টকিঅ' পেৰালিম্পিকৰ পদক বিজয়ী খেলুৱৈৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

author img

By

Published : Sep 12, 2021, 4:32 PM IST

Updated : Sep 13, 2021, 6:22 AM IST

PM Modi

এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টকিঅ' পেৰালিম্পিকত অংশ লোৱা খেলুৱৈসকলৰ লগত বাৰ্তালাপ কৰে । অনুষ্ঠানত খেলুৱৈ সকলে প্ৰধানমন্ত্ৰী বিশেষ উপহাৰ দিয়া দেখা গ'ল ।

স্পৰ্টছ ডেস্ক,১২ ছেপ্টেম্বৰ : টকিঅ' পেৰালিম্পিকত ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা পেৰা খেলুৱৈসকলৰ (Para-athletes) সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) বিশেষ বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰী মোডী আৰু খেলুৱৈ সকলৰ বাৰ্তালাপৰ এটা ভিডিঅ' দেওবাৰে প্ৰকাশ কৰা হয় । ৯ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাসগৃহত টকিঅ' ২০২০ পেৰালিম্পিক (Tokyo Paralympic) গেমছৰ ভাৰতীয় দলটোৰ সৈতে বাৰ্তালাপ কৰে । দলটোত পেৰা খেলুৱৈসকলৰ লগতে প্ৰশিক্ষকসকলো উপস্থিত থাকে ।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলোকক এই গেমছত তেওঁলোকৰ অভিলেখ ভংগকাৰী ঐতিহাসিক প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে তেওঁলোকৰ এই সাফল্যই দেশৰ সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব আৰু উদীয়মান খেলুৱৈসকল ক্ৰীড়াৰ প্ৰতি আৰু বেছি আগ্ৰহী হ'ব । তেওঁ লগতে কয় যে, ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনে ক্ৰীড়া সম্পৰ্কে সজাগতা সৃষ্টিত যথেষ্ট সহায় কৰিব ।

পেৰা খেলুৱৈসকলেও তেওঁলোকক আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে, তেওঁলোকৰ সফলতাক বৃহৎ সাফল্য বুলি অভিহিত কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মাতি আনি বাৰ্তালাপ কৰাৰ বাবে তেওঁলোক গৌৰৱান্বিত ।

কেইবাগৰাকী খেলুৱৈয়ে প্ৰধানমন্ত্ৰীক ক্ৰীড়া সঁজুলি (sporting equipment) উপহাৰ দিয়াও দেখা গৈছে । যিবোৰ খেলৰ সামগ্ৰীৰ সৈতে তেওঁলোকে টকিঅ' অলিম্পিকত পদক লাভ কৰিছে সেইবোৰত স্বাক্ষৰ কৰি প্ৰধানমন্ত্ৰীক উপহাৰ দিছে । টকিঅ' পেৰালিম্পিকত ৯ টা ক্ৰীড়া শাখাত ৫৪ গৰাকী পেৰা-খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰিছিল । য'ত ভাৰতে মুঠ ১৯ টা পদক লাভ কৰিছে ।

লগতে পঢ়ক :নীৰজ চোপ্ৰাৰ আন এক কি আশা পূৰণ হ'ল ?

Last Updated :Sep 13, 2021, 6:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.