ফেডেৰাৰ-নাডালৰ প্ৰতিদ্বন্দিতা বিশ্বৰ 'শ্ৰেষ্ঠতম' ক্ৰীড়া প্ৰতিদ্বন্দিতা : পি.ভি. সিন্ধু

author img

By

Published : Nov 4, 2020, 10:11 PM IST

Federer-Nadal rivalry

ফেডেৰাৰ-নাডালৰ প্ৰতিদ্বন্দিতা বিশ্বৰ 'শ্ৰেষ্ঠতম' ক্ৰীড়া প্ৰতিদ্বন্দিতা বুলি মন্তব্য কৰে বেডমিন্টন তাৰকা পি.ভি. সিন্ধুয়ে ৷ ছানিয়া মিৰ্জাইও ফেডেৰাৰ আৰু নাডালক কিংবদন্তী বুলি মন্তব্য কৰে ৷

স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ : ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই কয় যে, ৰজাৰ ফেডেৰাৰ আৰু ৰাফেল নাডাল দুই কিংবদন্তী ৷ কেৱল প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবেই নহয়, দুয়োৰে ইজনৰ প্ৰতি সিজনৰ সন্মান আৰু আদৰ ভাৱ থকাৰ বাবেই দুয়ো কিংবদন্তী ৷

আন্তৰাষ্ট্ৰীয় প্ৰীমিয়াৰ টেনিছ লীগত (IPTL) পূৰ্বে মিৰ্জা আছিল এই দুই টেনিছ তাৰকাৰ দলৰ সদস্য ৷ মিৰ্জাই দুয়োগৰাকী খেলুৱৈৰ প্ৰতিদ্বন্দিতাৰ প্ৰকৃতি সম্পৰ্কত মন্তব্য কৰে ৷

Sania Mirza
ছানিয়া মিৰ্জা

এক তথ্যচিত্ৰত মিৰ্জাই কয়, "যিদৰে তেওঁলোকে ইজনে সিজনৰ বিষয়ে কেমেৰাৰ আগত আৰু পাচত মন্তব্য কৰে সেয়া অবিশ্বাস্য আৰু এয়া মই IPTL ত দেখা পাইছিলো ৷ সেই সময়ত মই ৰাফাৰ দলত আছিলো আৰু ইয়াৰ পাচৰ অথবা পূৰ্বৰ বছৰত ৰজাৰৰ দলত আছিলো ৷ তেওঁলোকে ইজনে সিজনৰ বিষয়ে বহুত ভালকৈ কয় ৷"

আনহাতে, ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধুয়ে বিশ্বাস কৰে যে, ফেডেৰাৰ আৰু নাডালৰ প্ৰতিদ্বন্দিতা ক্ৰীড়াজগতৰ শ্ৰেষ্ঠতম প্ৰতিযোগিতা ৷

সিন্ধুয়ে কয়, "মই ভাবো যে, ৰজাৰ আৰু ৰাফেল দুজন কিংবদন্তী আৰু দুয়োজনৰে খেলা উপভোগ কৰো ৷ দুয়োজনৰে ভিতৰত এজনক নিৰ্বাচন কৰাটো সম্ভৱ নহয় কিয়নো দুয়োজনে বিভিন্ন ষ্টাইলেৰে খেলত অংশগ্ৰহণ কৰে৷ দুয়োজনেই কিংবদন্তী ৷"

PV Sindhu
পি. ভি. সিন্ধু

তেওঁ লগতে কয়, "মই ভাবো এয়া টেনিছতে নহয়, সমগ্ৰ বিশ্বতে শ্ৰেষ্ঠতম প্ৰতিদ্বন্দিতা কিয়নো তেওঁলোক সঁচা অৰ্থত চেম্পিয়ন আৰু বিভিন্ন ধৰণে তেওঁলোকে আমাক অনুপ্ৰেৰিত কৰি আহিছে ৷ মই ক'ম যে, তেওঁলোকৰ খেলা প্ৰত্যক্ষ কৰাটো সঁচাকৈয়ে আমোদজনক ৷"

ফেডেৰাৰ-নাডালৰ এখন মেচে অলিম্পিকৰ ৰূপৰ পদকজয়ী সিন্ধুক কেৰিয়াৰৰ আৰম্ভণিতে অনুপ্ৰেৰণা যোগাইছিল ৷ তেওঁ কয়, "মিয়ামিত 2004 চনত অনুষ্ঠিত এখন মেচত সেই সময়ৰ এক নম্বৰৰ ফেডেৰাৰক পৰাস্ত কৰিছিল নাডালে ৷ বিশ্বৰ শীৰ্ষ স্থানৰ ফেডেৰাৰৰ বিৰুদ্ধে নাডালৰ জয়ে মোক সঁচাকৈয়ে অনুপ্ৰেৰণা যোগাইছিল ৷ 2012 চনত চাইনা মাষ্টাৰ্ছত অলিম্পিক চেম্পিয়ন লি ছুৱেৰুইৰ বিৰুদ্ধে জয় লাভো প্ৰায় একে আছিল ৷"

লগতে পঢ়ক : মহিলা টি-20 চেলেঞ্জৰ বাবে আগ্ৰহেৰে বাট চাইছোঃ হৰমনপ্ৰীত কৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.