Tokyo Paralympics: হুইল চেয়াৰতে বহি ইতিহাস ৰচিলে ভৱিনাবেন পেটেলে

author img

By

Published : Aug 28, 2021, 3:31 PM IST

Table Tennis player Bhavinaben Patel scripts history

ইতিহাস ৰচিলে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ ভৱিনাবেন পেটেলে(Bhavinaben Patel) । টকিঅ'ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিক(Paralympics)ত টেবুল টেনিছ(Table Tennis)ৰ ফাইনেলত প্ৰৱেশ ভৱিনাবেন পেটেলৰ । দেওবাৰে চীনৰ য়িং ঝৌৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব ভাৰতীয় খেলুৱৈগৰাকীয়ে ।

স্পৰ্টছ ডেস্ক, ২৮ আগষ্ট: পেৰা অলিম্পিকত টেবুল টেনিছ(Table Tennis)ৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে ভাৰতীয় খেলুৱৈ ভৱিনাবেন পেটেলে । ভৱিনাবেন হৈছে পেৰা অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী টেবুল টেনিছ খেলুৱৈ । শনিবাৰে ছেমি ফাইনেলত চীনৰ মিয়াও ঝাং(Miao Zhang)ৰ বিৰুদ্ধে যুঁজি ভৱিনাবেন পেটেলে ৩-২ পইণ্টৰ ব্যৱধানত জয় লাভ কৰে ।

দুৰ্দান্ত প্ৰদৰ্শনেৰে ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে ভাৰতীয় শিবিৰকো আশ্চৰ্যচকিত কৰিছিল । ৩৪ মিনিট ধৰি চলা খেলখনত তেওঁৰ প্ৰদৰ্শন আছিল এনে ধৰণৰ- ৭-১১, ১১-৭, ১১-৪, ৯-১১, ১১-৮ । দেওবাৰে বিশ্বৰ ভিতৰতে ১ নং স্থানত থকা চীনৰ খেলুৱৈ য়িং ঝৌৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব ভাৰতীয় খেলুৱৈগৰাকীয়ে । গুজৰাটৰ মেহছানা জিলাৰ সুন্ধিয়া গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী হসমুখভাই পেটেলৰ জীয়ৰী ভৱিনাবেন পেটেলে তেওঁৰ প্ৰতি থকা মানুহৰ ধাৰণক ভুল বুলি প্ৰমাণিত কৰি তেওঁৰ এই প্ৰথম পেৰা অলিম্পিকক স্মৰণীয় কৰি তুলিছে ।

তেওঁ কয় যে, "মই যেতিয়া ইয়ালৈ আহিছিলো, মই কেৱল ভাৱিছিলো যে, মই একো চিন্তা নকৰাকৈ ১০০ শতাংশ ভালদৰে খেলিবলৈ চেষ্টা কৰিম । যদি আপুনি ১০০ শতাংশ একাগ্ৰতাৰে খেলে, তেন্তে পদক লাভ কৰাটো নিশ্চিত । মই তেনেকৈয়ে ভাৱিছিলো ।"

পেটেলে ১২ মাহ বয়সতে পলিঅ'ত আক্ৰান্ত হৈছিল । পেটেলে ভাৱে যে, যদি তেওঁ দেশৰ জনসাধাৰণৰ আশীৰ্বাদ লৈ আত্মবিশ্বাসেৰে খেলে তেন্তে ফাইনেলত স্বৰ্ণ জয় কৰিব । তেওঁ কৈছে যে, তেওঁ ফাইনেলৰ বাবে সাজু আৰু ফাইনেলতো তেওঁ ১০০ শতাংশ উদ্যমেৰে খেলিব লাগিব । হুইল চেয়াৰত বহি খেলত অংশ লোৱা পেটেলে উদ্বোধনী খেলত পৰাজিত হৈছিল । কিন্তু পেটেলে তাৰ পুনৰাবৃত্তি হ'বলৈ সুযোগ নিদিলে ।

পৰৱৰ্তী দুখন খেলত ২-১ পইণ্টৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে । তৃতীয়খন খেল শেষ কৰিবলৈ পেটেলক মাত্ৰ চাৰি মিনিটৰ প্ৰয়োজন হৈছিল । নিৰ্ণায়ক পঞ্চম ছেটত পেটেলে ৫-০ পইণ্টৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে । কিন্তু ইয়াৰ পাছতে ৫-৯ত পিছ পৰি থকা ঝাঙে একেৰাহে তিনি পইণ্ট লাভ কৰি ৮-৯ ত উপনীত হয় ।

অৱশেষত ভৱিনাবেন পেটেলে জয় লাভ কৰে । ঝাঙক প্ৰথমবাৰৰ বাবে পেটেলে পৰাজিত কৰিছে । ইয়াৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে ১১ বাৰ লগ পাইছিল । অৱশ্যে, দেওবাৰে ফাইনেলত পেটেলে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ।

বুধবাৰে উদ্বোধনী খেলত ইতিমধ্যে ঝৌৰ হাতত পৰাস্ত হৈছে বাৰতীয় খেলুৱৈগৰাকী । শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত পেটেলে ২০১৬ চনৰ ৰিঅ' পেৰা অলিম্পিকৰ স্বৰ্ণ বিজয়ী আৰু বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ মহিলা টেবুল টেনিছ খেলুৱৈ ছাৰ্বিয়াৰ বৰিস্লাভা পেৰিক ৰেংকোভিচক পৰাস্ত কৰি পদক অৰ্জন কৰে । উল্লেখ্য যে, ১৩ বছৰ পূৰ্বে পেটেলে আহমেদাবাদৰ বস্ত্ৰপুৰ অঞ্চলৰ ব্লাইণ্ড পিপলছ এছ'চিয়েছনত টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল । তেওঁ আই আই টিৰ ছাত্ৰী আছিল ।

দৃষ্টিহীন শিশুসকলক টেবুল টেনিছ খেলি থকা পোৱাৰ পাছতে পেটেলে টেবুল টেনিছ খেলাৰ সিদ্ধান্ত লৈছিল । তেওঁ আহমেদাবাদৰ ৰোটাৰী ক্লাবক প্ৰতিনিধিত্ব কৰাৰ সময়ত এখন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল । থাইলেণ্ড টেবুল টেনিছত ৰূপৰ পদক লাভ কৰাৰ পাছতে তেওঁ বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ খ্যাতি লাভ কৰে ।

লগতে পঢ়ক:মানচেষ্টাৰ ইউনাইটেডলৈ প্ৰত্যাৱৰ্তন ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.