Olympicsৰ ছেমি ফাইনেলত মহিলা হকী দল : চৰ্চিত হৈছে Real LIfeৰ কবিৰ খান

author img

By

Published : Aug 2, 2021, 1:22 PM IST

Tokyo Olympics: With Indian women's hockey team creating history, fans compare coach Marijne to 'Kabir Khan'

সোমবাৰে অষ্ট্ৰেলিয়াক পৰাজিত কৰি অলিম্পিকৰ ছেমি ফাইনেল প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দলটো ৷ দলটোৰ এই বিজয়ৰ পাছতে চৰ্চিত হৈ পৰিছে প্ৰশিক্ষক জোৱাৰ্ড মাৰি (Sjoerd Marijne) ৷ মাৰিক Real LIfeৰ কবিৰ খান আখ্যা ক্ৰীড়া অনুৰাগীৰ ৷

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : সোমবাৰে প্ৰৱল প্ৰতাপী অষ্ট্ৰেলিয়াক পৰাজিত কৰি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দল ৷ এই বিজয়ৰ দ্বাৰাই অলিম্পিকৰ প্ৰথম চাৰিটা স্থানত উপনীত হৈ ইতিহাস ৰচিলে ভাৰতীয় দলটোৱে ৷ দলটোৰ বিজয়ৰ লগে লগে চৰ্চালৈ আহিছে এটা নাম ৷ দলটোৰ প্ৰশিক্ষক জোৱাৰ্ড মাৰি (Sjoerd Marijne)ৰ নাম ৷

অনুৰাগী সকলে প্ৰশিক্ষক জোৱাৰ্ড মাৰিক (Sjoerd Marijne) বলিউডৰ জনপ্ৰিয় বোলছবি ‘Chak de India’ত ভৰতীয় দলৰ প্ৰশিক্ষক চৰিত্ৰ কবিৰ খানৰ সৈতে তুলনা কৰিছে ৷ সোমবাৰে মহিলা হকী দলটোৰ জয়ৰ পিছতে দলটোৰ সৈতে এখন ফটো পোষ্ট কৰিছিল জোৱাৰ্ড মাৰিয়ে (Sjoerd Marijne) ৷ ছবিখনৰ শিৰোনামত তেওঁ লিখিছিল "Sorry family, I coming again later (sic)"

এই ছবিখন পোষ্ট কৰাৰ পিছতে অনুৰাগীসকলে তেওঁক কৰিব খানৰ চৰিত্ৰটোৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰে ৷

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে "Two people who transformed Indian women's hockey team. Kabir Khan (reel life). Sjoerd Marijne (real life)" | ইয়াৰ উপৰিও কেইবাগৰাকীয়ো ব্যৱহাৰকাৰীয়ে Chak de India ছবিখনৰ পৰা অভিনেতা শ্বাহৰুখ খানৰ এটি GIF শ্বেয়াৰ কৰে ৷

উল্লেখ্য যে, Chak de India ছবিখনত কবিৰ খানে ভাৰতীয় মহিলা হকী দলটোক বিশ্ব জয়ৰ বাবে প্ৰস্তুত কৰি তুলিছিল ৷ এই ছবিখনত ভাৰতীয় মহিলা হকী দলৰ প্ৰশিক্ষকৰ চৰিত্ৰ ৰূপায়ন কৰি শ্বাহৰুখে যথেষ্ট প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল ৷

সোমবাৰৰ মহিলা হকী দলৰ জয়ৰ পিছতে প্ৰশিক্ষক জোৱাৰ্ড মাৰিনেক (Sjoerd Marijne) কবিৰ খানৰ এই চৰিত্ৰটোত জীৱিত কৰি তুলিছে বুলি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক-Chak De India: অলিম্পিকত মহিলা হকীৰ ছেমি ফাইনেলত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.