Tokyo Olympics : চতুৰ্থটো দিনত কি কি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাৰতীয় দলে ?

author img

By

Published : Jul 25, 2021, 10:55 PM IST

Tokyo Olympics Day 4 India schedule: Events, Times, Fixtures, Athletes

সোমবাৰে Tokyo Olympics ৰ চতুৰ্থ দিন ৷ এই দিনটোত ভাৰতীয় খেলুৱৈসকলে কি কি ইভেণ্টত অংশগ্ৰহণ কৰিব চাওক...

স্প’ৰ্টছ ডেস্ক, 25 জুলাই : টকিঅ’ অলিম্পিকত সোমবাৰে ভাৰতীয় দলে প্ৰায় দহটা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ দেওবাৰে ভাৰতীয় দলৰ প্ৰায় নিৰাশাজনক প্ৰদৰ্শনৰ পাচত সোমবাৰে খেলুৱৈসকলে ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷

টকিঅ' অলিম্পিকত সোমবাৰে ভাৰতীয় দলে অংশগ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীসমূহ তলত উল্লেখ কৰা ধৰণৰ-

ফেন্সিং (FENCING) - মহিলাৰ চাব্ৰে টেবুল (Women's Sabre Table) 64 ত শাখাত ভৱানী দেৱীৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বেন আজিজী নাদী - পুৱা 5.30 বজাত

আৰ্চাৰী (ARCHERY) - পুৰুষৰ দলৰ ৰাউণ্ড 16 ত অতনু দাস, প্ৰবীণ যাদৱ, তৰুণদীপ ৰায় – পুৱা 6.00 বজাত

পুৰুষৰ দলৰ পদক ৰাউণ্ড – পুৱা 10.15 বজাত

বেডমিণ্টন (BADMINTON) - পুৰুষৰ ডাবল গ্ৰুপ প্লে’ – সাতৱিক্সাইৰাজ ৰাংকিৰেড্ডী (Satwiksairaj Rankireddy) আৰু চিৰাগ চেট্টী (Chirag Shetty) অৱৰ্তীণ হ’ব মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন (Marcus Fernaldi Gideon)আৰু কেভিন সঞ্জয় চুকামুলজো (Kevin Sanjaya Sukamuljo)ৰ বিৰুদ্ধে – পুৱা 9.10 বজাত

টেনিছ (TENNIS)- সুমিত নাগাল বনাম দানিল মেদভেদেভ - পুৱা 10.30 বজাত

বক্সিং (BOXING)- মিডলৱেট – আশীষ কুমাৰ বনাম এৰ্বিকে টুহেটা – বিয়লি 3.06 বজাত

হকী (HOCKEY)- ভাৰতীয় দল বনাম জাৰ্মানী (মহিলা)– সন্ধিয়া 5.45 বজাত

চেইলিং (SAILING) - পুৰুষৰ লেজাৰ দৌৰ 3 – বিষ্ণু ছৰভানান – নিশা 8.35 বজাত

মহিলাৰ লেজাৰ ৰেডিয়েল দৌৰ 3 – নেত্ৰা কুমানন – পুৱা 11.05 বজাত

শ্বুটিং (SHOOTING)- পুৰুষৰ অৰ্হতা দ্বিতীয় দিন – অংগদ বাজৱা, মাইৰাজ আহমেদ খান – পুৱা 6.30 বজাত

ফাইনেল – দুপৰীয়া 12.20 বজাত

সাঁতোৰ (SWIMMING)- পুৰুষৰ 200 মিটাৰ ৱাটাৰ ফ্লাই হিট (Butterfly Heats) – সজন প্ৰকাশ – বিয়লি 3.46 বজাত

টেবুল টেনিছ (TABLE TENNIS) - পুৰুষৰ একক শাখা ৰাউণ্ড 2 – এ. শৰৎ কমল বনাম টিয়াগো এপোলোনিয়া – পুৱা 6.30 বজাত

মহিলাৰ একক শাখা ৰাউণ্ড 2 – সুতীৰ্থ মুখাৰ্জী বনাম ফু য়ু – পুৱা 8.30 বজাত

মহিলাৰ একক শাখা ৰাউণ্ড 3 – মণিকা বাত্ৰা বনাম চফিয়া পোলকানোভা – দুপৰীয়া 1.00 বজাত

  • (সকলোবোৰ সময়সূচী ভাৰতীয় সময় তালিকা অনুসৰি)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.