প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ফেডাৰেৰ

author img

By

Published : Jun 17, 2021, 3:41 PM IST

Federer fails to make Halle Open quarterfinals for 1st time

ৰ’জাৰ ফেডাৰেৰে বুধবাৰে প্ৰথমবাৰৰ বাবে হেলে অপেনৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হ'বলৈ ব্যৰ্থ হয় ৷ ফ্লিক্স অগাৰ-এলিয়াচিমে দ্বিতীয় ৰাউণ্ডত প্ৰাক্তন চেম্পিয়নগৰাকীক ৪-৬, ৬-৩, ৬-২ ত হৰুৱাবলৈ সমৰ্থ হয় ৷

স্পৰ্টচ ডেস্ক, 17 জুন : ৰ’জাৰ ফেডাৰেৰে বুধবাৰে প্ৰথমবাৰৰ বাবে হেলে অপেনৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হ'বলৈ ব্যৰ্থ হয় ৷ ফ্লিক্স অগাৰ-এলিয়াচিমে দ্বিতীয় ৰাউণ্ডত প্ৰাক্তন চেম্পিয়নগৰাকীক ৪-৬, ৬-৩, ৬-২ ত হৰুৱাবলৈ সমৰ্থ হয় ৷

২০ বছৰীয়া অগাৰ-এলিয়াছিম ৰ’জাৰ ফেডাৰেতকৈ ১৯ বছৰ সৰু, যিয়ে অভিলেখ সংখ্যক ১০ বাৰ হেলে টুৰ্ণামেণ্ট জিকিবলৈ সক্ষম হৈছে । দুয়োজনৰে জন্মদিন একেটাই অৰ্থাৎ ৮ আগষ্টত ৷

ফেডাৰেৰে গ্ৰাছ-ক'ৰ্ট টুৰ্ণামেণ্টত তেওঁৰ 18তম কোৱাৰ্টাৰ ফাইনেল খেলিবলৈ গৈ আছিল ৷ কিন্তু দ্বিতীয় ছেটত তেওঁৰ যুৱ প্ৰতিদ্বন্দীৰ কৌশল পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ্থ হয় । অগাৰ-এলিয়াচিমে তেওঁৰ শক্তিশালী প্ৰদৰ্শনৰ দ্বাৰা বেকহেণ্ডক লক্ষ্য কৰি লৈছিল আৰু কানাডিয়ান খেলুৱৈজনে তিনিটা বিৰতিৰ সুযোগ সলনি কৰি 1 ঘণ্টা, 45 মিনিটত জিকিবলৈ সক্ষম হৈছিল ।

অগাৰ-এলিয়াচিমে পৰৱৰ্তী সময়ত আমেৰিকান কোৱালিফায়াৰ মাৰ্কোছ গিৰনৰ মুখামুখি হয় ৷ যিয়ে পিছত জাৰ্মানীৰ জান-লেনাৰ্ড ষ্ট্ৰাফক 6-7 (1) 6-3 6-4 ত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

ষ্ট্ৰাফে মঙলবাৰে শীৰ্ষস্থান প্ৰাপ্ত ৰাছিয়ান দানিল মেদভেদেভক হতবাক কৰিছিল । লগতে বুধবাৰে আন্দ্ৰে ৰুবেলভে অষ্ট্ৰেলিয়াৰ জৰ্ডান থম্পছনক ৬-৪ ৬-৪ ব্যৱধানত পৰাস্ত কৰে আৰু অভিজ্ঞ ঘৰুৱা প্ৰিয় ফিলিপ কোহল শ্ৰাইবাৰে ফ্ৰান্সৰ কোৰেণ্টিন মাউটেটক ৬-৪ ৭-৬ (৪)ত পৰাস্ত কৰে ।

লগতে পঢ়ক: কিমিনত একেদিনাই ১১ টা পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.