টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ৰবি কুমাৰ দহিয়াৰ

author img

By

Published : Aug 4, 2021, 5:14 PM IST

Wrestler Ravi Kumar Dahiya storms into final, assured of silver medal

ৰবি কুমাৰ দহিয়াই টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ । ইয়াৰ পূৰ্বে ২০১২ চনত সুশীল কুমাৰে লণ্ডন অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল ৷

স্প’ৰ্টছ ডেস্ক, 4 আগষ্ট : টকিঅ’ অলিম্পিক (Tokyo Olympics)ত বুধবাৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় মল্লযুদ্ধা ৰবি কুমাৰে দহিয়াই (Ravi Kumar Dahiya)৷ ৰবি কুমাৰে কাজাখস্তানৰ নুৰইছলাম ছানায়েভ(Nurislam Sanayev of Kazakhstan)ক পৰাস্ত কৰি পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰী ষ্টাইলৰ ফাইনেলত প্ৰৱেশ কৰে । ইয়াৰ লগতে ৰবি কুমাৰে অলিম্পিকৰ পদকৰ লাভ কৰা কেডি যাদৱ, সুশীল কুমাৰ, যোগেশ্বৰ আৰু সাক্ষী মালিকৰ পিছত পঞ্চম ভাৰতীয় মল্লযোদ্ধা হিচাপে পৰিগণিত হয় ৷

ৰবি কুমাৰে দহিয়াই বৃহস্পতিবাৰে ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব ৷ ৰবি দহিয়াই ছেমি ফাইনেলৰ আৰম্ভণিত 2-1 পইন্টত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ বিৰতিৰ পাছত কাজাখস্তানৰ নুৰইছলাম ছানায়েভক সম্পূৰ্ণৰূপে চাপত ৰাখিছিল । নুৰইছলাম ছানায়েভে বিৰতিৰ পাছত পুনৰ প্ৰত্যাৱৰ্তন কৰিছিল যদিও দহিয়াই নিজৰ জয় নিশ্চিত কৰিবলৈ সক্ষম হয় । ৰবি কুমাৰে দাহিয়া ২০১২ চনত সুশীল কুমাৰৰ পিছত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ ।

আনহাতে পুৰুষৰ ফ্ৰী ষ্টাইল ৮৬ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ভাৰতৰ মল্লযুদ্ধা দীপক পুনিয়া (Wrestler Deepak Punia) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভিদ টেইলৰ(USA's David Taylor)ৰ হাতত ১০-০ পইন্টত পৰাস্ত হয় ।

লগতে পঢ়ক : স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.