World Wrestling Championships : বিশ্ব কুস্তি চেম্পিয়নশ্বিপত নিৰাশ ৰবি দাহিয়া

author img

By

Published : Sep 17, 2022, 11:03 AM IST

World Wrestling Championships

বিশ্ব কুস্তি চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ'ল অলিম্পিক বিজয়ী ৰবি দাহিয়া (Ravi Dahiya out of medal contention)। ৫৭ কিলোগ্ৰাম অৰ্হতা ৰাউণ্ডত উজবেকিস্তানৰ গুলোমজন আব্দুল্লায়েভৰ হাতত পৰাস্ত হয় খেলুৱৈগৰাকী । সাগৰ জগলানে ৰিপেচেজত প্ৰৱেশ কৰাৰ পাছত পুৰুষৰ ৭৪ কিলোগ্ৰামত ব্ৰঞ্জৰ পদক জয়ৰ আশাত আছে ।

স্পৰ্টছ ডেস্ক,১৭ ছেপ্টেম্বৰ : ১০ ছেপ্টেম্বৰৰ পৰা ছাৰ্বিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত হৈছে বিশ্ব কুস্তি চেম্পিয়নশ্বিপ (World Wrestling Championships 2022)। এই প্ৰতিযোগিতাত ভাৰতৰো কেইবাগৰাকী কুস্তি খেলুৱৈয়ে অংশ লৈছে (Indian player at World Wrestling Championships)। ভাৰতীয় কুস্তি খেলুৱৈয়ে নিজৰ প্ৰদৰ্শনেৰে ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰিছে যদিও আশানুৰূপ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাই ।

অলিম্পিকত ৰূপ পদক বিজয়ী ৰবি দাহিয়াৰ প্ৰদৰ্শনেও নিৰাশ কৰিছে ভাৰতীয় দৰ্শকক । শুকুৰবাৰে ৫৭ কিলোগ্ৰাম অৰ্হতা ৰাউণ্ডত উজবেকিস্তানৰ গুলোমজন আব্দুল্লায়েভৰ হাতত পৰাস্ত হয় খেলুৱৈগৰাকী । লগে লগে কুস্তি বিশ্ব চেম্পিয়নশ্বিপত পদকৰ আশা ভংগ হ'ল ৰবি দহিয়াৰ (Ravi Dahiya out of medal contention)।

দাহিয়াই প্ৰথম ৰাউণ্ডত ১০-০ ত ৰোমানিয়াৰ ৰাজভান মাৰিয়ান কোভাক্সক কাৰিকৰী শ্ৰেষ্ঠতাৰ (১০-০) দ্বাৰা পৰাস্ত কৰিছিল । কিন্তু পৰৱৰ্তী খেলখন দাহিয়াৰ বাবে সহজ নাছিল কিয়নো ইয়াৰ পূৰ্বেও একাধিকবাৰ বিশ্বৰ ৩০ নম্বৰ আব্দুল্লায়েভৰ হাতত তেওঁ পৰাজিত হৈছিল (Ravi Dahiya loses to Gulomjon Abdullaev)। অৱশ্যে, বিশ্বৰ ২০ বছৰৰ অনুৰ্ধৰ ব্ৰঞ্জ পদক বিজয়ী সাগৰ জগলানে ৰিপেচেজত প্ৰৱেশ কৰাৰ পাছত পুৰুষৰ ৭৪ কিলোগ্ৰামত ব্ৰঞ্জৰ পদক জয়ৰ আশাত আছে ।

ৰবি দাহিয়া খেলৰ পৰা বাহিৰ হ'লেও ইফালে নবীন মালিকে উজবেকিস্তানৰ বিশ্বৰ ৪ নম্বৰ চিৰবাজ তালগাটক ৰিপেচেজৰ ৭০ কিলোগ্ৰাম শাখাৰ আৰম্ভণি ৰাউণ্ডত পৰাস্ত কৰি ব্ৰঞ্জৰ পদকৰ খেলখনত প্ৰৱেশ কৰিছিল । অৱশ্যে, ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কিৰগিজস্তানৰ এৰ্নাজাৰ আকমতালিয়েভৰ হাতত পৰাজিত হোৱাৰ পাছত নবীনৰ আশা ভংগ হয় ।

আনহাতে পুৰুষৰ ৭৪ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেল বাউটত ভাৰতৰ সাগৰ জগলান আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিবাৰৰ বিশ্ব চেম্পিয়ন বিজয়ী কাইল ডাকেৰ হাতত পৰাস্ত হয় । অৱশ্যে ডাকে ফাইনেললৈ যোৱাৰ লগে লগে জগলানে ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব । সমান্তৰালকৈ বিকিয হুদাও পোলেণ্ডৰ ৰাডোছল' মাৰ্চিনকিৱিজৰ হাতত প্ৰথম ৰাউণ্ডৰ বাউটত ৪-৩ ব্যৱধানত পৰাজিত হয় ।

লগতে পঢ়ক :বিশ্বজনীন ক্ৰীড়া এথলেটিকছত ইংৰাজী ভাষা জনাটোৱে সহায় কৰে: নীৰজ চোপ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.