাৰ্ড প্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্ৰী হায় হায়, পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে ৷ উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ বাবে বৰ্তমান সমগ্ৰ অসমৰ জনসাধাৰণে আৰ্থিক সংকটত ভূগিবলগীয়া হৈছে ।

বৰমাৰ ৰাজপথত আছুৰ নেতৃত্ব

চৰকাৰী চাকৰিয়ালসকলক বাদ দি ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিকসকলে কাম কৰিব নোৱাৰাৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । একেদৰে স্তব্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ এনে সময়তে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত জনতাই দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৷

aasu-protest-at-barama
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

চৰকাৰৰ এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে বৰমা আঞ্চলিক ছাত্ৰ সন্থাই । সংগঠনটোৱে চৰকাৰক শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনায় । অন্যথা পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : ভদীয়া বানে বিপৰ্যস্ত কৰিছে জাঁজীমুখবাসীৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.