উইম্বলডন চেম্পিয়নশ্বিপৰ পৰা বাহিৰ ছানিয়া-বোপান্না

author img

By

Published : Jul 8, 2021, 2:00 PM IST

উইম্বলডন চেম্পিয়নশ্বিপৰ পৰা বাহিৰ ছানিয়া-বোপান্না

টকিঅ' গেমছ (Tokyo Games)ৰ পূৰ্বে এইখন ছানিয়া মিৰ্জা (Sania Mirza)ৰ অন্তিম প্ৰতিযোগিতা য'ত তেওঁ অংকিতা ৰাইনা Ankita Rainaৰ সৈতে মহিলাৰ ডাবলছত প্ৰতিদ্বন্দ্বিতা কৰিব । এই পৰাজয়ৰ সৈতে ভাৰতৰ গ্ৰাছ কোৰ্ট গ্ৰেণ্ড শ্লে’ম (Grass court Grand Slam)ত প্ৰত্যাহ্বান সমাপ্ত হয় ।

স্প’ৰ্টছ ডেস্ক, 8 জুলাই : উইম্বলডন চেম্পিয়নশ্বিপ (Wimbledon Championships)ৰ ষ্টপ-ষ্টাৰ্ট মিক্সড ডাবলছৰ তৃতীয় ৰাউণ্ডৰ তৃতীয়টো ছেটত পৰাজয়ৰ পিছত প্ৰতিযোগিতাখনৰ পৰা ভাৰতীয় দলটো বাহিৰ হ’বলগীয়া হয় । ৰোহন বোপান্না (Rohan Bopanna) আৰু ছানিয়া মিৰ্জা (Sania Mirza)ই প্ৰতিযোগিতাখনত জুলিয়েন ৰজাৰ (Jean Julien-Roger) আৰু আন্দ্ৰেজা ক্লেপেক (Andreja Klepac)ৰ হাতত 6-3, 3-6, 11-9 ছেটত পৰাস্ত হয় ৷ প্ৰতিযোগিতাখনত ৰোহন বোপান্না (Rohan Bopanna)ক তেওঁৰ ছাৰ্ভিচ গেম আৰু নেট খেলৰ সৈতে আত্মবিশ্বাসী হৈ থকাৰ বিপৰীতে ছানিয়া মিৰ্জা (Sania Mirza)ক ধাৰাবাহিকভাৱে চাপত থকা পৰিলক্ষিত হৈছিল ৷

ছানিয়া মিৰ্জা (Sania Mirza)ই প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা বেছি প্ৰতিযোগিতামূলক খেলা অংশ লোৱা নাই ৷ অৱশ্যে ছানিয়াই নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্য়াহত ৰাখিছে । নিৰ্ণায়ক খেলখনত ৫-৬ ত থাকিবলৈ ছানিয়া মিৰ্জা (Sania Mirza)ই চেষ্টা অব্যাহত ৰাখে যদিও ব্যৰ্থ হয় । টকিঅ' গেমছ (Tokyo Games)ৰ পূৰ্বে এইখন ছানিয়া মিৰ্জা (Sania Mirza)ৰ অন্তিম প্ৰতিযোগিতা য'ত তেওঁ অংকিতা ৰাইনা Ankita Rainaৰ সৈতে মহিলাৰ ডাবলছত প্ৰতিদ্বন্দ্বিতা কৰিব ।

এই পৰাজয়ৰ সৈতে ভাৰতৰ গ্ৰাছ কোৰ্ট গ্ৰেণ্ড শ্লে’ম (Grass court Grand Slam)ত প্ৰত্যাহ্বান সমাপ্ত হয় ।

লগতে পঢ়ক : Happy Birthday MS Dhoni : 40 বছৰীয়া হ’ল ‘Captain cool’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.