বিশ্ব অলিম্পিক দিৱস: বিভিন্নজনে জনালে শুভেচ্ছা

author img

By

Published : Jun 23, 2021, 5:33 PM IST

অলিম্পিক দিৱস: প্ৰধানমন্ত্ৰীৰ পৰা পিটি ঊষাৰ শুভেচ্ছা

অলিম্পিকত ব্যৱহাৰ কৰা প্ৰতীক বা অলিম্পিকৰ পাঁচটা ভিন্নৰঙী বৃত্তই পাঁচখন মহাদেশ (এছিয়া, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ)ৰ একতাক চিহ্নিত কৰে ।

নিউজ ডেস্ক, 23 জুন : আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ৷ অলিম্পিক বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা ৷ অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলিও গণ্য কৰা হয় ৷ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ কৰা হয় ।

বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে 1894 চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে ৷ তেতিয়াৰে পৰা অলিম্পিক কমিটিয়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে । অলিম্পিকত ব্যৱহাৰ কৰা প্ৰতীক বা অলিম্পিকৰ পাঁচটা ভিন্নৰঙী বৃত্তই পাঁচখন মহাদেশ (এছিয়া, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ)ৰ একতাক চিহ্নিত কৰে । বিশ্ব বিভিন্ন দেশৰ ক্ৰীড়া তাৰকাসকলে আজি দিনটো বিভিন্ন ধৰণে উদযাপন কৰে ৷

ভাৰত চৰকাৰে ভাৰতীয় দলটোক "নৈতিক সমৰ্থন" প্ৰদান কৰিবলৈ এটা অনলাইন কুইজ অনুষ্ঠিত কৰি আছে । কুইজটোৰ উদ্দেশ্য হৈছে টকিঅ' অলিম্পিকত ভাৰতীয় অংশগ্ৰহণৰ বিষয়ে দেশবাসীৰ মাজত সজাগতা সৃষ্টি কৰা । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ উপলক্ষে আজি দেশৰ ক্ৰীড়া জগতৰ লগত জড়িত তাৰকা আৰু বিশিষ্ট ব্যক্তি বিশেষে টুইটযোগে শুভেছা জনায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)য়ে সকলো ভাৰতীয় অলিম্পিয়ানক টুইটযোগে অলিম্পিক দিৱসৰ শুভেচ্ছা জনায় ।

প্ৰধানমন্ত্ৰীয়ে অলিম্পিকৰ বিভিন্ন শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা সকলো খেলুৱৈক প্ৰশংসা কৰে । মোডীয়ে লগতে ক্ৰীড়াক্ষেত্ৰত তেওঁলোকৰ অৱদান আৰু আন খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ দিশত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক লৈ দেশ গৌৰৱান্বিত বুলি টুইটত উল্লেখ কৰে । ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডৰ ৰাণী (Queen of Indian Track and Field) খ্যাত পি টি ঊষা (P T USHA) অলিম্পিক দিৱসৰ শুভেচ্ছা জনায় কয় যে, এবাৰ এজন অলিম্পিয়ান, সদায় এজন অলিম্পিয়ান । ই আপোনাক শিকোৱা মূল্যবোধবোৰ চিৰকাল থাকে ।

মোৰ দৈনন্দিন জীৱনত এই মূল্যবোধবোৰ গঢ়ি তুলিবলৈ শিকিছিল আৰু ই মোক বহুদূৰ লৈ আনিছে । সকলোকে শুভকামনা জনাইছো ৷ #OlympicDay!

অলিম্পিক পদক বিজয়ী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ে (Col Rajyavardhan Singh Rathore) টুইটত শুভেচ্ছা জনাই কয় যে, আপোনাৰ ভিতৰত খেলুৱৈজনক জাগ্ৰত কৰক । প্ৰতি সপ্তাহত আপোনাৰ প্ৰিয় খেলৰ বাবে সময় উলিয়াওক । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ শুভেচ্ছা সকলোলৈ ৷

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু (Kiren Rijiju)ৱে সমগ্ৰ বিশ্বৰ অলিম্পিয়ান, খেলুৱৈ আৰু ক্ৰীড়া উৎসাহী সকলক অলিম্পিক দিৱসৰ শুভেচ্ছা জনায় ৷ তেওঁ টুইটত অলিম্পিকৰ মনোভাৱে সমগ্ৰ বিশ্বৰ লোকসকলক একেলগে থাকিবলৈ অনুমতি দিয়ে বুলি উল্লেখ কৰে । উৰিষ্যাৰ জিমাষ্টিয়ান তথা অলিম্পিকৰ পদক বিজয়ী দীপা কৰ্মকাৰে (Dipa Karmakar) টুইটত বিশ্ব অলিম্পিক দিৱসৰ শুভেচ্ছা জনাই উত্তৰ পূৱৰ বহু খেলুৱৈয়ে অলিম্পিকত গৌৰৱ অৰ্জন কৰাত সন্তোষ ব্যক্ত কৰে ৷

বেটমিণ্টন খেলুৱৈ পি ভি সিন্ধু (P. V. Sindhu)ৱে অলিম্পিক দিৱসৰ শুভেচ্ছা জনায় ৷ তেওঁ জুলাইত সকলোৱে বিশ্ব ক্ৰীড়াৰ বাবে একত্ৰিত হয় বুলি টুইটত উল্লেখ কৰে ৷ এইদৰে প্ৰধানমন্ত্ৰীৰ উপৰিও বহুকেইজনে বিশ্ব অলিম্পিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : প্ৰসংগ NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত গোচৰ আভিজিৎ শর্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.