FIFA World Cup 2022 : জাৰ্মানীৰ বিৰুদ্ধেও জয়ৰ লক্ষ্য স্পেইনৰ প্ৰশিক্ষক এনৰিকৰ

author img

By

Published : Nov 24, 2022, 2:13 PM IST

Spain

স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকে এই কথাত জোৰ দিছে যে বুধবাৰে কোষ্টা ৰিকাৰ বিৰুদ্ধে তেওঁৰ দলৰ ৭-০ গ'লৰ বিজয়ে দেওবাৰে জাৰ্মানীৰ বিৰুদ্ধে তেওঁলোকৰ পৰৱৰ্তী খেলৰ বাবে চলাই থকা প্ৰস্তুতিত কোনো প্ৰভাৱ নেপেলায় (Spain coach Luis Enrique) । আনহাতে, জাৰ্মানীৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে স্পেইনৰ প্ৰশিক্ষক এনৰিকে ।

স্পৰ্টছ ডেস্ক, ২৪ নৱেম্বৰ : অঘটনেৰে আৰম্ভ হৈছে এইবাৰৰ ফিফা বিশ্বকাপ (FIFA World Cup 2022) । ইকুৱেডৰৰ হাতত আয়োজক কাটাৰৰ পৰাজয়, চৌডি আৰবৰ হাতত আৰ্জেণ্টিনাৰ পৰাজয় তথা জাপানৰ হাতত পূৰ্বৰ চেম্পিয়ন জাৰ্মানীয়ে পৰাজয়বৰণ কৰাটো এইবাৰৰ বিশ্বকাপৰ অন্যতম ওলট-পালট (Qatar World Cup Football) । তাৰ মাজতে স্পেইনে কোষ্টা ৰিকাক ৭-০ বৃহৎ ব্যৱধানত পৰাস্ত কৰে (Spain flying start 2022 World Cup campaign) ।

এই জয়ৰ পিছত স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকে (Spain coach Luis Enrique) এই কথা জোৰ দি কৈছে যে বুধবাৰে কোষ্টা ৰিকাৰ বিৰুদ্ধে তেওঁৰ দলৰ ৭-০ গ'লৰ বিজয়ে দেওবাৰে জাৰ্মানীৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা তেওঁলোকৰ পৰৱৰ্তী খেলৰ প্ৰস্তুতিত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে । উল্লেখ্য, স্পেইনে তেওঁলোকৰ ২০২২ চনৰ বিশ্বকাপ অভিযানৰ এক দূৰন্ত আৰম্ভণি কৰিছে । কিন্তু বুধবাৰে জাপানৰ হাতত অবিশ্বাস্যভাৱে ২-১ গ'লত পৰাজয়বৰণ কৰিবলগা হোৱা জাৰ্মানীয়ে পৰৱৰ্তী মেচত প্ৰবল আত্মবিশ্বাসী হৈ থকা প্ৰতিদ্বন্দ্বী দল স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । কিন্তু জাৰ্মানীৰ বাবে এই মেচখন হৈছে অস্তিত্ব ৰক্ষাৰ যুঁজ । কিয়নো জাৰ্মানীৰ বাবে আন এটা পৰাজয়ৰ অৰ্থ হৈছে প্ৰতিযোগিতাৰ পৰা বাহিৰ ওলোৱা । আনহাতে, জাৰ্মানীৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে স্পেইনৰ প্ৰশিক্ষক এনৰিকে ।

"মই জানো যে দলটোৱে মেচখনত কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰিব নোৱাৰে । আমি জাৰ্মানীৰ সৈতে খেলিবলৈ গৈ আছোঁ আৰু আমি একেটা কৰিবলৈ চেষ্টা কৰিম । আমি সদায় একেধৰণে খেল খেলিবলৈ চেষ্টা কৰিম ।" ছিনহুয়াৰ এক প্ৰতিবেদনত তেওঁৰ এই উদ্ধৃতি দিয়া হৈছে । এনৰিকে লগতে কয়, "মোৰ কোনো সন্দেহ নাই যে আমাৰ তীব্ৰতা হয়তো আৰু অধিক হ'ব । কিয়নো জাৰ্মানী হৈছে এনে এক পক্ষ যিয়ে আমাক অনুপ্ৰাণিত কৰে ।"

উল্লেখ্য, স্পেইনে আৰম্ভণিৰ পৰা শেষলৈকে কোষ্টা ৰিকাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল (Spain dominated Costa Rico), নিয়মীয়া ব্যৱধানত গ'ল আহিছিল : দানি অ'লমোৱে স্ক'ৰিং আৰম্ভ কৰিছিল, ফেৰান টৰেছে দুবাৰকৈ গ'ল কৰিছিল আৰু মাৰ্কোছ এছেঞ্চিও, গাভি, কাৰ্লোছ চোলাৰ আৰু আলভাৰো মোৰাতা সকলোৱে গ'ল কৰিছিল । আনহাতে, স্পেইনে এতিয়ালৈকে বিশ্বকাপত কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কাটাৰত কৰে । 1998 চনত দলটোৱে পূৰ্বৰ 6-1 ব্যৱধানত জয়ী হোৱাৰ ৰেকৰ্ড এইবাৰ ভংগ কৰে (Spain recorded biggest win in World Cup) ।

ইফালে ১৮ বছৰ আৰু ১১০ দিনত দিয়া গাভিৰ গ'লটোৱে তেওঁক বিশ্বকাপত গ'ল কৰা সৰ্বকনিষ্ঠ স্পেনিছ খেলুৱৈ হিচাপে পৰিগণিত হৈছে (youngest Spanish player to score in World Cup) । "এইখন আমাৰ বাবে এক বিশেষ খেল আছিল । আমি যথাসম্ভৱ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ আৰু ই নিখুঁতভাৱে কাম কৰিছে ।" এনৰিকে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে । "স্পেইনে সাধাৰণতে টুৰ্ণামেণ্ট ভালদৰে আৰম্ভ নকৰে, কিন্তু সাধাৰণতে ভালদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এটা দলৰ বিৰুদ্ধে সকলোৱে একত্ৰিতভাৱে কাম কৰিছিল আৰু আমি খেলৰ প্ৰায় প্ৰতিটো দিশতে উৎকৃষ্ট আছিলোঁ ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :FIFA World Cup 2022: 92 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰাণ পাঠেৰে আৰম্ভ ফিফা বিশ্বকাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.