WIMBLEDON : নিজ আধিপত্যক পুনঃ প্ৰতিষ্ঠাৰ প্ৰয়াস চলাব ফেডেৰাৰে

author img

By

Published : Jul 6, 2021, 6:21 PM IST

Roger Federer has spoken about his struggles after won Wimbledon Championship quarter final

গোটেই বছৰটোত ইটোৰ পিছত সিটো সমস্যাই লগ এৰা দিয়া নাই ৰ'জাৰ ফেডেৰাৰ(Roger Federer)ক । সোমবাৰে উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত ৭-৫, ৬-৪, ৬-২ ছেটত লৰেঞ্জ' ছ'নেগ'ক পৰাস্ত কৰি অভিলেখ ৰচিলে টেনিছ তাৰকাগৰাকীয়ে । জয়ৰ পিছতে গোটেই বছৰটো ধৰি স্বাস্থ্যজনিত সমস্যা আৰু আন সমস্যাবোৰৰ সৈতে যুঁজি আগবাঢ়ি অহা এই যাত্ৰাৰ কথা সুঁৱৰিলে ৰ'জাৰ ফেডেৰাৰে ।

স্পৰ্টছ ডেস্ক, ৬ জুলাই : বাৰে বাৰে নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ সুযোগ এৰি নিদিয়ে টেনিছ তাৰকা ৰ'জাৰ ফেডেৰাৰে । আন বহু খেলুৱৈৰ সপোন স্বৰূপ বহু কেইখন টেনিচ চেম্পিয়নশ্বিপৰ বিজয়ীৰ ট্ৰফী অতি সহজেই জয় কৰে ফেডেৰাৰে । এই দক্ষতাৰ বাবে টেনিছ তাৰকাগৰাকীয়ে ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰে বাৰে বাৰে । কিন্তু এই যাত্ৰা আপুনি, মই ভবাৰ ধৰণে সহজ নহয় ।

একাগ্ৰতা, কঠোৰ অনুশীলন, জয়ী হোৱাৰ অদম্য হেঁপাহে এই সফল হোৱাৰ ক্ষেত্ৰত সদায়ে সহায় কৰে ৰ'জাৰ ফেডেৰাৰক । দক্ষতা থকা স্বত্বেও কেতিয়াবা কিছুমান বাধাই লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি কৰে । শেহতীয়াকৈ উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হোৱাৰ পাছত এটা বছৰে কৰিবলগীয়া হোৱা সংগ্ৰামৰ কথা মনত পেলাইছে ৰ'জাৰ ফেডেৰাৰে ।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব নে নাই, তাকে লৈ যথেষ্ট অনিশ্চয়তাত ভুগিছিল খেলুৱৈগৰাকীয়ে । ৪০ৰ দেওনাত ভৰি থ'বলৈ মাথোঁ এমাহ বাকী । বিগত বৰ্ষত চুইছ টেনিছ তাৰকাগৰাকীৰ সোঁ আঁঠুৰ দুটা আৰ্থ্ৰোস্কোপিক অস্ত্ৰোপচাৰ(Arthroscopic operation) সম্পন্ন হৈছিল ।

কোৱাৰ্টাৰ ফাইনেলৰ পিছত ফেডেৰাৰে মনৰ কথা প্ৰকাশ কৰি কৈছে যে, "যেতিয়া আমি সৰু থাকো, তেতিয়া আমি নিজকে এই প্ৰশ্নটো নকৰো । কিন্তু যেতিয়া আপুনি মোৰ সম বয়সীয়া হ'ব, তেতিয়া এই সকলোতে প্ৰশ্নবোধক চিহ্ন অনুভৱ কৰিব । আপুনি পুনৰ নিজকে প্ৰমাণ কৰিব লাগিব যে আপুনি প্ৰকৃততে এই কাম কৰিব পাৰে ।"

তেওঁ লগতে কয় যে, তেওঁ তথ্য লাভৰ বাবে লোকচান বহন কৰিবলৈও সাজু আছিল । তেওঁ আশা কৰিছিল যে, উইম্বলডন (Wimbledon ) আৰম্ভ হ'লে পুনৰ আগৰ দৰেই হ'ব সকলো পৰিস্থিতি । তেওঁ লগতে জানিবলৈ দিয়ে যে, তেওঁ তেতিয়াও বাহিৰলৈ যাব পাৰে আৰু পাঁচটাকৈ ছেট খেলিব পাৰে ।

তেওঁ লগতে কয় যে, খেলৰ ক্ষেত্ৰত এতিয়া তেওঁৰ কিছু উন্নতি হৈছে । পৰিস্থিতিৰ সৈতে তেওঁ অভ্যস্ত হৈ পৰিছে বুলিও মন্তব্য কৰে । সোমবাৰে উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon Championship)ৰ কোৱাৰ্টাৰ ফাইনেলত ৭-৫, ৬-৪, ৬-২ ছেটত লৰেঞ্জ' ছ'নেগ'ক পৰাস্ত কৰে টেনিছ তাৰকাগৰাকীয়ে । ছ'নেগ'ৰ সৈতে খেলা খেলখন উইম্বলডনত ফেডেৰাৰ ১১৮ সংখ্যক খেল আছিল ।

লগতে পঢ়ক:টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.