Tokyo Paralympics: কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় পেডলাৰ ভবিনা পেটেল

author img

By

Published : Aug 27, 2021, 9:57 AM IST

Bhavina Patel beats Joyce de Oliveira

টকিঅ' পেৰালিম্পিকত ভাৰতে পদক অৰ্জন কৰাৰ কিছু আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে । টেবুল টেনিছত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় খেলুৱৈ ভবিনা পেটেলে ।

স্পৰ্টছ ডেস্ক, ২৭ আগষ্ট: টকিঅ' পেৰালিম্পিকত (Tokyo Paralympics) ভাৰতে এতিয়ালৈ এটাও পদক অৰ্জন কৰিব পৰা নাই যদিও আশা এতিয়াও মাৰ যোৱা নাই । কেইবাগৰাকী খেলুৱৈয়ে সম্প্ৰতি উন্নত প্ৰদৰ্শন দেখুৱাইছে । টেবুল টেনিছত ভবিনা পেটেলৰ (Bhavina Patel) প্ৰদৰ্শনে পদক অৰ্জনৰ সম্ভাৱনা আৰু বৃদ্ধি কৰিছে ।

কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ভবিনা । ব্ৰাজিলৰ জয়েছ ডি অলিভিয়েৰাক (Joyce de Oliviera) ৩-০ পইণ্টত পৰাস্ত কৰি পেৰালিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে । ভবিনাই জয়েছক তিনিটা পোনপটীয়া ছেটত ক্ৰমে ১২-১০, ১৩-১১, ১১-৬ ত পৰাস্ত কৰি খেলখন নিজৰ হাতত আনিবলৈ সক্ষম হয় ।

প্ৰথম অৱস্থাত ব্ৰাজিলৰ খেলুৱৈগৰাকীয়ে ভাল প্ৰদৰ্শন কৰিছিল যদিও ভবিনাই তাতকৈও উন্নত প্ৰদৰ্শনেৰে তিনিওটা ছেটতে অগ্ৰগতি লাভ কৰে । প্ৰথম দুটা ৰাউণ্ড অতি ৰোমাঞ্চকৰ আছিল । অৱশ্যে তৃতীয় ৰাউণ্ডৰ খেলখনত ভাৰতীয় ভবিনাই একপ্ৰকাৰ কোনো সুবিধাই নিদিলে ব্ৰাজিলৰ খেলুৱৈ জয়েছ ডি অলিভিয়েৰাক ।

ইফালে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এক ৰোমাঞ্চকৰ খেলত ভবিনাই গ্ৰেট ব্ৰিটেইনৰ মেগান শ্বেলটনক (Megan Shackleton) ৩-১ পইণ্টত পৰাস্ত কৰিছিল । আনহাতে ভাৰতৰ পেৰা টেবুল টেনিছ খেলুৱৈ সোনালবেন পেটেল বৃহস্পতিবাৰে মহিলা ছিংগলছৰ গ্ৰুপ ডি-ত দক্ষিণ কোৰিয়াৰ লী মি-জিউৰ বিৰুদ্ধে পৰাজিত হয় । মি-জিউৱে সোনালবেনক ৩-১ পইণ্টত পৰাস্ত কৰে ।

লগতে পঢ়ক :Tokyo Paralympics: গ্ৰুপ Dৰ প্ৰথম মেছত পৰজায় পেডলাৰ সোণালবেন মনুভাই পেটেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.