Republic Day 2023: মুছলপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ

author img

By

Published : Jan 26, 2023, 4:34 PM IST

74th Republic Day observed at Mushalpur

আজি দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে ৭৪ তম গণৰাজ্য দিৱস (Republic Day 2023)৷ বাক্সা জিলাৰ সদৰ মুছলপুৰতো গণৰাজ্য দিৱস উপলক্ষে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই(Minister of Handlooms and Textiles Urkhao Gwra Brahma ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (Minister Urkhao Gwra Brahma hoisted flag)।

মুছলপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ

বাক্সা, 26 জানুৱাৰী: আজি 26 জানুৱাৰী ৷ আজিৰ দিনটোত দেশৰ লগতে সমগ্ৰ ৰাজ্যতে ৭৪ তম গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic Day 2023)৷ অসমৰ বিভিন্ন জিলাৰ লগতে বাক্সা জিলাৰ সদৰ মুছলপুৰতো দেশৰ ৭৪ তম গণৰাজ্য দিৱস উদযাপন কৰা হয় (74th Republic Day observed at Mushalpur)। এই অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই(Minister of Handlooms and Textiles Urkhao Gwra Brahma ) বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (Minister Urkhao Gwra Brahma hoisted flag)।

পতাকা উত্তোলন কৰি নিজৰ ভাষণত মন্ত্ৰী ব্ৰহ্মই অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে । তেওঁ কয়, "অসম এতিয়া আগৰ অসম নহয় ৷ শান্তি আৰু প্ৰগতিৰ অসম ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমখন আগবাঢ়ি গৈ আছে ৷ এনেক্ষেত্ৰত অসমত যিমানবোৰ উগ্ৰপন্থী সংগঠন আছে, আলফাকে ধৰি সকলোৱে আলোচনা প্ৰক্ৰিয়াত চামিল হোৱাটো বিচাৰো ৷ এইসময়ত এতিয়ালৈকে কেৱল চৰকাৰেই নহয় ৰাজ্যবাসীয়েও তেওঁলোক আলোচনাত বহাটো বিচাৰে ৷ আলফাই গণৰাজ্য দিৱস বৰ্জন কৰাৰ পিছতো ৰাইজৰ সহাৰি দেখিবলৈ পোৱা গৈছে ৷ অসমৰ কোনো ঠাইত এই বন্ধৰ কোনো সহাৰি তথা প্ৰভাৱ পেলাৱো নাই ৷ অসমৰ ৰাইজে আজি ভাৰতবাসী হিচাপে থাকিব বিচাৰে ৷ ভাৰতৰে অংগ হিচাপে অসমে যদি আগ্ৰগতিৰ দিশত আগবাঢ়ি যাব বিচাৰে তেনেহ’লে সকলো সম্ভৱ হ’ব ৷"

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদই আঁচনিৰ অধীনত পূৰ্বৰ মাহিলী ধন ১০০০ টকা ২০২২ৰ অক্টোবৰ মাহৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত ১৭ লাখ পৰিয়াল উপকৃত হৈছে । ৰাজ্যত সীমা বিবাদসমূহ পৰ্য্যায়ক্ৰমে সমাধান কৰা হৈছে ৷"

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাত সফলতা লাভ কৰা কেইবাজনো ব্যক্তিক পুৰষ্কৃত কৰা হয় ৷ এই অনুষ্ঠানত ই এম ঘনস্যাম দাস, বৰমা সমষ্টিৰ বিধায়ক ভুপেন বড়ো (MLA Bhupen bodo), জিলা উপায়ুক্ত এম. পৰ্টিন, আৰক্ষী অধীক্ষক ৰাজেন সিংৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: 74 th Republic Day in Assam: বৰপেটাত আয়োজিত গণৰাজ্য দিৱসত আকৰ্ষণীয় প্ৰতীক পট প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.